17
Jan
"বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়…" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, ভিআইপিৰ পিএছঅ' উঠাই লোৱাৰ ঘোষণা কৰাৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমৰ্থন কৰিছে ঠিকেই, কিন্তু পিএছঅ'ৰ মাজত ঘূৰি নিজকে ভিআইপি-ভিভিআইপি অনুভৱ কৰা আন বহুতেই অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত। তেনে ধৰণেই অসন্তুষ্টি ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিধায়কজনে যুক্তি দিলে পিএছঅ'ৰ প্ৰয়োজনীয়তাৰ। বিধায়ক ৰমাকান্ত দেউৰীয়ে পিএছঅ'ৰ সপক্ষে যুক্তি দি ক'লে- "যদি পিএছঅ' নাথাকে তেন্তে সাধাৰণ জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক'ত থাকিব?" বিধায়কজনৰ মতে, বাইচান্সৰ লাইচেন্স নাই। গতিকে যদি কিবা এটা হৈ যায়, তেন্তে…
