উত্তৰ-পূৱ

হোটেলত খাদ্য খোৱাৰ আগত সাৱধান হওক

হোটেলত খাদ্য খোৱাৰ আগত সাৱধান হওক

খাদ্যত পোক, হোটেলৰ খাদ্য খোৱাৰ আগত সাৱধান হওক ! মেৰাপানীৰ এখন হোটেলৰ খাদ্যত পোক ওলোৱাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ…সূত্ৰ খবৰ অনুসৰি, মেৰাপানী এখন হোটেলৰ পৰা মেৰাপানী কে. বি. এম স্কুলৰ শিক্ষক-কৰ্মচাৰী সকলে খাবলৈ অনা খাদ্যত বিষাক্ত পোক অথবা বীজনু প্ৰত্যক্ষ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনৰ শিক্ষকসকলে উত্থাপন কৰা এই অভিযোগে এতিয়া সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।জানিব পৰা মতে, মেৰাপানী কে. বি. এম স্কুলৰ শিক্ষকসকলে আবেলি পৰত বিদ্যালয়ত খাবলৈ এখন হোটেলৰ পৰা খাদ্য আনিছিল । অভিযোগ অনুসৰি, শিক্ষকসকলে অনা সেই খাদ্য খোৱাৰ উপযোগী নহয় । যেতিয়া বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে খাদ্য খাবলৈ লৈছিল তেতিয়া খাদ্যত এক আচৰিত দৃশ্য প্ৰত্যক্ষ কৰে ।…
Read More
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে পুনৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে পুনৰ সংঘৰ্ষ

শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে । নিৰ্বাচনৰ পূৰ্বে আৰু ভোটগ্ৰহণৰ সময়ত অঞ্চলটোত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ অপচেষ্টা বিফল কৰাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলাইছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ । অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীক লক্ষ্য কৰি সেনাই গুলীচালনা কৰে । এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে । সেনাই সন্ত্ৰাসবাদীকেইটাৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
Read More
প্ৰাক্তন ক্ৰিকেটাৰলৈ EDৰ চমন

প্ৰাক্তন ক্ৰিকেটাৰলৈ EDৰ চমন

ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন। হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত EDৰ চমন। বৃহস্পতিবাৰে হায়দৰাবাদৰ ইডি কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ। ২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ বিৰুদ্ধে।
Read More
পুনৰ আক্ৰমণ

পুনৰ আক্ৰমণ

এইবাৰ বোমা বিস্ফোৰণেৰে ইজৰাইলৰ প্ৰত্যাক্ৰমণ লেবানৰৰ মধ্য বেইৰুটত ইজৰাইলৰ বোমা বিস্ফোৰণ। বিস্ফোৰণত কমেও ৬জন লোক নিহত। হিজবুল্লাৰ ঘাটিত অব্যাহত আছে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। বিস্ফোৰণস্থলীৰ পৰা অবিৰাম নিৰ্গত ক’লা ধোঁৱাই ছানিছে আকাশ।
Read More
কাইলৈ ধৰাৰ বুকুলৈ নামিব মা দূর্গাৰ

কাইলৈ ধৰাৰ বুকুলৈ নামিব মা দূর্গাৰ

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ ঘটিব মা দুৰ্গাৰ। চৌপাশে এতিয়া দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা । মৃন্ময় খনিকৰ সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত । পবিত্ৰ মহালয়াৰ পিছৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় ।বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা…
Read More
পৰ্যটকৰ বাবে সুখবৰ!

পৰ্যটকৰ বাবে সুখবৰ!

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাগৰি বনাঞ্চলৰ দ্বাৰমুখত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালককে ধৰি বহু গন্যমান্য ব্যক্তি। বাগৰি বনাঞ্চলৰ লগতে মুকলি কৰা হয় কহঁৰা আৰু বুঢ়া পাহাৰ বনাঞ্চলো। জীপ ছাফাৰীৰে আৰম্ভ ২০২৪-২৫ৰ পৰ্যটন বৰ্ষ। দ্বাৰ মুকলিৰ পিছতে জীপ ছাফাৰী কৰে মন্ত্ৰীকেইগৰাকীয়ে।
Read More
নেপালত ভয়ংকৰ ভূমিস্খলন

নেপালত ভয়ংকৰ ভূমিস্খলন

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ৪২ জন লোক । প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে । নেপালৰ আৰক্ষীৰ তথ্য অনুসৰি, নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত ১৭০ জন লোকৰ মৃত্যু হৈছে। ৫৬খন জিলাত জাৰি কৰা হৈছে এক সতৰ্কবাণী।প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে ।নেপালত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে কমেও ৩২২টা ঘৰ আৰু ১৬খন দলং ক্ষতিগ্ৰস্ত কৰিছে । কোৱা হৈছে যে, যোৱা ৪০-৪৫ বছৰত কাঠমাণ্ডু উপত্যকাত এই ধৰণৰ ভয়ংকৰ বান কেতিযাও দেখা পোৱা নাছিল…
Read More
পৰ্যটকৰ বাবে সুখবৰ

পৰ্যটকৰ বাবে সুখবৰ

পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত বৰ্ষত পৰ্যটকৰ আগমনে অভিলেখ গঢ়াৰ দৰে এইবাৰ কাজিৰঙা পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো- জা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাইলৈ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগে লগে আৰম্ভ হ'ব ২০২৪-২৫ পৰ্যটন বৰ্ষ।ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট- পছ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটকক ফুৰাবলগীয়া জীপ চালকসকলৰো প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে। ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কেইটামান অংশহে মুকলি কৰি দিয়া হ'ব।প্ৰথম অৱস্থাত জীপ ছাফাৰী আৰম্ভ হ'ব যদিও ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰীও আৰম্ভ হ'ব।
Read More
পুনৰ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা ভাৰতত

পুনৰ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা ভাৰতত

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী নাগৰিকে সীমান্ত পাৰ হৈ অহৰহ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে । যোৱা এমাহত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় ১০০ জনতকৈ অধিক বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । এতিয়ালৈকে বিতাৰিত হোৱা এই বাংলাদেশী নাগৰিক সকলে প্ৰায়ে কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।শুকুৰবাৰে নিশা বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । ইতিমধ্যে এই বাংলাদেশ নাগৰিক সকলক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই বাংলাদেশী নাগৰিক সকলক আটক কৰি বিতাৰিত কৰাৰ খবৰ…
Read More
জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক এক সংঘৰ্ষ সংঘটিত হৈছে। এই সংঘৰ্ষত তিনিগৰাকী সেনা জোৱান আহত হোৱাৰ লগতে এগৰাকী আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে। উপত্যকাটোৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষৰ সূ্ত্ৰপাত হৈছে। প্ৰকাশিত খবৰ অনুসৰি আজি পুৱা কুলগামৰ আদিগাম অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত আহত হয় জোৱানকেইজন।
Read More