09
Feb
নতুন দিল্লী, ৯ ফেব্ৰুৱাৰী: প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, পি ভি নৰসিংহ ৰাও আৰু প্ৰসিদ্ধ বিজ্ঞানী তথা সেউজ বিপ্লৱৰ পিতৃ ড০ এম এছ স্বামীনাথনক ভাৰত ৰত্ন (মৰণোত্তৰভাৱে) বঁটা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে 'এক্স'ৰ এটা পোষ্টৰ জৰিয়তে এই ঘোষণা কৰে। য'ত তেওঁ উল্লেখ কৰে যে এইটো আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিংক ভাৰত ৰত্ন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্মান দেশলৈ তেওঁৰ অতুলনীয় অৱদানৰ বাবে উৎসৰ্গিত। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে চৌধুৰী চৰণ সিঙে কৃষকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহ মন্ত্ৰী আৰু আনকি বিধায়ক হিচাপেও…