16
Jan
সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বিমানকোঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি তীৰ্থ মেধিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ এই শুভ দিন তথা পহিলা মঘাৰ দিনত বিমানকোঠ মণ্ডল কাৰ্যালয়টো শুভ উদ্বোধন কৰা হ’ল। অস্থায়ী কাৰ্যালয় আজি শুভ-উদ্বোধন কৰা হৈছে যদিও অনাগত সময়ত স্থায়ীকৈ চাৰি মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হ’ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশখন আগুৱাই লৈ গৈছে। যোৱা তিনিমাহ ধৰি ভাৰতীয় জনতা…