উত্তৰ-পূৱ

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ  গোটৰ  উদ্যোগত অম্বুবাচীত কামাখ্যা মন্দিৰ চৌহদত চাফাই অভিযান , ভক্তক  খোৱাপানী  যোগান

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ  গোটৰ  উদ্যোগত অম্বুবাচীত কামাখ্যা মন্দিৰ চৌহদত চাফাই অভিযান , ভক্তক  খোৱাপানী  যোগান

শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰ চৌহদত ২২ জুনৰ পৰা আৰম্ভ হোৱা  অম্বুবাচী মহোৎসৱত দেশ - বিদেশৰ লক্ষাধিক ভক্তৰ  সমাগম হৈছে । অহা ২৬ জুনত অম্বুবাচী মহোৎসৱৰ সামৰণি পৰিব । আনহাতে বহু স্বেচ্ছাসেৱী  আৰু দাতব্য  সংগঠনে দেশ বিদেশৰ অহা ভক্ত সকলক প্ৰশাসনে নির্ধাৰণ কৰি দিয়া নীতি নিময় অনুসৰি খোৱাপানী , খাদ্য যোগানকে ধৰি বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি  চমুকৈ  এন এছ এছ গোটৰ  উদ্যোগত  ২৪ জুনত শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰত চৌহদত  অম্বুবাচী মহোৎসৱ উপলক্ষে  অহা ভক্তসকলক বিনামূলীয়াকৈ খোৱাপানী যোগান ধৰা হয়।  গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ  গোটৰ  কাৰ্যসূচী বিষয়া   ডঃ ঋতুপৰ্ণ বৰাৰ…
Read More
কাঁহিকুছিৰ  ই টি চিৰ বিষয়া – কৰ্মচাৰীৰ উদ্যোগত বৰভাগ মৌজাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ

কাঁহিকুছিৰ  ই টি চিৰ বিষয়া – কৰ্মচাৰীৰ উদ্যোগত বৰভাগ মৌজাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ

ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ - উপনৈৰ পানী সামান্য কমিছে যদিও বান পৰিস্থিতিৰ বিশেষ উন্নতি সাধন হোৱা পৰিলক্ষিত হোৱা নাই । আনকি চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায় আগবঢ়োৱাৰ সমান্তৰাল ভাৱে বহু দল -  সংগঠন আৰু স হৃদয়বান ব্যক্তিয়েও বানাক্ৰান্ত ৰাইজক খাদ্যকে   ধৰি বিভিন্ন  লাগতিয়াল সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম চৰকাৰৰ  ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন  প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিৰ এটা বিষয়া -  কৰ্মচাৰীৰ দলে নলবাৰী জিলাৰ বৰভাগ মৌজাত ২৪ জুনত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰি তেওঁলোকৰ দুখ - দুৰ্দশাৰ বুজ লয় । ই টি চিৰ…
Read More
কেৰিয়াৰক নতুন গতি প্ৰদান কৰিব এডুভাইডেনে

কেৰিয়াৰক নতুন গতি প্ৰদান কৰিব এডুভাইডেনে

২৫জুন নৱপ্ৰজন্মক ২১ শতিকাৰ অন্যতম চাহিদা থকা ডাটা ছায়েন্স আৰু ডাটা এনালাইটিক্সৰ দৰে প্ৰায়োগিক কৌশলৰ শিক্ষাদানৰ উদ্দেশ্যে আগবাঢ়ি  এডুভাইডেন। এই প্রতিষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে শিক্ষার্থীসকলৰ আগত আদৰ্শ দাঙি ধৰা, যাতে তেওঁলোকে বৰ্তমানৰ বজাৰত উপলব্ধ বিভিন্ন পেছাৰ বিষয়ে এক সামগ্রিক ধাৰণা লাভ কৰিব পাৰে -এইদৰে কয় প্ৰতিষ্ঠানটোৰ চি ই অ' ইন্ডিয়াক হকে। শনিবাৰে  এডুভাইডেনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-শিক্ষাৰ্থীসকলক সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে আমি ব বিভিন্ন কেৰিয়াৰ বিকল্পৰ এক দিশ-নির্দেশনাও প্রদান কৰিব বিচাৰিছো। বৰ্তমানৰ বজাৰ মূল্যৰ তুলনাত সামান্য পৰিমাণতেই এডুভাইডেনে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক বজাৰৰ উপযুক্ত পাঠ্যক্ৰম গ্ৰহণ কৰাত সহায় কৰিছে। এডুভাইডেনৰ মেণ্টৰ তথা…
Read More

জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিশাল সমদল লৈ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথৰ জাগুন শ্বহীত বেদীৰ কাষত প্ৰতিবাদ। জাগুন দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ। জাগুন আৰক্ষী চকীৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সংগঠনটোৰ লগতে প্ৰায় পাঁচ শতাধিক স্থানীয় লোকৰ। ইতিমধ্যে মাৰ্ঘেৰিটা স্থিত কাৰ্যবাহী দণ্ডাধীশ পথ অৱৰোধ স্থলীত উপস্থিত হৈ প্ৰতিবাদ কাৰিৰ স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰআশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উঠাই লয় যদিও দলং নিৰ্মাণ নকৰা পৰ্য্যন্ত কোনো প্ৰকাৰে ক্ষান্ত থকা নহব বুলি হুংকাৰ প্ৰদান কৰে।
Read More

হাজোৰ দিহিনা, ভোমা, বাগটা , হৈনাদি ,জাপিয়া আদি অঞ্চলত বান পৰিদৰ্শন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

কামৰূপ জিলাৰ হাজো সমষ্টিত এইবেলি প্ৰলয়ংকাৰী বানৰ কবলত বহু লোকে বৰ্তমানো আশ্ৰয় শিবিৰত বসবাস কৰি আছে। বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও স্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই । ভেটি মাটি বুৰ গৈ আশ্ৰয় শিবিৰত থকা লোক সকলৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আজি উপস্থিত হয় বিধায়িকা সুমন হৰিপ্ৰীয়া ।হাজোৰ দিহিনা, ভোমা, বাগটা , হৈনাদি ,জাপিয়াত উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বান বিভিষীকাৰ দৰে জটিল পৰিস্থিতিৰ সন্মূখীন হোৱা দিশহাৰা ৰাইজৰ দুখৰ সমভাগি হয় বিধায়িকা সুমন হৰিপ্ৰীয়া।
Read More
৫০ জন চিত্রশিল্পীৰ “চিত্র-কর্মশালা”

৫০ জন চিত্রশিল্পীৰ “চিত্র-কর্মশালা”

ভাৰতৰ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ ৪৬ সংখ্যক প্রতিষ্ঠা বার্ষিকী উপলক্ষে অহা ২৫, ২৬, ২৭ জুন, ২০২২ তাৰিখলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত ৫০ জন চিত্রশিল্পীক লৈ 'চিত্ৰ-কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাৰ আনুষ্ঠানিক মুকলি সভা ২৫ জুন বিয়লি ৪ বজাত গীল্ডৰ প্ৰাংগনত অনুষ্ঠিত কৰা হ'ব। উক্ত কর্মশালাখন আনুষ্ঠানিকভাৱে মকুলি কৰিব অসম তথা ভাৰতবৰ্ষৰ স্বনাধন্য চিত্রশিল্পী শ্ৰীযুত ননী বৰপূজাৰীদেৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড°দেৱজিত খনিকৰ আৰু অসমৰ ৰাজ্যপালৰ সচিব শ্রীযুত এচ. এন. ভৌমিকদের। কর্মশালাখন দৈনিক দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৮-৩০ বজালৈ চলি থাকিব। উক্ত…
Read More
অসমক কেন্দ্ৰই শীঘ্ৰে ২০০০ কোটি টকাৰ বান সাহাৰ্য পেকেজ দিয়ক

অসমক কেন্দ্ৰই শীঘ্ৰে ২০০০ কোটি টকাৰ বান সাহাৰ্য পেকেজ দিয়ক

চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতয়ে দুবাৰকৈ অহা বানত অসমৰ ৩২ খন জিলাৰ ৫৫ লাখ লোক আক্ৰান্ত হোৱা আৰু শতাধিক লোক মৃত্যু হোৱা তথা কেবা লাখ হেক্টৰ খেতি পথাৰ ধ্বংস হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান আৰু উদ্ধাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ব্যক্ত কৰিছে। দলৰ এক বিজ্ঞপ্তি কয় যে বানপীড়িত বহু অঞ্চলৰ ৰাইজে এতিয়াও বান সাহাৰ্য পোৱা নাই আৰু যি অঞ্চলসমূহে সাহাৰ্য লাভ কৰিছে সেয়া কণা হাহক পতাণ দিয়াৰ দৰে হৈছে বুলি ৰাইজে অভিযোগ উঠাইছে। দলটোৱে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুহাত খুলি সাহাৰ্য দিয়াৰ অৰ্থ এয়ে নেকি? আটাইতকৈ উদ্বেগৰ…
Read More
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ে প্ৰথম স্থান, ভট্টদেৱ বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰি ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি দৰং কলেজৰ মনোজ বৰুৱাই ২০,০০০ টকা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুঞ্জন ৰাজবংশীয়ে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১৫,০০০ টকা আৰু কটন কলেজৰ ত্ৰিদিপ ভাগৱতীয়ে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি…
Read More
 নলবাৰীৰ নমাটিত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ বান সাহায্য বিতৰণ

 নলবাৰীৰ নমাটিত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ বান সাহায্য বিতৰণ

বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই কালি নলবাৰী জিলাৰ নমাটি অঞ্চলত স্থানীয় বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে। স্থানীয় ভাস্কৰজ্যোতি সংঘৰ সহযোগত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভানেত্ৰী মানসী আদিলৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা প্ৰতিনিধি দলটোত আছিল উপ-সভাপতি ইউছুফ আলম চৌধুৰী, সাধাৰণ সম্পাদিকা পাৰবীন হুছেইন, কোষাধ্যক্ষ মাজিদা আহমেদৰ লগতে কাৰ্যকৰী সদস্য অনুৱাৰা বেগম,মমী ৰহমান, ৰুফিয়া বেগম,আজাহাৰ উদ্দিন আহমেদ। এই কাৰ্যসূচী সফল ৰূপায়ণত স্থানীয় ভাস্কৰজ্যোতি সংঘৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় কেইবাজনো ব্যক্তিয়ে সহযোগিতা আগবঢ়াই। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটোৱে বৃহত্তৰ অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ অৱস্থাৰ বুজ লয়।
Read More
মুক্ত যৌনতা নিষিদ্ধ থাকিব কাটাৰ বিশ্বকাপত

মুক্ত যৌনতা নিষিদ্ধ থাকিব কাটাৰ বিশ্বকাপত

ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বিশ্বকাপ এইবাৰ কাটাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলিব লগা প্ৰতিযোগিতাখনত ৩২ টা দলে যুজঁত নামিব। সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে ফুটবল বিশ্বকাপ চাবলৈ কাটাৰত উপস্থিত হ'বলৈ ওলাইছে। এই প্ৰতিযোগিতাখনৰ শিহৰণ এনেকুৱা যে লাখ লাখ দৰ্শক বিভিন্ন দেশৰ পৰা নাগৰিব আহিব, কিন্তু এইবাৰ কিছু লোকৰ আনন্দৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব, কিয়নো কাটাৰ প্ৰশাসনে বহু ক্ষেত্ৰত কঠোৰ হৈছে। দৰাচলতে, যিসকল অবিবাহিত ব্যক্তিয়ে আনন্দ আৰু পাৰ্টি কৰে তেওঁলোকে কাটাৰত কঠোৰ নিয়ম অনুসৰণ কৰিব লাগিব। ফুটবল বিশ্বকাপৰ সময়ত সাধাৰণতে দেখা যায় যে কন্ডমৰ বিক্ৰী বৃদ্ধি পায়। যৌন কৰ্মীবৃদ্ধি হয় আৰু তেওঁলোকে এক বৃহৎ উপাৰ্জন কৰে। এইবাৰ এইটো নহ'ব।…
Read More