06
Mar
ভাৰতীয় বিমান পৰিবহন খণ্ডত নতুনকৈ আত্মপ্ৰকাশ কৰা জেটৱিংছ এয়াৰৱেজে এলায়েন্স এয়াৰৰ তীব্ৰ প্ৰত্যাহ্বান-প্ৰতিদ্বন্দ্বিতাৰ মাজতে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্ত, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবাটাও বিমান বন্দৰলৈ পোনপটীয়াভাৱে সেৱা আগবঢ়াবলৈ উড়ান আৰচিএছ ৫.৩ৰ অধীনত ১২টা ছেক্টৰত সেৱা আৰম্ভ কৰি সৰ্ববৃহৎ ব্যক্তিগত অপাৰেটৰ হিচাপে অৱতীৰ্ণ হৈছে। উড়ান আৰচিএছ ৫.৩ ৰাউটৰ অধীনত জেটৱিংছ এয়াৰৱেজে গুৱাহাটী, পাকয়ং, কোচবিহাৰ, কুশীনগৰ, গয়া, বৰেলী, কানপুৰ আৰু আগ্ৰা বিমানবন্দৰলৈ বিমান চলাচল কৰিব। জেটৱিংছ এয়াৰৱেজ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিমান, যিয়ে এই বৰ্ষৰ পৰা আধুনিক ডেক টাৰ্বো ফেন ৰিজনেল জেট বিমানৰ সৈতে বাণিজ্যিক পথত নিজৰ ফিক্সড উইং বিমান পৰিচালনা কৰিব। জেটৱিংছে প্ৰথম ৫ বছৰত ৪২খন বিমান অধিগ্ৰহণ আৰু পৰিচালনা কৰাৰ…
