13
Sep
সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ তিনিজনক আটক ৷ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ আৰক্ষীৰ থানাৰ আৰক্ষীয়ে আজি সন্ধিয়া বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এক গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বেঙাপাৰাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ তিনিজন লোকক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকী হ'ল, ৰঙিয়া দ্বাৰকুছিৰ ইমতাজ খানৰ পুত্ৰ নিজামত খান (৩৭) , সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ বেলবাৰী গাঁৱৰ হীৰকজ্যোতি ডেকা (২১) আৰু বেঙাপাৰা গাঁৱৰ ৰাজীৱ বৰ্মন বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ উল্লেখ্য, যে সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেঙাপাৰা গাঁৱৰ ভবেন বৰ্মন নামৰ এগৰাকী লোকৰ ঘৰত মজুত কৰি ৰখা প্ৰায় ৪৩…