উত্তৰ-পূৱ

ক্ৰিকেট প্ৰেমীলৈ ডাঙৰ খবৰ

ক্ৰিকেট প্ৰেমীলৈ ডাঙৰ খবৰ

IPL 2025: আই পি এলত আজিৰ মেচত দেখা পোৱা যাব CSK আৰু MI ক। কিন্তু এই ইয়াৰ পূৰ্বে অনুৰাগীসকলৰ বাবে আছে এক বেয়া খবৰ। কিয়নো স্থগিত হ'ব পাৰে আজিৰ মেচ।এই দুয়োটা দলৰ মাজত আজি এই খেল চেন্নাইৰ চেপাউক ষ্টেডিয়ামৰ এম এ চিদাম্বৰমত অনুষ্ঠিত হ’ব। আই পি এল অনুৰাগীসকলে মুম্বাই ইণ্ডিয়ানছ(MI) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত খেল চাবলৈ অধীৰ অপেক্ষা কৰি থাকে। কিন্তু এই ডাঙৰ মেচখনৰ আগতেই ক্ৰিকেট অনুৰাগীৰ বাবে এটা বেয়া খবৰ প্ৰকাশ পাইছে।বতৰ বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি আজি চেন্নাইত বৰষুণৰ সম্ভাৱনা ৮০%। চেন্নাইত বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাৰ সময়ত বৰষুণৰ সম্ভাৱনা ২০ শতাংশ একে সময়তে তাপমাত্ৰা ২৭ৰ পৰা…
Read More
খৰিচা খাই ভাল পায়নে

খৰিচা খাই ভাল পায়নে

অসমীয়া খাদ্যভাসৰ এক থলুৱা খাদ্য হৈছে খৰিচা। খৰিচাৰে গাহৰি বা কুকুৰা মাংস, শুকান খৰিচাৰে আলু পিটিকা,দাইলত খৰিচা,গাজ আৰু কঁঠালগুটীৰে খাৰৰ আঞ্জা; মুঠতে খৰিচাৰ টেঙেচীয়া সোৱাদ অতুলনীয়।কেৱল সোৱাদে নহয় খৰিচাৰ আছে বহু উপকাৰিতা।আপুনি জানেনে আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহ-গাজৰ আছে বহু ঔষধি গুণাগুণ ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহ-গাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয় ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ ( ঘাইকৈ অসম) , চীন,…
Read More
ক্ৰিকেটপ্ৰেমী সকলৰ বাবে ভালখবৰ

ক্ৰিকেটপ্ৰেমী সকলৰ বাবে ভালখবৰ

আজি আৰম্ভ হ’ব ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আজি অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উল্লেখ্য যে আই পি এলৰ উদ্বোধনী বৰ্ষৰ প্ৰথমখন মেচতো মুখামুখি হৈছিল দুয়োটা দল। এই মেচখনত কলকাতাৰ হাতত বাংগালুৰু প্ৰায় বিধ্বস্ত হৈ পৰিছিল। সন্ধিয়া ৭.৩০ বজাৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হ’ব এই মেচ। দুগৰাকী নতুন অধিয়ানকৰ্ফ তত্বাৱধানত আজি খেলপথাৰত নামিব দুয়োটা ফ্ৰেন্সাইজি। ৰাহানেৰ নেতৃত্বত কলকাতাই এফালে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে আজি অভিযান আৰম্ভ কৰিব, আনহাতে প্ৰথমবাৰৰ বাবে আই পি এলত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰজত পাটিদাৰৰ নেতৃত্বত প্ৰথমটো খিতাপ জয়ৰ লক্ষ্য লৈছে বাংগালুৰুৱে।
Read More
নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কিন্তু আপোনালোকে জানেনে ইউৰিক এচিড বা উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে কেঁচা নহৰু কিমান উপকাৰী৷নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টিঅক্সিডেন্ট আৰু এন্টি-ফাংগেল গুণে আমাৰ শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। নহৰুত কাৰ্বহাইড্ৰেট, ফছফৰাছ, ফাইবাৰ, প্ৰটিন, পটাছিয়াম, আইৰণ, ভিটামিন চি, বি ৬, মেংগানিজ, কেলচিয়াম, চেলেনিয়াম আদি পুষ্টিকৰ উপাদান থাকে।নহৰুৰ ব্যৱহাৰে যিকোনো ব্যঞ্জনকে কৰি তোলে মুখৰোচক। কিন্তু কেৱল সোৱাদ বৃদ্ধিয়েই নহৰুৰ একমাত্ৰ গুণাগুণ নহয়, খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে নহৰু স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। আচলতে কেঁচা নহৰু খালে আপুনি এই দুয়োটা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে ৷ নহৰু এনেকুৱা বস্তু যিটো প্ৰতিটো ঘৰতে সহজে উপলব্ধ, যদিও নহৰুৱে যিকোনো…
Read More
চুৰি চক্ৰৰ বৃহৎ ঘাটি উৎখাত

চুৰি চক্ৰৰ বৃহৎ ঘাটি উৎখাত

ফাঁচীবজাৰত উৎখাত বাচন-বৰ্তন চুৰিৰ বৃহৎ চক্ৰ। উদ্ধাৰ বুজন পৰিমাণৰ কাঁহ-পিতলৰ বাচন। উদ্ধাৰ ২৬১ কেজি ওজনৰ আন ধাতুৰ বাচন-বৰ্তন। লগতে উদ্ধাৰ ৪৬৮ কেজি তামৰ তাঁৰ, AC পাইপ। APDCL-এ ব্যৱহাৰ কৰা ৭.৯৫ কেজি এলুমিনিয়াম তাঁৰো উদ্ধাৰ। ৪১০ কেজি লো আৰু এলুমিনিয়াম, ৫টাকৈ বেটাৰীও জব্দ। উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ মূল্য হ'ব প্ৰায় ২০ লাখ টকা। আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক। মনোজ কুমাৰ চাৰ্দা, সুতুন ৰাউত, দামোদৰ পাণ্ডেক আটক।
Read More
ৰাজ্যত জুইৰ লেলিহান শিখাৰ সংক্ৰমণ

ৰাজ্যত জুইৰ লেলিহান শিখাৰ সংক্ৰমণ

অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে বনজুইৰ খবৰ। জুইৰ লেলিহান শিখাই আৱৰি পেলাইছে সকলো। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বনজুইৰ ফটো, ভিডিঅ'।খৰালি কালৰ এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত নদী,হ্ৰদ আদি শুকাই গৈছে লগতে গছ গছনিৰ ডাল পাত, হাবি বননি আদিও বহু পৰিমাণে শুকান হৈ পৰিছে।মঙলবাৰৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনজুই সংঘটিত হোৱাৰ খবৰ আহি পৰে।আমিনগাঁৱৰ জয়গুৰুৰ বাথৌগুৰিত ভয়ংকৰ বনজুই সংঘটিত হয়।ইয়াৰোপৰি বঙাইগাঁৱপ চাপৰাকাটাতো বনজুইৰ ঘটনা সংঘটিত হয়।জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ২৪/৭ অক্লান্তভাৱে কাম কৰি আছে বিভাগীয় বিষয়াসকলে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই আৰক্ষীয়ে।
Read More
আই পি এল ৰ পৰা আহিল ডাঙৰ খবৰ

আই পি এল ৰ পৰা আহিল ডাঙৰ খবৰ

১৩টা স্থানত আই পি এল ২০২৫ ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাজু হৈছে বি চি চি আই ।১৩টা স্থানত আই পি এল ২০২৫ ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাজু হৈছে বি চি চি আই ।২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ৷প্ৰথমখন খেলৰ পূৰ্বে ৮খন চহৰৰ আটাইকেইখনতে মুকলি অনুষ্ঠান অনুষ্ঠিত হৈছিল । ব্যতিক্ৰম এয়ে যে, এইবাৰ ৮খন চহৰৰ পৰিৱৰ্তে ১৩খন চহৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জল্পনা-কল্পনা কৰা হৈছে
Read More
জ্বলি উঠিছে নাগপুৰ

জ্বলি উঠিছে নাগপুৰ

নাগপুৰৰ হিংসাত্মক পৰিস্থিতি ৷ মহানগৰখনৰ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে সান্ধ্য আইন ।যাৰ বাবে প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত মহানগৰৰ কেইবাটাও অঞ্চলত কাৰ্ফিউ জাৰি কৰে ৷কোতৱালি, গণেশপেঠ, তহচিল, লাকাডগঞ্জ, পাচপাওলি, শান্তিনগৰ, সক্কাৰদাৰা, নন্দনভান, ইমামোৱাৰা, যশোধৰানগৰ আৰু কপিলনগৰ আৰক্ষী থানা এলেকাত জাৰি কৰা হৈছে কাৰ্ফিউ বা সান্ধ্য আইন ।নিৰ্দেশ অনুসৰি, নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত কাৰণৰ বাহিৰে আন কোনো ব্যক্তিয়ে ঘৰৰ পৰা ওলাই আহিব নালাগে, পাঁচজনতকৈ অধিক লোকো গোট খাব নালাগে । লগতে যিকোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আৰু এনে ধৰণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
Read More
পুনৰ বিধ্বংসী ধুমুহাৰ তাণ্ডৱ

পুনৰ বিধ্বংসী ধুমুহাৰ তাণ্ডৱ

তিনিচুকীয়া জিলাৰ ফিল'বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ ।নিশা অহা বিধ্বংসী ধুমুহাই ফিল'বাৰী অঞ্চলৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ।নিশা অহা প্ৰচণ্ড বতাহ-ধুমুহাই তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বিস্তৰ ক্ষতিসাধন কৰে । জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল'বাৰী অঞ্চলৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তি আদি গাঁৱত গছ-গছনি, তামোল গছ, বিদ্যুতৰ খুটা ভাঙি তহিলং কৰে । কেইবাটাও বাসগৃহৰ ওপৰতেই বাগৰি পৰে তামোল গছৰ লগতে প্ৰকাণ্ড-প্ৰকাণ্ড গছৰ ডাল । আনকি, কেইবাটাও বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়ে । অন্যহাতে বিভিন্ন স্থানত বিদ্যুত পৰিবাহিত তাৰ সংযোগ কৰা পকী খুটা ভাঙি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুত সেৱা । সমগ্ৰ অঞ্চলতেই বিদ্যুত সেৱা বন্ধ হৈ পৰিছে । জিলাখনৰ…
Read More
পুনৰ আমেৰিকাৰ বিমান আক্ৰমণ

পুনৰ আমেৰিকাৰ বিমান আক্ৰমণ

ট্ৰাম্পৰ সকীয়নি সঁচা হ'ল । হুথিৰ বিৰুদ্ধে আমেৰিকাৰ বিমান আক্ৰমণত ৩১ জন লোকৰ মৃত্যু ।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হুথি বিদ্ৰোহীসকলক জাহাজৰ ওপৰত আক্ৰমণ বন্ধ নকৰিলে শক্তি প্ৰয়োগৰ সকীয়নি দিছিল । তাৰ মাজতে শনিবাৰে য়েমেনৰ হুথি অধিকৃত অঞ্চলত আমেৰিকাই বিমান আক্ৰমণ কৰে ।আমেৰিকাৰ এই বিমান আক্ৰমণত প্ৰায় ৩১ জন লোক নিহত হয় ।লগতে ট্ৰাম্পে ইৰাণক বিদ্ৰোহী গোটটোক সমৰ্থন কৰা বন্ধ কৰিবলৈও সতৰ্ক কৰি দিয়ে । দেশখনক নিষিদ্ধ কাৰ্যকলাপৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ কৰিছে ট্ৰাম্পে ।
Read More