ভাৰতত ফিটনেছ সঁজুলিৰ স্বয়ংক্ৰিয় উৎপাদনৰ ক্ষেত্ৰত এক অগ্ৰগামী প্ৰতিষ্ঠান জেৰাই ফিটনেছ লিমিটেড-এ লাষ্ট ৱান ষ্টেণ্ডিং মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এয়া হৈছে দেশৰ ভিতৰতে প্ৰথমটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি আৰু সহনশীলতাৰ প্ৰতিযোগিতা, য’ত মাৰ্চেণ্ডাইজ আৰু ফিটনেছ এক্সেছৰিজ পাৰ্টনাৰ হিচাপে ৰীবক জড়িত হৈ আছে। এই অনুষ্ঠানটোক কেৱল এটা ফিটনেছ প্ৰতিযোগিতাই নহয়, এক বৃহৎ আন্দোলন হিচাপে পৰিকল্পনা কৰা হৈছে, যিয়ে সমগ্ৰ দেশৰ ফিটনেছ প্ৰেমী, খেলুৱৈ, জিমলৈ যোৱা লোক আৰু দৈনন্দিন প্ৰত্যাহ্বান গ্ৰহণ কৰা ব্যক্তিসকলক এটা উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব।
এই এদিনীয়া চেম্পিয়নশ্বিপৰ বাবে পঞ্জীয়ন আজিৰে পৰা মুকলি হ’ব আৰু ইয়াৰ প্ৰথম সংস্কৰণ ২০২৬ চনৰ ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব। প্ৰথম সংস্কৰণৰ বাবে অংশগ্ৰহণ কেৱল প্ৰথম ৫০০গৰাকী নামভৰ্তি কৰা লোকৰ মাজতে সীমাবদ্ধ থাকিব। প্ৰতিযোগিতাখনৰ বাবে পঞ্জীয়ন কৰিবলৈ অংশগ্ৰহণকাৰীসকলে www.lastonestanding.in ৱেবচাইটত দৰ্শন কৰিব পাৰিব।
এনে এটা সময়ত যেতিয়া নিষ্ক্ৰিয় জীৱনশৈলী ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে, য’ত লাষ্ট ৱান ষ্টেণ্ডিঙৰ লক্ষ্য হৈছে মানুহক নিজৰ শাৰীৰিক শক্তি, সহনশীলতা, অনুশাসন আৰু ধৈৰ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰা। ফিটনেছ মানে কেৱল বাহ্যিক চেহেৰাতকৈ যে বহু বেছি— এই আস্থাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই চেম্পিয়নশ্বিপে অংশগ্ৰহণকাৰীসকলক নিজৰ শৰীৰ আৰু মনে প্ৰকৃততে কিমান দূৰলৈ যাব পাৰে, তাক অন্বেষণ কৰিবলৈ প্ৰত্যাহ্বান জনায়।
পৰম্পৰাগত প্ৰতিযোগিতাসমূহৰ বিপৰীতে যিবোৰ কেৱল এটা নিৰ্দিষ্ট শাখা বা ব্যায়ামৰ ওপৰত কেন্দ্ৰিত, লাষ্ট ৱান ষ্টেণ্ডিঙত সামগ্ৰিক প্ৰদৰ্শনৰ এক তীব্ৰ পৰীক্ষা ল’বলৈ কেইবাটাও ফিটনেছ প্ৰত্যাহ্বানক একেলগ কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে স্কোৱাটছ, বেঞ্চ প্ৰেছ, ডেডলিফ্ট, পুল-আপছ, জায়েণ্ট বেট ৰান আৰু এয়াৰ বাইক বা চাইক্লিং আদিকে ধৰি ৬টা ভিন্ন ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিব। প্ৰতিটো ইভেণ্টকে আচল বা কেঁচা শক্তি আৰু সহনশীলতাৰ পৰা আৰম্ভ কৰি ক্ষিপ্ৰতা, ভাৰসাম্য আৰু মানসিক দৃঢ়তালৈকে— ফিটনেছৰ একো একোটা ভিন্ন দিশ পৰীক্ষা কৰাকৈ প্ৰস্তুত কৰা হৈছে।
এই প্ৰতিযোগিতাখন নিজৰ অন্তৰ্ভুক্তিমূলক গাঁথনিৰ বাবেও ব্যতিক্ৰমী। ১৮ বছৰৰ ওপৰৰ যিকোনো পুৰুষ আৰু মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, য’ত বয়স আৰু ওজনৰ গোট অনুসৰি শ্ৰেণীসমূহ বিভক্ত কৰা হৈছে। পুৰুষৰ শাখাত ৩০ বছৰৰ অনুৰ্ধ্ব আৰু ৩০ বছৰৰ উৰ্ধ্বত শ্ৰেণী থাকিব, আনহাতে মহিলাৰ শাখাত ২৫ বছৰৰ অনুৰ্ধ্ব আৰু ‘২৫ বছৰৰ উৰ্ধ্বত শ্ৰেণী অন্তৰ্ভুক্ত থাকিব।
অংশগ্ৰহণকাৰীসকলে প্ৰথমে গ্ৰুপ ৰাউণ্ডত প্ৰতিদ্বন্দিতা কৰিব, য’ত আটাইকেইটা ছটা ইভেণ্টতে পইণ্ট অৰ্জন কৰিব লাগিব। প্ৰতিটো শ্ৰেণীত সৰ্বাধিক মুঠ পইণ্ট লাভ কৰা খেলুৱৈগৰাকীয়ে সন্মানীয় লাষ্ট ৱান ষ্টেণ্ডিং খিতাপ অৰ্জন কৰিব।
প্ৰতিটো ইভেণ্টৰ বিজয়ীয়ে লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ, আনহাতে চূড়ান্ত শ্ৰেণীৰ বিজয়ীসকলক বাম্পাৰ পুৰস্কাৰ আৰু বিশেষ স্বীকৃতি প্ৰদান কৰা হ’ব। সামগ্ৰিকভাৱে, এই প্ৰতিযোগিতাত ছটা সুকীয়া ইভেণ্টৰ অতিৰিক্ত শ্ৰেণীৰ বিজয়ীসকলৰ সৈতে চাৰিজন মূল বিজয়ীক মুকুট পিন্ধোৱা হ’ব।
নিকা ভাব, সুৰক্ষা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ, সমগ্ৰ প্ৰদৰ্শন প্ৰমাণিত ৰেফাৰীৰ দ্বাৰা পৰ্যবেক্ষণ আৰু বিচাৰ কৰা হ’ব।
এই অনুষ্ঠান আৰু ইয়াৰ শুভাৰম্ভণিৰ সন্দৰ্ভত জেৰাই ফিটনেছৰ পৰিচালন সঞ্চালক তথা লাষ্ট ৱান ষ্টেণ্ডিঙৰ পৰিকল্পনাকাৰী ৰাজেশ ৰায়ে এই বিষয়ে কয় যে:
“আজিকালি সুবিধাবাদী জীৱনশৈলীয়ে আমাৰ জীৱনৰ পৰা শাৰীৰিক পৰিশ্ৰম আৰু চলাচল হ্ৰাস কৰি পেলাইছে। আমাৰ শৰীৰবোৰ অবিশ্বাস্য শক্তিৰ অধিকাৰী, তথাপিও আমি সেইবোৰক অতি কম প্ৰত্যাহ্বান জনাওঁ। লাষ্ট ৱান ষ্টেণ্ডিং হৈছে সহনশীলতা, অনুশাসন আৰু ধৈৰ্যৰ সেই মনোভাৱক ঘূৰাই অনাৰ আমাৰ এক প্ৰয়াস। এই মঞ্চখন কেৱল অভিজাত বা শীৰ্ষস্থানীয় খেলুৱৈসকলৰ বাবেই নহয়, বৰং নিজক পৰীক্ষা কৰিবলৈ আৰু নিজৰ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰিবলৈ সাজু থকা প্ৰতিজন ব্যক্তিৰ বাবে সজাই তোলা হৈছে।”
এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অংশগ্ৰহণকাৰীয়ে যোগদান কৰিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাৰ সমান্তৰালভাৱে এই অনুষ্ঠানত দৰ্শক সংযোগ ক্ষেত্ৰ, শৰীৰৰ ক্লান্তি দূৰীকৰণ ক্ষেত্ৰ, পোনপটীয়া অভিজ্ঞতা আৰু ফিটনেছ সমাজৰ অংশগ্ৰহণো দেখা যাব, যিয়ে এক উচ্চ শক্তি সম্পন্ন ফিটনেছ উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিব।
ভাৰতবৰ্ষ বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ফিটনেছ বজাৰ হিচাপে আত্মপ্ৰকাশৰ পৰিপ্ৰেক্ষিতত জেৰাই ফিটনেছে বিশ্বাস কৰে যে লাষ্ট ৱান ষ্টেণ্ডিং দেশখনৰ বাবে এক ঐতিহাসিক ফিটনেছ সম্পদ হৈ পৰাৰ সম্ভাৱনা আছে— যিয়ে মানুহক শাৰীৰিকভাৱে সক্ৰিয় হ’বলৈ, প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আৰু প্ৰকৃততে কি কৰিবলৈ সক্ষম তাক অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।
কাৰণ যেতিয়া শক্তি হ্ৰাস পায় আৰু চাপ বৃদ্ধি পায়, তেতিয়া মাত্ৰ এটা প্ৰশ্নই বাকী ৰৈ যায়:
কোন হ’ব শেষলৈকে টিকি থকা একমাত্ৰজন।
জেৰাই ফিটনেছ লিমিটেড(“জেৰাই ফিটনেছ”)ৰ ৰিবকৰ দ্বাৰা চালিত ‘লাষ্ট ৱান ষ্টেণ্ডিং’ মুকলি – ভাৰতৰ শক্তি, সহনশীলতা আৰু মানসিক শক্তিৰ চূড়ান্ত পৰীক্ষা
