06
May
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম - মেঘালয় সীমান্তৰ কিছু নিলগত থকা কুলসী হাইস্কুলত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত আৰু চি আই এছ এফৰ আই অ চি ইউনিটৰ। সহযোগত ৪ মে'ত কেৰিয়াৰ বিষয়ক এক সজাগতা মূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । কাৰ্যসূচীত বিদ্যালয়খনৰ অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰী সকলে ভাগ লয় । আনহাতে কুলসীৰ আঞ্চলিক বন বিষয়া দ্বীপন ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কাৰ্যসূচীত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাই উপস্থিত ছাত্ৰ ছাত্ৰী সকলক এ পি এছ চি পৰীক্ষাকে ধৰি বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ হলে কেনেদৰে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিব লাগে সেই…
