02
Mar
অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই। দেওবাৰে বঢ়মপুৰৰ পুৰণিগুদামত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ সামৰণি সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৰ্তমানৰ বিধায়ক জীতু গোস্বামীৰ প্ৰাৰ্থিত্ব একপ্ৰকাৰ নিশ্চিত কৰে। শইকীয়াই দলীয় কৰ্মীসকলক সম্বোধন কৰি স্পষ্টকৈ কয় যে এইবাৰো জীতু গোস্বামীয়ে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত। প্ৰদেশ সভাপতিগৰাকীৰ এই ঘোষণাই সমষ্টিটোত মিত্ৰদল অসম গণ পৰিষদৰ আশা নিৰ্বাপিত কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ অগপৰ নগাঁও জিলাৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই বঢ়মপুৰৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ যি সম্ভাৱনা…
