উত্তৰ-পূৱ

মণিপুৰৰ পৰিস্থিতি এতিয়াও ক্ষান্ত হোৱাৰ পথত নাই

মণিপুৰৰ পৰিস্থিতি এতিয়াও ক্ষান্ত হোৱাৰ পথত নাই

মণিপুৰত হিংসা অব্যাহত আছে । যোৱা সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল । সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোক লৈ শোক প্ৰকাশ কৰে আৰু দৃঢ়তাৰে কয় যে অপৰাধীসকলক ৰেহাই দিয়া নহ'ব । অপৰাধীক শাস্তি নিদিয়ালৈ চৰকাৰ বহি নাথাকে । তেওঁ কয় যে ৩ গৰাকী মহিলা আৰু ৩ টা শিশুৰ হত্যাকাৰীক বিচাৰি অনুসন্ধান চলি আছে ।
Read More
ঢকুৱাখনা আৰক্ষীৰ বৃহৎ সফলতা

ঢকুৱাখনা আৰক্ষীৰ বৃহৎ সফলতা

ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে এটা চোৰাং ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বুধবাৰে বিয়লি গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানকালত বিক্ৰম দলে নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহাস্থলীলৈ পতিত হৈছে ঢকুৱাখনা । আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি দি এচাম ধুৰন্ধৰ যুৱকে চলাই গৈছে এই মাৰাত্মক চোৰাং বেহা ।জানিব পৰা মতে আৰক্ষীয়ে বিক্ৰম দলেৰ পৰা ৬.৯ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ ,২২টা খালি কন্টেইনাৰ ,৭ টা চিৰিঞ্জ ,নগদ ৪ হাজাৰ ১০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Read More
মণিপুৰত ভয়ংকৰ পৰিস্থিতি

মণিপুৰত ভয়ংকৰ পৰিস্থিতি

জুই জ্বলিছে মণিপুৰত, পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰত, পুনৰ জাপি দিলে AFSPA।ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে মণিপুৰৰ পৰিস্থিতি। জনতাৰ প্ৰতিবাদত তিষ্ঠিব নোৱাৰি ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী নেতাই পদত্যাগ কৰিছে। সাম্প্ৰতিক মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰি জিৰিবাম জিলাৰ কেইবাজনো বিজেপি নেতাই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। ইফালে বিজেপি নেতাকেইজনৰ পদত্যাগ সম্পৰ্কত কোনো পত্ৰ পোৱা নাই পোৱা বুলি স্পষ্ট কৰি দিছে মণিপুৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ তৰফৰ পৰা। উল্লেখ্য যে, যৌথভাৱে দিয়া পদত্যাগ পত্ৰখনত স্বাক্ষৰ কৰিছিল জিৰিবামৰ কেইবাজনো বিজেপি নেতাই। ১১ নৱেম্বৰত কুকি উগ্ৰপন্থীয়ে শিশু আৰু মহিলাসহ ৬গৰাকী লোকক অপহৰণ কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰা আটাইৰে মৃতদেহ উদ্ধাৰ হৈছিল পৰৱৰ্তী…
Read More
দিল্লীত ভয়ংকৰ প্ৰদূষণ

দিল্লীত ভয়ংকৰ প্ৰদূষণ

ভয়াৱহ হৈ পৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশ ৷ প্ৰতিদিনাই দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে ৷ দিল্লীৰ AQI বিপজ্জনক মাত্ৰাত উপনীত হৈছে ৷ৰাজধানী মহানগৰীখনত এতিয়া কেউফালে ধোঁৱাময় পৰিৱেশ ৷ উশাহ ল’বলৈ বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ দিল্লীবাসীৰ ৷ এই বায়ু প্ৰদূষণে ভাবুকি মাতিছে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ৷বায়ু প্ৰদূষণৰ স্বাস্থ্যজনিত বিপদৰ বিষয়ে সকীয়াই দিয়াৰ লগতে বিশ্বব্যাপী জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ সময়তে COP29 ত দিল্লীৰ বিপজ্জনক বায়ুৰ গুণাগুণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।
Read More
পুনৰ উত্তাল হৈ পৰিছে ডিব্ৰুগড়-তিনিচুকীয়া

পুনৰ উত্তাল হৈ পৰিছে ডিব্ৰুগড়-তিনিচুকীয়া

প্ৰতিবাদত উত্তাল হৈ পৰিছে ডিব্ৰুগড়- তিনিচুকীয়া ।জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। বছৰ বছৰ ধৰি অসমৰ ৬ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও সেই দাবী এতিয়ালৈ চৰকাৰে মানি লোৱা নাই। কিন্তু শেহতীয়াকৈ এগৰাকী মন্ত্ৰীয়ে কৰা দায়িত্বহীন মন্তব্যৰ পাছতেই পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ।বছৰ বছৰ ধৰি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত প্ৰতিবাদ সাব্যস্ত হৈ আহিছে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ এক মন্তব্যৰ পাছতেই দুইখন জিলাত আৰম্ভ হৈছে প্ৰতিবাদ। শনিবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো এতিয়াও বিবেচনাহীন হৈ আছে। মন্ত্ৰী গৰাকীয়ে এই গা এৰা দিয়া মন্তব্যৰ পাছতেই এতিয়া ক্ষোভত জ্বলি উঠিছে ৬ জনগোষ্ঠীৰলোক।জিলা কেইখনৰ…
Read More
বাবা ছিদ্দিকীৰ তদন্তত আৰক্ষীৰ বৃহৎ সফলতা

বাবা ছিদ্দিকীৰ তদন্তত আৰক্ষীৰ বৃহৎ সফলতা

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ তদন্তত আৰক্ষীৰ বৃহৎ সফলতা । উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চৰ (এছটিএফ) সৈতে এক যুটীয়া অভিযানত মুম্বাই অপৰাধ শাখাৰ এটা দলে দেওবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ নানপাৰাৰ পৰা শ্বুটাৰ আৰু আন ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।উত্তৰ প্ৰদেশৰ এছটিএফৰ মতে শিৱ কুমাৰ নামৰ মূল অভিযুক্তজনক নেপাললৈ পলায়ন কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয় । সম্প্ৰতি আটাইকেইজন অভিযুক্তক মুম্বাইলৈ লৈ যোৱা হৈছে ।
Read More
গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ২জনক আটক

গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ২জনক আটক

গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ ! পুৱতি নিশা যুৱ নেতাসহ চিত্ৰশিল্পীক আটক।অভিযোগ অনুসৰি, গছ কটাৰ বিৰোধিতা কৰাৰ বাবে পুৱতি নিশা জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ অংকুমান বৰদৈলক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । কেৱল অংকুৰনে নহয়, তেওঁৰ লগতে মাৰ্শ্বেল বৰুৱা নামৰ এগৰাকী চিত্ৰশিল্পী আৰু ভৰলুমুখৰ স্থানীয় বাসিন্দা কমল কুমাৰ নামৰ আন এজন লোককো আৰক্ষীয়ে পুৱতি নিশা আটক কৰিছে বুলি জানিব পৰা গৈছে ।
Read More
কৰিমগঞ্জ সীমান্তৰে বাংলাদেশী অনুপ্ৰৱেশৰ চেষ্টা

কৰিমগঞ্জ সীমান্তৰে বাংলাদেশী অনুপ্ৰৱেশৰ চেষ্টা

পুনৰ কৰিমগঞ্জ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ…এজন বাংলাদেশী নাগৰিকক পুনৰ আটক কৰিছে অসম আৰক্ষীয়ে ।খবৰ অনুসৰি, কৰিমগঞ্জ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বাংলাদেশী নাগৰিকজনে । অনুপ্ৰৱেশকাৰীজনক আটক কৰা লগতে তালাচী চলোৱাৰ পাছত পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে সীমান্তত কঠোৰ নিৰাপত্তা বজাই ৰাখিছে ।
Read More
বলিউডৰ বাদশ্বাহক দিলে মৃত্যুৰ ভাবুকি

বলিউডৰ বাদশ্বাহক দিলে মৃত্যুৰ ভাবুকি

ছলমান খানৰ পিছত এইবাৰ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। শ্বাহৰুখ খানক ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। সূত্ৰ অনুসৰি, ফোনটো ফৈজান নামৰ এজন ব্যক্তিয়ে কৰিছিল। যাক ৰায়পুৰৰ বাসিন্দা বুলি কোৱা হৈছে। বৰ্তমান, ফৈজানক ক্ৰাইম বান্সে নিজৰ জিম্মাত লৈছে।ইতিমধ্যে আৰক্ষীয়ে ট্ৰেচ কৰিছে দুৰ্বৃত্তৰ ফোনৰ লোকেচন। ৰায়পুৰৰ পৰা ফোনযোগে শ্বাহৰুখক ভাবুকি দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।তাৰ পাছতে ৰায়পুৰলৈ ৰাওনা হৈছে আৰক্ষীৰ দলটো।ফোন কৰা ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৮ (৪) আৰু ৩৫১ (৩) (৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ‘পাঠান’ আৰু ‘জৱান’ৰ সফলতাৰ পাছতো তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল শ্বাহৰুখ খানে। তাৰ পিছত বৃদ্ধি কৰা হৈছিল শ্বাহৰুখ খানৰ নিৰাপত্তা।এই বিষয়টো গুৰুত্বসহকাৰে…
Read More
এতিয়াৰে পৰা চৰকাৰী সকলো কাৰ্যালয়ত নিষিদ্ধ হ’ব ধঁপাত সেৱন

এতিয়াৰে পৰা চৰকাৰী সকলো কাৰ্যালয়ত নিষিদ্ধ হ’ব ধঁপাত সেৱন

সকলো চৰকাৰী বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যখনৰ চৰকাৰে। চৰকাৰী কাৰ্যালয়ত ধপাত সেৱন নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। লগতে এই আদেশ উলংঘনৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে।কাৰ্যালয় চৌহদত কাম কৰা কৰ্মচাৰীসকলৰ বাবে ধপাত সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰ্ণাটক চৰকাৰৰ। জনতা তথা চৰকাৰী কৰ্মচাৰীসকলক ধূমপানৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে, যিকোনো চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰী কাৰ্যালয় আৰু চৌহদত ধূমপানকে ধৰি যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী সেৱন নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত, কাৰ্যালয়বোৰত উপযুক্ত স্থানত সতৰ্কবাণী বোৰ্ড স্থাপন কৰাৰ নিৰ্দেশনাও দিয়া হৈছে।
Read More