অসম

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত  অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন- খোৱা উৎসৱ উপলক্ষে ১২ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ দীপৰ বিল ইকো কেম্প চৌহদ। বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তি , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ কলিতা,  দেউছতাল নৱজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপাকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে। আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে…
Read More
মৰক্কোৰ ফেজত দুটা বহুমহলীয়া অট্টালিকা ভাঙি ঊনৈশজন লোকৰ মৃত্যু

মৰক্কোৰ ফেজত দুটা বহুমহলীয়া অট্টালিকা ভাঙি ঊনৈশজন লোকৰ মৃত্যু

মৰক্কোৰ ফেজত দুটা বহুমহলীয়া অট্টালিকা ভাঙি ঊনৈশজন লোকৰ মৃত্যু হয়। এই বছৰ এইটো দ্বিতীয়টো অট্টালিকা ভাঙি পৰা ভয়ংকৰ। অট্টালিকাবোৰত আঠটা পৰিয়াল বাস কৰিছিল। দুৰ্ঘটনাত আহত ১৬ জন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষয়াসকলে জনোৱা মতে, সমগ্ৰ অঞ্চলটো খালী কৰা হৈছে। উদ্ধাৰ আৰু অনুসন্ধান অভিযান চলি আছে।অট্টালিকাটো ভাঙি পৰাৰ কাৰণ আৰু নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা জানিব পৰা হোৱা নাই। ফেজ মৰক্কোৰ দ্বিতীয় বৃহত্তম চহৰ। ইয়াতে আয়োজন কৰা হৈছে এই মাহৰ আফ্ৰিকা কাপ আৰু ২০৩০ চনৰ ফিফা বিশ্বকাপৰ ।
Read More
খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব চৰকাৰে: ড০ হিমন্ত বিশ্ব শর্মা

খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব চৰকাৰে: ড০ হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে স্পষ্টভাৱে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে কোনো কাৰণতে চৰকাৰী ভূমিৰ অবৈধ দখল সহ্য নকৰে আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব৷ তেওঁ কয় যে  ৰাজনীতিৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰসমূহে চৰকাৰী ভূমিত বৃহৎ পৰিসৰৰ বেদখলৰ অনুমতি দিছিল যদিও বৰ্তমানৰ চৰকাৰখনে এই মানসিকতা সলনি কৰি অসমৰ ভূমি আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বহু বেদখলকাৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি বিশ্বাসৰে বেদখল অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷ কিন্তু প্ৰশাসন এতিয়া এনে সকলো কাৰ্যকলাপ নাইকিয়া কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। সকলোৱে আইন মানি চলিব লাগিব আৰু অবৈধ বেদখল খালী কৰিব লাগিব। উল্লেখযোগ্য যে বিগত…
Read More
জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত

জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত সাহিত্য আৰু সাংস্কৃতিক অধ্যয়নত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে বিখ্যাত অসমীয়া সাহিত্যিক তথা পণ্ডিত ড° ৰঞ্জিত কুমাৰ দেৱ গোস্বামীক মঙলবাৰে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰে। সাংস্কৃতিক আইকন জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত কৰা হয়। এই উপলক্ষে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ চ্যান্সেলৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটা প্ৰদান কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প যুৱক-যুৱতীসকলৰ কান্ধত নিহিত হৈ আছে আৰু স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলে দৃঢ়তাৰে জাতিটোৰ উন্নতিত অৰিহণা যোগাব লাগে। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৮০৪…
Read More
পোষ্ট মেলনৰ কনচাৰ্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ

পোষ্ট মেলনৰ কনচাৰ্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ

পোষ্ট মেলনৰ কনচাৰ্টৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বিদেশী মহিলা ব্লগাৰে। তেওঁ ভাৰতত মহিলাৰ সুৰক্ষা কিমান তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই ভ্ৰমণ কৰাৰ পাছত ইংলেণ্ডৰ কিছু সংখ্যক পৰ্যটক গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল। তেওঁলোক একো একোজন ব্লগাৰ। কিন্তু গুৱাহাটীৰ অনুষ্ঠানটোত তেওঁলোকে নিৰাপদ অনুভৱ নকৰিলে। তেওঁলোকে অনুষ্ঠান চাবলৈ ভিতৰলৈ প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে তেওঁলোক ওলাই আহিবলৈ বাধ্য হ’ল। কাৰণ বিদেশী মহিলা পৰ্যটক কেইগৰাকীৰ দেহত সন্মতি অবিহনে স্পৰ্শ কৰা হ’ল, হেঁচা ঠেলা কৰা হ’ল।তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে,”ভাৰতত এইধৰণৰ কনচাৰ্ট মহিলাসকলৰ বাবে নিৰাপদ স্থান বুলি আপুনি ভাবেনে? যোৱা নিশা গুৱাহাটীৰ পোষ্ট মেলন…
Read More
আজি ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

আজি ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

আজি ৰাজ্যজুৰি পালন কৰা শ্বহীদ দিৱস। এই উপলক্ষে জিলাই জিলাই পৰিৱেশন শ্বহীদ প্ৰণামো তোমাক গীতটি। আজি এই বিশেষ দিনটোতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।
Read More
গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড। ৬টাকৈ মহলাত অগ্নিসংযোগ হৈ ভয়ঙ্কৰ পৰিস্থিতি।অগ্নিকাণ্ডত ভস্মীভূত কোটি-কোটি টকাৰ সামগ্ৰী। আট্টালিকাটোত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা।‌ নিশা সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। কোটি কোটি টকাৰ সম্পত্তি জুই জাহ যায় অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।‌
Read More
ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান । প্ৰায় ২০০ টা পৰিয়াললৈ জাননী প্ৰেৰণ জিলা প্ৰশাসনৰ। লগতে বৈধ নথি পত্ৰ থকা সকলক১২ ডিচেম্বৰত কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Read More
পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

খানাপাৰাত যোৱা নিশা ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনে। অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ কৰিলে বিশেষ মন্তব্য।অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান। গানৰ লগতে তেওঁৰ এক বিশেষ কাৰ্যই বিশেষকৈ অসমৰ অনুৰাগীসকলৰ মন জয় কৰে।হিয়াৰ আমঠু যিগৰাকী শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাহত কৰি ৰাখিছে সেই শিল্পীগৰাকীক ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে পোষ্ট মেলনে। তেওঁৰ এই বাক্যটিৰ লগে লগে অনুৰাগীৰ ধ্বনিৰে আন্দোলিত হৈ উঠে…
Read More
বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

দেশী -  বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক  দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো আজি পুৱাৰ ভাগত উদ্ধোধন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ বা ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত বনভোজথলীটো উদ্ধোধন কৰা হয়। বনভোজথলীটো তদাৰক কৰি আহিছে অঞ্চলটোৰ  অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘই। আনহাতে আজি  সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো উদ্ধোধন  কৰে…
Read More