06
Sep
গেলেকীৰ এগৰাকী প্ৰায় 18 বছৰীয়া যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।এইবাৰ ইছলামধৰ্মী প্ৰায় 18 বছৰীয়া যুৱতীক বিয়াৰ প্ৰলোভনেৰে মনমোহন কাহাৰ নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।গেলেকী কলগাওৰ চতুৱা চাপৰিৰ এগৰাকী প্ৰায় 18 বছৰীয়া যুৱতীক অপহৰণ কৰাৰ অভিযোগ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই ।উল্লেখযোগ্য যে যোৱা ইংৰাজী 2 চেপ্তেম্বৰ পৰা গেলেকী কলগাও চতুৱা চাপৰি গাঁৱৰ চমচেৰ আলীৰ প্ৰায় 18 বছৰীয়া কন্যা চেহনাজ বেগমৰ সন্ধান নোহোৱা হৈছে ।পৰিয়ালৰ লোকে জনোৱা মতে কন্যা গৰাকী বিয়লি প্ৰায় 3 মান বজাত শিমলুগুৰিৰ মাহীয়েকৰ ঘৰলৈ যাওতে উক্ত যুৱকজনে অপহৰণ কৰি নিয়াৰ অভিযোগ উঠিছে । হাতীপটি মৈনাটিং গড়বস্তি গাঁৱৰ জয়নাথ কাহাৰৰ পুত্ৰ মনমোহন কাহাৰ নামৰ এই…
