01
Aug
এলগী ইকুইপমেণ্টছ লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা আৰু ভাৰতৰ সৰ্ববৃহৎ গেৰেজ সঁজুলি নিৰ্মাতা এটিএছ ইএলজিআই (ATS ELGI)য়ে স্পেইনস্থিত বাহন টেষ্টিং সঁজুলিৰ ক্ষেত্ৰখনত বিশ্বব্যাপী যথেষ্ট সমাদৰ থকা ভিটিইকিউ (VTEQ)ৰ সৈতে ইয়াৰ উৎপাদন চুক্তি স্বাক্ষৰৰ ঘোষণা কৰিছে। ই ভাৰতৰ অটোমোটিভ সেৱা সঁজুলিৰ সৰ্ববৃহৎ নিৰ্মাতা আৰু বিতৰক আৰু দেশৰ আটাইতকৈ বহল পৰিসৰৰ গেৰেজ সঁজুলি আগবঢ়াব। ই ৭৫০০ বৰ্গফুটৰ এক বিশ্ব শ্ৰেণীৰ উৎপাদন স্থান স্থাপন কৰি কম মূল্যত ভাৰতীয় বজাৰৰ বাবে আমদানি কৰা বাহন টেষ্টিং সঁজুলি আগবঢ়াব। সঁজুলিসমূহৰ ভিতৰত আছে ব্ৰেক, চাচপেনশ্বন, শ্লীপ আৰু স্পিডো টেষ্টাৰ, এক্সেল প্লে ডিটেক্টৰ আৰু ষ্টিয়েৰিং গিয়াৰ প্লে। এটিএছ ইএলজিআই লিমিটেডৰ পৰিচালনা সঞ্চালক প্ৰবীণ তিৱাৰীয়ে কয়, "আমি তেওঁলোকৰ সৈতে…
