05
Feb
বকো - ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত অনুষ্ঠিত হয়। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক অধিবেশন খন আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলপাৰা নৱজ্যোতি সংঘৰ প্ৰাংগনত আয়োজন কৰা হয়। উল্লেখ্য যে ; বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভা আৰু ভাৰপ্ৰাপ্ত সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে ; বেলপাৰা অঞ্চলৰ সমাজ কৰ্মী অনিল ৰাভাক সভাপতি আৰু যুৱ কৰ্মী বুলু ৰাভাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন সৰ্বাঙ্গসুন্দৰ ৰূপত পৰিচালনা…