উত্তৰ-পূৱ

এটিএম চুৰিত মাজগাঁৱৰ কমল গগৈ

এটিএম চুৰিত মাজগাঁৱৰ কমল গগৈ

এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ সংঘটিত হ’ল গহপুৰত।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত গহপুৰত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা অসম আৰক্ষীৰ এই এনকাউণ্টাৰত কমল গগৈ(৩১) নামৰ এগৰাকী দুৰ্ধষ অপৰাধী গুলীবিদ্ধ হৈছে।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও নিবাসী বাবুল গগৈৰ পুত্ৰ কমল গগৈ এটিএম চুৰি কাৰ্য্যৰ লগত জড়িত বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে। গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন কলাবাৰী চেণ্টাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমৰ লকাৰ ভাঙি যোৱা ২০ ফ্ৰেব্ৰুৱাৰীৰ নিশা কেইবালাখ টকা চুৰি কৰি নিছিল এটা বৃহৎ চুৰি চক্ৰই।এই চুৰি কাৰ্য্য সন্দৰ্ভত আৰক্ষীয়ে চলোৱা যাবতীয় তদন্ত আৰু অনুসন্ধানত পুৰ্বৰ পৰা বিভিন্ন…
Read More
মন্ত্ৰী অজন্তা নেওগৰ পুত্তালিকা

মন্ত্ৰী অজন্তা নেওগৰ পুত্তালিকা

ৰাজ্য চৰকাৰৰ  এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ স্বাস্থ্য বিভাগৰ চালিকা শক্তি স্বৰূপ আশা কৰ্মী সকলৰ প্ৰতি দায়িত্বহীন আৰু বেপৰোৱা মন্তব্য কৰি গণ ৰোষৰ সন্মুখীন হ’ব লগা হৈছে অজন্তা নেওগ। বতৰৰ প্ৰতিকূলতা , বিধ্বস্ত যাতায়ত আৰু দিবা নৈশ একাকাৰ কৰি স্বাস্থ্য বিভাগটোক উজ্জীৱিত কৰি তোলাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱ জাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অভূতপূৰ্ব অৱদান আগবঢ়াই অহা আশা কৰ্মী সকলৰ পৰিবৰ্তে অংগনৱাদী কৰ্মী সকলৰ বাবেহে এনে সফলতা অৰ্জন কৰা বুলি মন্ত্ৰী নেওগে  কৰা কাণ্ডজ্ঞানহীন মন্তব্যত সোচ্চাৰ হৈ উঠিছে খাটি খোৱা নিষ্ঠাবান আশা কৰ্মী সকল।  ৰাজ্যখনৰ বিত্ত  বিভাগৰ দৰে  গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নেওগে  যোৱা ১৮ মাৰ্চত সদনত কৰা  এই বিতৰ্কিত মন্তব্যত…
Read More
যুৱ- ব্যৱসায়ীক আক্ৰমণ

যুৱ- ব্যৱসায়ীক আক্ৰমণ

বৃহস্পতিবাৰে পুৱা ভূপেন বৰগোঁহাই আৰু সঞ্জীৱ বৰগোঁহাইয়ে অঞ্চলটোৰ যুৱ ব্যৱসায়ী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাংগাঠনিক সম্পাদক চন্দন গগৈক চোকা দাৰে আক্ৰমণ কৰে। তাৰ পাছতেই আক্ৰমণকাৰীক বিচাৰি যুৱ ছাত্ৰ আৰু স্হানীয় মহিলাই কাকতিবাৰী আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্তময় পৰিবেশৰ সৃষ্টি কৰে। আজি পুনৰ আক্ৰমণ কৰি চন্দন গগৈক প্ৰাণে মৰাৰ অপচেষ্টা অসম আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সংঘটিত হল বুলি অভিযোগ উত্থাপিত কৰিছে যুৱ ছাত্ৰকৰ্মী আৰু স্থানীয় মহিলা সমাজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ অৱেশ্যে আৰক্ষীয়ে অভিযুক্ত দুয়োয়ে গ্ৰেপ্তাৰ কৰিছে ৷
Read More
দল তথা প্ৰাৰ্থীসকলে মানিব লাগিব সমূহ নীতি নিয়ম

দল তথা প্ৰাৰ্থীসকলে মানিব লাগিব সমূহ নীতি নিয়ম

ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদ মেলৰ জৰিয়তে গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে নিৰ্বাচন সংক্ৰান্তিয় বিভিন্ন নীতি, নিয়ম প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা মতে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। আনহাতে ভোটগণনা অনুষ্ঠিত হ’ব ২১ এপ্ৰিলত। নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নিয়ম অনুসৰি কোনো দল বা প্ৰাৰ্থীয়ে নিশা ৯ বজাৰ পিছত প্ৰচাৰ অভিযান চলাব নোৱাৰিব। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰ অভিযান নিষিদ্ধ থাকিব। মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ৭৮৯ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ৬০ টা সমষ্টিত মুঠ ভোটাৰ আছে ৭,৯৬,৮২৯ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩, ৯৬,৮৯১ গৰাকী। আনহাতে মহিলা…
Read More
মন্ত্ৰীপীয়ুষ হাজৰিকাৰ মন্তব্য

মন্ত্ৰীপীয়ুষ হাজৰিকাৰ মন্তব্য

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ২ খন আসনৰ বাবে অসমত ৰাজ্যসভাৰ নিৰ্বাচন।  বিজেপি মিত্ৰজোঁটে ২ খন আসনত আৰু কংগ্ৰেছ তথা বিৰোধী মিত্ৰ শক্তিয়ে এখন আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, মুখ্যমন্ত্ৰীৰ বহু সমৰ্থক কংগ্ৰেছ দলত আছে। ৰাজ্যসভাৰ নিৰ্বাচন আমাৰ বাবে ডাঙৰ খেল নহয়। আনহাতে তেওঁ বিৰোধী কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছ নেতৃত্বই অসমীয়াৰ চৰিত্ৰ হেৰুৱাইছে। অসমীয়া মানুহৰ ঘৰলৈ গ’লে বেয়া পাই কংগ্ৰেছ নেতৃত্বই।
Read More
৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ সিদ্ধান্ত

৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ সিদ্ধান্ত

ৰাজ্যখনৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিত কৰ্মৰত প্ৰায় ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীক স্থায়ী কৰাৰ বাবে আগন্তক বিধানসভা অধিৱেশনৰ পূৰ্বে সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। আম আদমী পাৰ্টীয়ে নিৰ্বাচনৰ সময়ত চৰকাৰী বিভাগ সমূহত অস্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী বা নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই ভগৱন্ত মানে এই ৩৫ হাজাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।
Read More
ইউৰিয়াৰ ক’লা বজাৰ, চি আই ডিয়ে কৰিছে ৯ জনক গ্ৰেপ্তাৰ

ইউৰিয়াৰ ক’লা বজাৰ, চি আই ডিয়ে কৰিছে ৯ জনক গ্ৰেপ্তাৰ

চি আই ডিৰ আৰক্ষী থানাত 02/2022 ইউ/এছ 120বিৰ অধিনত পঞ্জীয়ন হোৱা এই গোচৰৰ অধিনত সাৰ কেলেংকাৰীৰ পুংখানুপুংখ তদন্ত কৰিব। ৰাজ্যত সংঘটিত হোৱা ইউৰিয়া ক্ৰয় আৰু বিতৰণত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্দেশ প্ৰদান কৰিছিল। এতিয়ালৈকে মুঠ ৯ জন অভিযুক্তক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে। এই ৯ জন ব্যক্তিৰ ভিতৰত ৮ জন হৈছে বিভিন্ন খুচুৰা আৰু পাইকাৰী বিপনীৰ মালিক। এই ৮ জনে চৰকাৰে নিৰ্ধাৰিত হাৰতকৈ অধিক মূল্যত ইউৰিয়া সাৰ বিক্ৰী কৰিছে। ইয়াৰ উপৰিও আন এজন ট্ৰাকৰ মালিককো চি আই ডিয়ে গ্ৰেপ্তাৰ এইসকল অভিযুক্তক গুৱাহাটী চি জে এম আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে…
Read More
মন্দিৰ নিৰ্মাণৰ বাবে  মুছলিম পৰিয়ালৰ মূল্ দান

মন্দিৰ নিৰ্মাণৰ বাবে মুছলিম পৰিয়ালৰ মূল্ দান

দেশত চলি থকা ধৰ্মীয় বিবাদৰ মাজতে বিহাৰৰ পৰা পোহৰলৈ আহিছে এক ভাল খবৰ। এটা মন্দিৰৰ বাবে ভূমি দান কৰিলে এটি মুছলমান পৰিয়ালে। বিশ্বৰ সৰ্ববৃহত মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰে পৰিয়ালটোৱে।বিহাৰৰ কৈঠৱালিয়াক নিৰ্মাণ হৈ থকা ‘বিৰাত ৰামায়ণ মন্দিৰ’ৰ বাবে ভূমি দান কৰিলে পৰিয়ালটোৱে।  আচাৰ্য কিশোৰে কয় যে ইষ্টিয়াক আহমদ খানৰ এই কৰ্মই ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে।
Read More
খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল। ইতিমধ্যে এই প্ৰতিযোগিতাৰ এটা ছিজন অনুষ্ঠিত হৈ গৈছে যদিও অসমৰ কোনো কাৰাটে খেলুৱৈয়ে সেইবাৰ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল। অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ এই তিনিওগৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত ২ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু আনগৰাকী ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলুৱৈ ২ গৰাকী ক্ৰমে জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা)। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈগৰাকী ইমন গগৈ (কুমিটে-৬৮ কেজি)
Read More
১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

সোমবাৰে লাহৰীঘাট থানাত যেন আৰক্ষীৰ বৰ্বৰতাই চৰম সীমা অতিক্ৰম কৰিলে। এটা ১৩/১৪ বছৰীয়া কিশোৰক আৰক্ষীয়ে বেতেৰে নিৰ্মম ভাৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। লাহৰীঘাট আৰক্ষী থানাৰ এগৰাকী বিষয়াই এটি কিশোৰক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰি কিশোৰটিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কাৰণ জানিলে সকলোৰে চকু কপালত উঠিব। এই কিশোৰটিয়ে আৰক্ষী থানাৰ চৌহদত থকা এখন বাহনৰ পৰা বিস্কুট চোৰ কৰি খাইছিল। এই অপৰাধৰ বাবেই কিশোৰটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিলে আৰক্ষী বিষাজনে। তাৎপৰ্যপূৰ্ণ ভাৱে কিশোৰটিক প্ৰহাৰ কৰাৰ সময়ত আৰক্ষী বিষয়াজনে নাছিল কৰ্তব্যৰ অৱস্থাত। তেওঁৰ দেহত নাছিল আৰক্ষীৰ পোচাক। বিষয়াজনে সেই সময়ত পৰিধান কৰি আছিল এখন গামোচা আৰু…
Read More