উত্তৰ-পূৱ

উজনিবাসী ওচৰত ক্ষমা বিচাৰিলে মৎস্য ব্যৱসায়ি সন্থাই

উজনিবাসী ওচৰত ক্ষমা বিচাৰিলে মৎস্য ব্যৱসায়ি সন্থাই

অৱশেষত ক্ষমা খুজি উজনিলৈ মাছ ৰপ্তানি কাৰ্য অব্যাহত ৰখাৰ কথা ঘোষণা কৰিলে নগাঁও মৎস ব্যৱসায়ী সন্থাই। উজনিবাসীৰ ওচৰত ক্ষমা বিচাৰিলে নগাঁও মৎস ব্যৱসায়ী সন্থাৰ সম্পাদক জহিৰুল ইছলামে। এইগৰাকী ব্যৱসায়ীয়ে উজনিলৈ মাছ নপঠিওৱাৰ সিদ্ধান্ত লৈ আটক হৈছিল। তাৰ পাছতে বুধবাৰে উজনিবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগি মাছ ৰপ্তানি অব্যাহত থাকিব বুলি তেওঁ জনায়।
Read More
পুনৰ বাঘৰ আক্ৰমণত নিহত এজন

পুনৰ বাঘৰ আক্ৰমণত নিহত এজন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন। বাঘৰ আক্ৰমণত নিহত এগৰাকী বনকৰ্মী। বুধবাৰে সন্ধিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানত তহল দি থকা অৱস্থাত হঠাতে এটা প্ৰকাণ্ড ঢেঁকিয়াপতীয়া বাঘ আহি গৃহৰক্ষী জোৱানজনক চোঁচৰাই লৈ যায়। সহকৰ্মীৰ সৈতে তহল দি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। বাঘে চোঁচৰাই নিয়া গৃহৰক্ষী জোৱানজনৰ নাম ধনমণি ডেকা।
Read More
বানৰ ফলত ২৬জন লোকৰ মৃত্যু

বানৰ ফলত ২৬জন লোকৰ মৃত্যু

গুজৰাটত বানৰ তাণ্ডৱ! ২৬জন লোকৰ মৃত্যু, ১১খন জিলাত ৰেড এলাৰ্ট।গুজৰাটত বৰষুণ আৰু বানপানীৰ ফলত বিগত ৩ দিনত প্ৰায় ২৬জন লোকৰ মৃত্যু হৈছে। ২৪খন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বহুতো এলেকা ১০-১২ ফুট পানীৰ তলত ডুব গৈছে। পথত ওপঙি আছে বাহন। আজিও ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে গুজৰাটৰ ১১খন জিলাত ৰেড এলাৰ্ট আৰু ২২খন জিলাত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে।
Read More
কৰিমগঞ্জত আটক তিনি বাংলাদেশীক

কৰিমগঞ্জত আটক তিনি বাংলাদেশীক

ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ এতিয়াও অব্যাহত আছে । শেহতীয়াকৈ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পুনৰ তিনি গৰাকী বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰিত কৰে কৰিমগঞ্জ আৰক্ষীয়ে । এই তথ্য সামাজিম মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গভীৰ নিশা কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা তিনি বাংলাদেশী নাগৰিকক বাধা দি বিতাড়ন কৰে।
Read More
গণেশগুৰিত ভয়ংকৰ দুর্ঘটনা

গণেশগুৰিত ভয়ংকৰ দুর্ঘটনা

মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ৰ প্ৰচণ্ড খুন্দা বাইকত। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ বাইক আৰোহী। সংকটজনক অৱস্থাত তিনিওকে ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোককেইজনৰ পৰিচয়।দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ নম্বৰ AS 25 G 8420। দুৰ্ঘটনাৰ পিছতে বাহনখন এৰি পলায়ন কৰে চালকসহ আৰোহীয়ে। বাইকত খুন্দিয়াই উৰণীয়া সেঁতুৰ ডিভাইডাৰত উঠি যায় বলেৰ’ বাহনখন। এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 01FY 7113 নম্বৰৰ বাইকখন।
Read More
জুবিন গাৰ্গৰ অনুৰাগীলৈ ভাল খবৰ

জুবিন গাৰ্গৰ অনুৰাগীলৈ ভাল খবৰ

USTM কলৈ চলি থকা বিতৰ্কৰ মাজতেই বিশ্ববিদ্যালয়খনৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। মঙলবাৰে (২৭ আগষ্টঃ অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ ১০ সংখ্যক দীক্ষান্ত সমাৰোহত কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰে ডক্টৰেট ডিগ্ৰী। তেওঁৰ লগতে মেঘালয়ৰ সংগীত শিল্পী লু মঝাওকো ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। প্ৰায় ২ দিন আগত বিশ্ববিদ্যালখনে ঘোষণা কৰিছিল যে জুবিন গাৰ্গক সন্মানপূৰ্বক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। এই পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছিল জুবিনে। লগতে লিখিছিল যে- সন্মানিত। ধন্যবাদ USTM, মেঘালয়।
Read More
আজি বোকা খেলি আনন্দ কৰিছে ৰাজ্যবাসীয়ে

আজি বোকা খেলি আনন্দ কৰিছে ৰাজ্যবাসীয়ে

আজি নন্দোৎসৱ, বোকা খেলি আনন্দ কৰিব ৰাজ্যবাসীয়ে।অসমৰ ভিন্ন প্ৰান্তত এই বোকা খেল অনুষ্ঠিত হয় যদিও নগাঁৱৰ বটদ্ৰৱা সত্ৰ, বৰপেটা সত্ৰ, দক্ষিণ কামৰূপৰ ৰাজপুখুৰী সত্ৰ আদিত পালন কৰা নন্দোৎসৱ অন্যতম।এই দিনটোত কীৰ্তন ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজে বোকাত লুতুৰী- পুতুৰী হৈ নৃত্য কীৰ্তন কৰে। জন্মাষ্টমী উদযাপনৰ পাছতেই আজি সমগ্ৰ দেশে পালন কৰিব নন্দোৎসৱ। ঠাইভেদে নাম বেলেগ বেলেগ আৰু উদযাপনৰ পদ্ধতি বেলেগ হ’লেও কৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা এই নন্দোৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ পালন কৰ হয়। সেয়া- জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। পৰম্পৰা অনুসৰি জন্মাষ্টমীৰ পিছদিনা পুৱাৰে পৰা সত্ৰ নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। এই…
Read More
চাপৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

চাপৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

চাপৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাৰ চাপৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদ্যুৎ বিভাগ আৰু APDCL ৰ স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধুবুৰী জিলা আছুৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত সাৱস্থ কৰে এই প্ৰতিবাদ। চাপৰৰ নাথপাৰাৰ পৰা চাপৰ বিদ্যুৎ উপ-সংমণ্ডল লৈ প্ৰতিবাদী যাত্ৰা উলিয়াই স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰী সকলে।
Read More
যুৱকক আক্ৰমণ পিষ্টলধাৰী যুৱকৰ

যুৱকক আক্ৰমণ পিষ্টলধাৰী যুৱকৰ

বঙাইগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা! যুৱকক আক্ৰমণ পিষ্টলধাৰী দুর্বৃত্তৰ দলৰ।অভিযোগ অনুসৰি পিষ্টলধাৰী ৬জনীয়া যুৱকৰ দলটোৰ অ'ল্ড কলনীত এজন যুৱকৰ সৈতে কাজিয়াৰ সুত্ৰপাত ঘটে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি আৰু তাৰ পাছত মাৰপিট আৰম্ভ হয়। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে পিষ্টলধাৰী যুৱকৰ দলটোৱে।ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ দুর্বৃত্তৰ দলটোৰ। পিষ্টলধাৰী যুৱকে ফুটালে গুলীও। ঘটনাৰ লগত জড়িত এজন যুৱক আটক কৰে আৰক্ষীয়ে।
Read More
বানৰ তাণ্ডৱ বাংলাদেশত

বানৰ তাণ্ডৱ বাংলাদেশত

প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮ হাজাৰ লোক বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। এই প্ৰলয়ংকাৰী বানৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।বানৰ এনে প্ৰলয়ংকাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বানপীড়িতসকলৰ বাবে ৩,১৭৬ টা আশ্ৰয়স্থল মুকলি কৰিছে। আনহাতে ৬৩৯ টা চিকিৎসা দলো মোতায়েন কৰিছে কৰ্তৃপক্ষই। বানপানীৰ ফলত দক্ষিণ-পূব বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ ১১খন জিলাৰ ৭৭টা ব্লকত অব্যাহত থকা বানপানীৰ ফলত ১৮ জন লোকৰ মৃত্যু হৈছে।
Read More