বাংলাদেশী নাগৰিকৰ পুশ্ববেকক কেন্দ্ৰ কৰি উত্তপ্ত শ্ৰীভূমি সীমান্ত! সন্মুখ সমৰত বিএছএফ-বিজিবি

বাংলাদেশী নাগৰিকক পুশ্ববেক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত। সীমান্তৱৰ্তী নিলামবজাৰৰ বিলবাৰী অঞ্চলত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে কৰ্তৃপক্ষই।

বিশেষ সূত্ৰৰ তথ্য অনুসৰি, বাংলাদেশৰ নিউ পহ্লাথল সীমান্তৰে একাংশ বাংলাদেশী নাগৰিকক নিজ দেশলৈ ওভতাই পঠোৱাৰ প্ৰচেষ্টা চলাইছিল ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ)। এই পুশ্ববেক প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই সীমান্তত উত্তেজনাৰ সূচনা হয়।

তাৰ পিছতে মুখামুখি অৱস্থানত অৱতীৰ্ণ হয় বিএছএফ আৰু বাংলাদেশ সীমান্তৰক্ষী বাহিনী (বিজিবি)। সূত্ৰটোৰ দাবী অনুসৰি, পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ সময়ত গুলীচালনাৰ ভাবুকিও প্ৰদান কৰে বিজিবিয়ে।

অৱশ্যে এই দাবীৰ কোনো আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়ালৈকে কৰা হোৱা নাই। ঘটনাটোক লৈ বিএছএফ বা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰাও কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

বৰ্তমান সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে প্ৰশাসনে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে নিৰাপত্তা বাহিনীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *