03
Jul
ভেনিজুৱেলাৰ উত্তৰ প্ৰান্তত হোৱা বিধ্বংসী ভূমিকম্পৰ পাছত জৰুৰীকালীন সাহায্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ভাৰতে অপাৰেচন অমিষ্টাদ নামৰ এটা মানৱীয় অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বৈশ্বিক মঞ্চত প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে নিজৰ ভূমিকাক পুনৰবাৰ প্ৰমাণ কৰিছে।ভাৰতীয় বায়ুসেনাৰ দুখন চি-১৭ বিমানেৰে এটা ৪১ জনীয়া বিশেষজ্ঞ চিকিৎসা দল, ভাৰতীয় সেনাৰ এটা ফিল্ড হাস্পতাল ইউনিট, দৰব-পাটি, থলুৱাভাৱে নিৰ্মিত দুটা ভীষ্ম কিউব আৰু প্ৰায় ৩৫ টন সাহায্য সামগ্ৰী হিন্দন বায়ুসেনা ঘাটিৰ পৰা ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত এটাৰ পাছত আনটোকৈ অহা দুটাকৈ শক্তিশালী ভূমিকম্প(ৰিখটাৰ স্কেলত যাৰ প্ৰাবল্য আছিল ৭.২ আৰু ৭.৫)ৰ পাছত এই অভিযান হাতত লোৱা হৈছে। এই ভূমিকম্পত বৰ্তমানলৈকে ২৩৫তকৈও…
