উত্তৰ-পূৱ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকচ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত প্ৰাইজমানি ১০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২৩ জুনৰ পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰিবলগীয়া ১০ কিলোমিটাৰ দূৰত্বৰ প্ৰতিযোগিতাখনত প্ৰতিযোগী সকলৰ অংশগ্ৰহন উদ্যোক্তাই কামনা কৰিছে। পুৰুষ-মহিলা উভয়ৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰথমৰ পৰা পঞ্চম স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক ক্ৰমে পাচ,চাৰি,তিনি,দুই আৰু এহেজাৰকৈ টকা পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে প্ৰতিযোগীসকলে ৬৯০১৮৫৬৬৯৬,৯৯৫৭৭৪৫৯৩৪ নম্বৰত লগতে assamathleticsassociation@gmail.com আৰু gsaghy1958@gmail.comত ই-মেইলযোগে অহা ২২ জুনৰ পূৰ্বে নামসমূহ প্ৰেৰণ কৰিব লাগিব।  প্ৰতিযোগিতাখনৰ ফ্লেগ অফৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী প্ৰস্ততি পৰাশৰ,বৰষা ৰাণী বিষয়া,শ্যামন্তিকা…
Read More
চয়নিকা গগৈলৈ অসম অলিম্পিক সন্থাৰ ৫০,০০০ পুৰস্কাৰ ঘোযণা

চয়নিকা গগৈলৈ অসম অলিম্পিক সন্থাৰ ৫০,০০০ পুৰস্কাৰ ঘোযণা

ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪১ সংখ্যক এছিয়ান ট্ৰেক চাইক্লিং চেম্পি্য়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে অসমৰ চয়নিকা গগৈ নেতৃত্বাধীন ভাৰতীয় চাইক্লিং দলটোৱে। নতুন দিল্লীত শণিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট ইভেন্টত ভাৰতীয় দলটোৱে এই সফলতা অৰ্জন কৰে। ব্ৰঞ্জ জয়ৰ যুঁজত ভাৰতে উজবেকিস্তানক পৰাস্ত কৰে। এছিয়ান ট্ৰেক চাইক্লিং চেম্পি্য়নশ্বিপৰ ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট চাইক্লিং ভাৰতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪.৪৪ মিনিটত সম্পূৰ্ণ কৰে।ভাৰতীয় দলটোৰ এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সাধাৰণ সম্পাদক ড০ তপন দাসে অভিনন্দন জনাইছে। ইফালে, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ভাৰতীয় দলটোৰ লগতে অসম জীয়ৰী চয়নিকা…
Read More
হিমা দাস-অম্লান বৰগোঁহাইলৈ আৰ্থিক সাহাৰ্য্য অসম এথলেটিকচ সন্থাৰ

হিমা দাস-অম্লান বৰগোঁহাইলৈ আৰ্থিক সাহাৰ্য্য অসম এথলেটিকচ সন্থাৰ

সদ্যসমাপ্ত ৬১ তম্ ৰাষ্ট্ৰীয় চিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকচ প্ৰতিযোগিতাত দীৰ্ঘদিনীয়া শাৰীৰিক আঘাতৰ অন্তত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰ্জুন হিমা দাসে আগন্তুক কমনৱেলথ গেমছত  ৪ x ১০০ মিটাৰ দৌৰৰ মহিলাৰ শাখাত দেশক প্ৰতিনিধিত্ব কৰিব ।খেলুৱৈগৰাকীৰ অনুশীনত সহায় হোৱাকৈ অসম এথলেটিকচ সন্থাই ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে। লগতে আন এগৰাকী প্ৰতিভাৱান দৌৰবিদ অম্লান বৰগোঁহাইয়ে ইতিমধ্যেই বহুকেইটা পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। খেলুৱৈগৰাকীৰ প্ৰশিক্ষণাৰ্থে অসম এথলেটিকচ সন্থাই ৫০ হাজাৰ টকা আগবঢ়োৱাৰ কথা সদৰী কৰিছে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কো‍ঁৱৰে।
Read More
ফিফা বিশ্বকাপত দৰ্শকক ৰাজকীয় অনুভৱ কৰোৱাৰ লক্ষ্যৰে মৰুভূমিত কাটাৰ চৰকাৰে নিৰ্মান কৰিব ১০০০ পৰম্পৰাগত বাডুইন টেণ্ট

ফিফা বিশ্বকাপত দৰ্শকক ৰাজকীয় অনুভৱ কৰোৱাৰ লক্ষ্যৰে মৰুভূমিত কাটাৰ চৰকাৰে নিৰ্মান কৰিব ১০০০ পৰম্পৰাগত বাডুইন টেণ্ট

 ফিফা বিশ্বকাপ ২০২২ ক বিশাল কৰি তুলিবলৈ কাটাৰ চৰকাৰে দিনে দিনে নতুন ব্যৱস্থা কৰি আছে। সমুদ্ৰতীৰৰ ক্ৰুজত অনুৰাগীসকলক স্থান দিয়াৰ উপৰিও, চৰকাৰে দৰ্শকৰ বাবে পৰম্পৰাগত ১০০০ টা বাডুইন টেণ্ট বনোৱাৰ সিদ্ধান্ত লৈছে। এই টেণ্টবোৰত সকলো ধৰণৰ সুবিধা থাকিব। মেনেজমেণ্টে আশা কৰিছে যে ২৮ দিনীয়া ফিফা বিশ্বকাপলৈ ১.২ নিযুত দৰ্শক আহিব। ই কাটাৰৰ জনসংখ্যাৰ প্ৰায় আধা। ইয়াৰ বাবে কাটাৰৰ প্ৰায় হোটেল বুকিং সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতিত, কাটাৰ চৰকাৰে অনুৰাগীসকলক ৰাজকীয় অনুভৱ কৰোৱাৰ লক্ষ্যৰে মৰুভূমিত এটা পৰম্পৰাগত বেদুইন টেণ্ট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। সংখ্যাটো হ'ব ১০০০। এই টেণ্টবোৰত সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব। প্ৰতিযোগিতাখনৰ আয়োজক ডেলিভাৰী আৰু উত্তৰাধিকাৰীৰ সৰ্বোচ্চ সমিতি ওমৰ আল-জাবেৰে…
Read More
২০২৬ ফিফা বিশ্বকাপৰ আয়োজক চহৰ লছ এঞ্জেলছ-টৰণ্টো- মেক্সিকো চিটি

২০২৬ ফিফা বিশ্বকাপৰ আয়োজক চহৰ লছ এঞ্জেলছ-টৰণ্টো- মেক্সিকো চিটি

লছ এঞ্জেলছ, টৰণ্টো আৰু মেক্সিকো চিটিক ২০২৬ ফিফা বিশ্বকাপৰ বাবে আয়োজক চহৰসমূহৰ ভিতৰত নিৰ্বাচিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে, এই গোলকীয় প্ৰতিযোগিতাখন তিনিখন দেশত অনুষ্ঠিত হ'ব। তিনিখন দেশ হৈছে আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু মেক্সিকো। ফুটবলৰ গোলকীয় সংস্থা ফিফাই বিশ্বকাপৰ বাবে ১৬ খন চহৰ ঘোষণা কৰে, যাৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰত ১১ খন, মেক্সিকোত তিনিখন আৰু কানাডাত দুখন চহৰ। অৱশ্যে, এই প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু অন্তিমখন খেল ক'ত খেলা হ'ব তাৰ কোনো ইঙ্গিত নাই। চিয়েটল, চান ফ্ৰাঞ্চিস্কো, লছ এঞ্জেলছ, কানছাছ চিটি, ডালাছ, আটলাণ্টা, হিউষ্টন, বষ্টন, ফিলাডেলফিয়া, মিয়ামি আৰু নিউয়ৰ্ক চিটিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত খেলসমূহ আয়োজন কৰিব, আনহাতে মেক্সিকোত খেলসমূহ মেক্সিকো চিটি, গুয়াডালাজাৰা আৰু মণ্টেৰীত…
Read More
গুৱাহাটীত  পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰ মুকলি

গুৱাহাটীত  পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰ মুকলি

গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত আজি কেইবজনো বিশিষ্ট চিকিৎসকৰ উপস্থিতত  পোহনীয়া জীৱ জন্তুৰ বিভিন্ন  চিকিৎসাৰ বাবে  ' ভেট গেলেক্সি' নামেৰে এটি হেলথ কেয়াৰ আৰু ডায়গনেষ্টিক কেন্দ্ৰ মুকলি কৰা হয় । ভেট গেলেক্সি কেন্দ্ৰটো  মুকলি কৰে পশু চিকিৎসালয়ৰ  জ্যেষ্ঠ চিকিৎসক ডাঃ ভবেন বৈশ্যই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক ডাঃ নৱকুমাৰ শৰ্মা,ডাঃ কবিতা শৰ্মা, ডাঃ চন্দন সিং, ডাঃ ছৈয়দ আৰিফ, ডাঃ ছাবিনা য়াচমিন, ডাঃ চয়ানিকা দাস, ডাঃ প্ৰিয়া মুক্তান, ডাঃ লুকু বুঢ়াগোহাঁই, ডাঃ স্নেহাংশু সিনহা আৰু অলি ডেকা সিনহা । এই ভেট  গেলেক্সী চেণ্টাৰটোত পোহনীয়া কুকুৰ, মেকুৰীকে ধৰি বিভিন্ন জন্তুৰ  উন্নত চিকিৎসা, জীৱ- জন্তুৰ তেজৰ নমুনা পৰীক্ষাৰ লগতে  অস্ত্ৰোপচাৰো  ব্যৱস্থা আছে। তদুপৰি…
Read More
কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণ শুভাৰম্ভ:

কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণ শুভাৰম্ভ:

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত  কেন্দ্র ,  যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়,  ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ যৌথ  উদ্যোগত ১৫ জুনৰ পৰা আৰম্ভ হৈছে  কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা  অনুষ্ঠানত কামৰূপ জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিমলা প্রসাদ দেউৰী, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী তথা  চি. বি. বি. অ'ৰ ভাৰপ্ৰাপ্ত  বিষয়া প্রমোদ চন্দ্র ডেকা, ইফকোৰ (IFFCO) উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱন্ধক অজিত ভট্টাচাৰ্যৰ উপৰি কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞ , বিজ্ঞানী  উপস্থিত আছিল।  আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে   কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞ…
Read More
ৰবীন্দ্ৰ ভৱনত  “পথাৰ”ৰ  নাট মেলাত নাট্যকাৰ স্বপ্না দত্ত ডেকাৰ  ৰচিত বুৰঞ্জীমূলক নাট  “দৃষ্ট – অদৃষ্ট” মঞ্চস্থ

ৰবীন্দ্ৰ ভৱনত  “পথাৰ”ৰ  নাট মেলাত নাট্যকাৰ স্বপ্না দত্ত ডেকাৰ  ৰচিত বুৰঞ্জীমূলক নাট  “দৃষ্ট – অদৃষ্ট” মঞ্চস্থ

অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অসমৰ ৰাজ্যপালৰ সচিব ,  নাট্যকাৰ  আৰু অভিনেত্ৰী হিচাপেও ছাত্ৰ জীৱনৰ পৰাই    বিশেষ সুনাম থকা  স্বপ্না দত্ত ডেকাই অসম বুৰঞ্জীৰ এচোৱা ঘটনাবহুল  সময়ৰ  সমান্তৰালকৈ এগৰাকী ৰাণীৰ মৰ্মবেদনা আৰু  পুৰুষতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ কাহিনীক লৈ ৰচনা কৰা  "দৃষ্ট - অদৃষ্ট" নাটখন  ১৫ জুনৰ সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় । বিশেষকৈ অসম বুৰঞ্জীত থকা জোঙাল বলহু  আৰু আৰিমত্তৰ বীৰত্বৰ  কাহিনী , এঘাঁৰ শতিকাৰ জীতাৰি  বংশৰ ৰজা প্রতাপচন্দ্ৰৰ বীৰত্বৰ কাহিনী , ৰজাৰ অহংকাৰ , আপাত দৃষ্টিৰে দেখা নোপোৱা বহু ঘটনা - দুৰ্ঘটনাক  অদৃষ্টৰ লিখন বুলি মানি লোৱা এটা ধাৰণা আদিক নাটখনৰ মাজেৰে নাট্যকাৰে সুন্দৰকৈ ফুটাই তুলিবলৈ প্ৰয়াস…
Read More

হাজোৰ একাদি চ’কত মাছৰ উজান

বিগত কেইবাদিন ধৰি অহা মুষলধাৰ বৰষুনে প্লাৱিত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাজোৰ ভিন্ন প্ৰান্ত।প্ৰতি মূহুৰ্ততে সলনি হৈছে বান পৰিস্থিতি।হাজো সমষ্টিৰ অন্তৰ্গত চৌমুখা বজাৰৰ নিকটৱৰ্তী বৰলীয়া নৈৰ মথাউৰি ছিগাৰ ফলত প্লাৱিত হৈছে উত্তৰ হাজো। হাজোৰ একাদি চ'ক বজাৰত একাঠু পানীত এতিয়া মাছৰ উজান।ৰাইজে জাল,প'লৰে মাছ মৰাত ব্যস্ত।মোনা ভৰাই মাছ মাৰিছে ৰাইজে।ইয়াৰ মাজতে চৰকাৰলৈ আৰ্থিক সাহাৰ্যৰ বাবে আবেদন জনাইছে বানত প্লাৱিত দুৰ্ভগীয়া পৰিয়াল সকলে।
Read More

গৌৰীপুৰত দাউ দাউকৈ জ্বলিল এখন বাহন বাহন

মুষলধাৰ বৰষুণৰ মাজতে গৌৰীপুৰত দাউ দাউকৈ জ্বলিল এখন বাহন বাহন ৷ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বলদমাৰাত সংগঠিত হৈছে এই ঘটনাটো। উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ শেষ নিশা দাউ দাউ জ্বলিল চাৰিচকীয়া বিলাসী বাহন খন।জানিব পৰা মতে নিমিষতে বাহন খন জ্বলি-পুৰি ভষ্মীভুত হয় । কি কাৰণত বাহন খন এনেদৰে জ্বলি উঠিলে সেয়া ৰহস্যজনক ৷এতিয়ালৈকে জানিব পৰা হোৱা নাই ইয়াৰ প্ৰকৃত ৰহস্য ৷দিনে নিশাই মষুলধাৰ বৰষুণ চলি থকা সময়তে কেনেদৰে জ্বলিল এই বিলাসী বাহন খন ? ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
Read More