16
May
দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , সংবৰ্ধনৰ বাবে অলপ তে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই অহা ১৭ মে'ত দিনযোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে গুৱাহাটী পৌৰ নিগমে যোৱা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত নীতি বর্হিভূত ভাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে বৃহত্তৰ অঞ্চলটোৰ পৰিবেশ প্ৰদূষিত কৰিছে । আনকি বিলৰ চাৰিওফালে থকা ১৬ খনকৈ গাঁওৰ বাসিন্দা বিভিন্ন অচিন ৰোগৰ কবলত পৰি চিকিৎসকৰ কাষ চাপিব লগা হৈছে । যাৰ বাবে ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবীত…
