17
Dec
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পৰিছে সংকটত। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা। ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয় কৰিছিল আৰু এই দিনটোত পাকিস্তানৰ প্ৰায় ৯৩ হাজাৰ সেনাই ঢাকাত আত্মসমৰ্পন কৰিছিল। এই যুদ্ধৰ পৰিণতিত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হৈছিল। কিন্তু স্বাধীনতাৰ প্ৰায় ৫৪ বছৰ পাছতো চুবুৰীয়া দেশ বাংলাদেশে সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক লৈ ডাঙৰ সংকটৰ সন্মুখীন হৈ আছে।বাংলাদেশ-ম্যানমাৰৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। জানিব পৰা মতে, ম্যানমাৰৰ উগ্ৰবাদী আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ অঞ্চলৰ কিছু অংশ দখল কৰিছে। এই অঞ্চলটো বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। শ্বেখ হাছিনা…