উত্তৰ-পূৱ

বৰদিনৰ মাজতে ভয়ংকৰ ঘটনা

বৰদিনৰ মাজতে ভয়ংকৰ ঘটনা

আজি পবিত্ৰ বৰদিন। ইয়াৰ মাজতে গুৱাহাটী সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন শ্ৰমিক।গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ শ্ৰমিক হিচাপে নিয়োজিত ঘোষ। নিৰ্মিয়মান উত্তৰ গুৱাহাটী দলঙত বাঘৰ আতংকই বিৰাজ কৰিছে। দলঙৰ ৪নং খুটাত বাঘ দেখি আতংকিত হৈ পৰে শ্ৰমিকসকল। কাম কৰি থকাৰ পুৱা ৫ বজাত সংঘটিত হৈছিল এই ঘটনা। ব্ৰহ্মপুত্ৰৰে সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো। আহত শ্ৰমিক পশ্চিমবংগৰ উদয় ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া বাঘৰ সন্ত্ৰাসত আতংকিত শ্ৰমিকে বন্ধ ৰাখিছে নিৰ্মাণকাৰ্য।
Read More
বাংলাদেশী নাগৰিকৰ প্ৰৱেশৰ চেষ্টা ভাৰতত

বাংলাদেশী নাগৰিকৰ প্ৰৱেশৰ চেষ্টা ভাৰতত

পুনৰ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা।উল্লেখযোগ্য যে বাংলাদেশী নাগৰিকৰ অবিৰতভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি আহিছে ।যোৱা কেইমাহত ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ বাংলাদেশী নাগৰিকক প্ৰায়ে অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা প্ৰদান কৰি আহিছে । শেহতীয়াকৈ একেদৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশ কৰ্তৃপক্ষক গতাই দিয়াৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।আটকাধীন বাংলাদেশীক মুস্তাফিজুৰ ৰহমান, কাব্বো ক্ৰুজ, মোঃ লেলিন মিয়া, চিৰাজুল ইছলাম, ছাইফুল ইছলাম আৰু মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে । বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা বজাই ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে সীমান্ত…
Read More
আজি সমগ্ৰ দেশে পালন কৰিছে কৃষি দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে কৃষি দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় কৃষি দিৱস। প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো দেশত কৃষি দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, কৃষক নেতা তথা ভাৰত ৰত্না চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত কৃষি বিজ্ঞানীৰ অৱদান, কৃষকৰ সমস্যা, নতুন কৃষিজাত পদ্ধতি, নতুন প্ৰযুক্তি আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। মাত্ৰ কেইটামান মাহৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰী চৰণ সিঙে কৃষি ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ প্ৰখ্যাত কৃষক নেতাৰ ভিতৰত তেওঁৱো আছিল এজন। কৃষি ক্ষেত্ৰৰ প্ৰতি…
Read More
শীঘ্ৰেই দাম বৃদ্ধি পাব গুটখাৰ

শীঘ্ৰেই দাম বৃদ্ধি পাব গুটখাৰ

অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম! এইসমূহ সামগ্ৰীৰ GST বৃদ্ধিৰ সম্ভাৱনা প্ৰৱল। বৰ্তমানৰ ২৮ ৰ পৰা ৩৫% লৈ বৃদ্ধি হব পাৰে GST। ২১ ডিচেম্বৰত GSTৰ পৰিষদৰ বৈঠকত হ'ব পাৰে সিদ্ধান্ত। পানী, নোটবুক,চাইকেল আদি সামগ্ৰীৰ GST হ'ব পাৰে হ্ৰাস। জীৱনবীমা,স্বাস্থ্য বীমাৰ GST হ্ৰাসৰো সিদ্ধান্ত হ'ব পাৰে এই বৈঠকত।
Read More
অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

শোণিতপুৰ আৰক্ষীয়ে ঢেকীয়াজুলীৰ বাতাচিপুৰত এক অভিযান চলায় ৷ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত শোণিতপুৰ আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত চলোৱা এক অভিযানত দলটোৱে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Read More
পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ

পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ

ৰাজ্যত পুনৰ নিষিদ্ধ হ'ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। এইবাৰ মাঘ বিহুৰ সময়ত হাজোৰ বুলবুলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ দেখিবলৈ পোৱা নাযাব। শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।ন্যায়ালয়ে এই ৰায় প্ৰদান কৰাৰ লগতে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই এইবাৰ মাঘ বিহুৰ সময়ত হাজোত বুলবলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব।উল্লেখ্য যে, বছৰ বছৰ ধৰি মাঘ বিহুৰ সময়ত ৰাজ্যত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে। হাজোৰ বুলবুলি চৰাই যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ বিখ্যাত। ইয়াৰ মাজতে…
Read More
জামিন লাভ চুমি বৰাৰ

জামিন লাভ চুমি বৰাৰ

CBIৰ অন্তিমটো গোচৰত জামিন লাভ চুমি বৰাৰ। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে চুমি। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ।
Read More
জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

জম্মু আৰু কাশ্মীৰৰ বহুতো অঞ্চলত অব্যাহত আছে সুৰক্ষা বাহিনীৰ অভিযান। ইয়াৰ মাজতে কুলগামত সেনা-সন্ত্ৰাসবাদীৰ মাজত চলিছে ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত সেনাৰ গুলীত নিহত হৈছে ৫টাকৈ সন্ত্ৰাসবাদী।এনকাউণ্টাৰৰ এদিন পূৰ্বে ভাৰতীয় সেনাৰ সৈন্যই কুপৱাৰাত উদ্ধাৰ কৰিছিল অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী।চলিত বৰ্ষত জম্মু আৰু কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছে। ২০ অক্টোবৰত, মধ্য কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোক নিহত হৈছিল। এই ঘটনাৰ পূৰ্বে কাশ্মীৰত কাম কৰা বাহিৰৰ লোকসকলৰ ওপৰতো আক্ৰমণ কৰা হৈছিল।
Read More
অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

ৰাজ্যত অৱ্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে মানকাচৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে। কুচনীমাৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। একেদৰে এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বুলি জানিবলৈ দিয়ে।ধৃত সৰবৰাহকাৰী দুটাক পূৱ কুচনীমাৰা গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ সাহেব হুছেইন আৰু কদমতলী গাঁৱৰ ৰাহুদুল ইছলামৰ পুত্ৰ ৰবিউল ইছলাম বুলি চিনাক্ত কৰা হৈছে।আৰক্ষীৰ এই অভিযানত সন্দেহযুক্ত ২৫ গ্ৰাম হে'ৰইন জব্দ কৰাৰ লগতে ৪১ টা খালি কণ্টেইনাৰ, ৪টা চাবোনৰ বাকচ আৰু নগদ ৬৭ হেজাৰ জব্দ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।
Read More
পুনৰ নাগাৰ আগ্ৰাসনৰ কৌশল

পুনৰ নাগাৰ আগ্ৰাসনৰ কৌশল

অসম -নগালেণ্ড সীমান্তৰ মেৰাপানীৰ অসম ভূমিত অৱ্যাহত আছে নগাৰ কৌশলী আগ্ৰাসন। এইবাৰ পুনৰ সীমান্ত অঞ্চলটোৰ ২ নং ওপৰ তৰানি গাঁৱত নগাই আৰম্ভ কৰিছে ব্যাপক বেদখল। শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগদখলত থকা এটা টিলাৰ গছ গছনি কাটি তহিলং কৰিছে। দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই থকাৰ কথা জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ মেৰাপানী সীমান্তৰ গড়বস্তি, ইন্দ্ৰপুৰ, ওপৰ তৰানি আদি গাঁৱত নগাই বিভিন্ন কৌশলেৰে অসমভূমি বেদখল কৰাৰ বাবে উঠি পৰি লাগিছে।নগাৰ এনে বেদখল কাৰ্য্যক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই…
Read More