30
May
২৫ মে’ৰ পৰা উত্তৰাখণ্ডৰ তেহৰী জিলাৰ নৰেন্দ্ৰ নগৰত ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত G20ৰ G20 দুৰ্নীতি বিৰোধী কৰ্মকৰী গোটৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকখন উদ্বোধন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটে। এই বৈঠকত G20ৰ সদস্য ৰাষ্ট্ৰ, ১০খন আমন্ত্ৰিত দেশ আৰু ৯টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৯০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। দুৰ্নীতি বিৰোধী এই বৈঠকৰ প্ৰথম দিনাই দুৰ্নীতিমুক্ত পৃথিৱীৰ ওপৰত বিশেষভাৱে আলোচনা অনুষ্ঠিত হয়। বৈঠকৰ সময়ত ইটালীৰ G-20ৰ সহ-সভাপতি জিঅ'ভানি টাৰ্টাগ্লিয়া পোলাচিনিয়ে মুকলি অধিবেশনত মূল ভাষণ প্ৰদান কৰে। ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটেও বৈঠকখন সম্বোধন কৰে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে…
