অসম

ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণা আইপিএছ জি পি সিঙৰ…

ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণা আইপিএছ জি পি সিঙৰ…

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব IPS জি পি সিং। কলাক্ষেত্ৰৰ নিযুক্তি প্ৰদান অনুষ্ঠানত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উ্ল্লেখ্য যে, অহা ৩১ জানুৱাৰীত অৱসৰ ল’ব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণাৰ পাছতে জি পি সিঙে কৰিছে প্ৰথমটো টুইট। তেওঁ লিখিছে- ‘মা কামাখ্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা।’
Read More
উজানবজাৰৰ ৰে’লৱেৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

উজানবজাৰৰ ৰে’লৱেৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে গুৱাহাটীৰ উজানবজাৰত ৰেলৱেৰ ভূমি বেদখল কৰা ৰাইজলৈ জাননী জাৰি কৰিছে। এন এফ ৰেলৱেয়ে জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে যে ৰাইজে বেদখল কৰা ৰেলৱেৰ মাটি ৯ ফেব্ৰুৱাৰীৰ ভিতৰত বা তাৰ আগতে খালী কৰিব লাগিব। জাননীখনত আৰু কোৱা হৈছে যে, “৯ ফেব্ৰুৱাৰীৰ ভিতৰত ৰে’লৱেৰ মাটিত বাস কৰা লোকসকলক খালী কৰিব লাগে আৰু আৰু অনুৰোধ জনোৱা হৈছে যে তেওঁলোকেও একে কাম কৰিবলৈ বিষয়বস্তুৰ স্থানীয় অন্যান্য বেদখলকাৰীসকলক এই বাৰ্তা দিব লাগে।” বছৰ বছৰ ধৰি ৰে’লৱেৰ মাটি বেদখল কৰি অহা বেদখলকাৰীসকলে এতিয়া ক’লৈ স্থানান্তৰিত হ’ব সেই লৈ দ্বিধাদ্বন্দ্বৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি উজানবজাৰৰ ৰে’ল ভূমি বেদখল কৰি আছে হাজাৰ হাজাৰ…
Read More
জীন্স পিন্ধি আদালতত প্ৰৱেশ কৰা অধিবক্তা বিজন মহাজনক আৰক্ষী লগাই বাহিৰ কৰি দিলে ন্যায়াধীশে

জীন্স পিন্ধি আদালতত প্ৰৱেশ কৰা অধিবক্তা বিজন মহাজনক আৰক্ষী লগাই বাহিৰ কৰি দিলে ন্যায়াধীশে

আদালতৰ নীতি অৱমাননাৰ অভিযোগ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ বিৰুদ্ধে। জীন্স পিন্ধি যোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বাহিৰ কৰি দিয়া হ’ল অধিবক্তাগৰাকীক। অধিবক্তা বিজন মহাজনক আদালতৰ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ ন্যায়াধীশৰ। যোৱা শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা। জীন্স পিন্ধি যোৱা বিজন মহাজনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল নিহাৰ কুমাৰ দাস নামৰ এজন লোকে। ইয়াৰ পিছতে ন্যায়াধীশে আদালতৰ পৰা বাহিৰ কৰি দিয়ে অধিবক্তাগৰাকীক। ইফালে এই বিষয়টো অৱগত কৰা হৈছে মুখ্য ন্যায়াধীশকো। বাৰ কাউন্সিলকো অৱগত কৰা হৈছে সমগ্ৰ বিষয় সম্পৰ্কে।
Read More
নগাঁৱৰ উধানতলাত ঘৰত প্ৰৱেশ কৰি যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

নগাঁৱৰ উধানতলাত ঘৰত প্ৰৱেশ কৰি যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। ৱাহিদুৰ ইছলাম নামৰ এজন যুৱকৰ গুলীচালনা। ৱাহিদুৰ ইছলামৰ গুলীত আহত ছামিম আখতাৰ নামৰ এজন যুৱক। সংকটজনক অৱস্থাত গুলীবিদ্ধ ৱাহিদুৰক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে কিছুদিন পূৰ্বে ছামিমৰ ভাতৃক কোনো দুৰ্বৃত্তই হত্যা কৰিছিল। জানিব পৰা মতে এখন বাইক তিনিজন যুৱক আহিছিল আৰু ৱাহিদুৰৰ ঘৰত সোমাই পৰিয়ালৰ লোকৰ সন্মুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ যায়। মুৰ আৰু পেটত গুলী লাগিছে ৱাহিদুৰৰ। কি কাৰণত যুৱকজনক গুলীয়ালে সেই কথা বৰ্তমানলৈকে জানিব পৰা নাই। বাইকত অহা যুৱক তিনিজনৰ দুজনক পৰিয়ালৰ লোক সকলে চিনাক্ত কৰিছে। ঘটনা সন্দৰ্ভত ডুমডুমীয়া…
Read More
ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান। এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত। তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু মাতৃ প্ৰয়াত ৰেনু কলিতা। তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ চনৰৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে…
Read More
সাৱধান! ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাব লাগিব জে’ললৈ…

সাৱধান! ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাব লাগিব জে’ললৈ…

১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাৱজ্জীৱন কাৰাদণ্ড হ’ব অসমত। বাল্য বিবাহ আৰু যৌন অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে পক্স’ এক্টৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব। তেওঁ লগতে কয় যে আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে দমন চলাবলৈ কোৱা হৈছে। শৰ্মাই লগতে কয় যে প্ৰতিখন গাঁৱতে এজন শিশু সুৰক্ষা বিষয়া নিযুক্তি দিয়া হ’ব।
Read More
সোণাপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এছএছবি জোৱানৰ…

সোণাপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এছএছবি জোৱানৰ…

গুৱাহাটীঃ দেওবাৰে গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰত এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী এছএছবি জোৱান। মৃত জোৱানজন মণিপুৰৰ বাসিন্দা এছ বেঞ্জামিন বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, সোণাপুৰ কলেজৰ গেটৰ সমীপত এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হয়। গুৱাহাটীঃ এক মৰ্মান্তিক ঘটনাত দেওবাৰে গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰত এজন যাত্ৰীয়ে খুন্দা মাৰি সেৱা বাছনি ব’ৰ্ডৰ এজন জোৱানক থিতাতে নিহত হয়। মৃত লোকজন মণিপুৰৰ বাসিন্দা এছ বেঞ্জামিন বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, সোণাপুৰ কলেজৰ গেটৰ সমীপত এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হয়। বেঞ্জামিনে পথ পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় এছএছবি জোৱানজনে। ঘটনাৰ পিছতে গাড়ীখনৰ চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰে বুলি…
Read More
চাপৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চৰ্দাৰক আটক আৰক্ষীৰ…

চাপৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চৰ্দাৰক আটক আৰক্ষীৰ…

দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ড্ৰাগছ ব্যৱসায়ীজন। এক গোপন সূত্ৰৰ পম খেদি নিশা অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰে চাপৰ আৰক্ষীয়ে৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন চাপৰৰ ঘুনিমাৰীৰ চৰ্দাৰ ওৰফে খিৰদ আলী বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কেইমাহ মান পূৰ্বে ড্ৰাগছ সম্বন্ধীয় গোচৰত চাপৰ আৰক্ষীয়ে দুজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কিন্তু চৰ্দাৰ নামৰ এই ড্ৰাগছ ব্যৱসায়ীজন ইমানদিনে আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল। অনাগত দিনত এনে ধৰণৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতীয়ে জানিব দিয়ে। লগতে গোটেই চাপৰ অঞ্চল এক ড্ৰাগছ মুক্ত চাপৰ গঢ় দিয়াৰ পোন লোৱা বুলিও উল্লেখ কৰে ভাৰ প্ৰাপ্ত বিষয়া…
Read More
ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই…

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই…

অসমৰ বিখ্যাত অভিনেতা প্ৰাঞ্জিত দাসৰ মৃত্যু। গুৱাহাটীৰ মেট্ৰ’ হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত প্ৰায় ১০ বজাত মৃত্যু হয় অভিনেতাজনৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাসে দৰ্শকৰ পৰা যথেষ্ট মৰম অৰ্জন কৰিছিল। কিছুদিন পূৰ্বে সূৰ্য্য থিয়েটাৰত ‘পৰশুনাথৰ প্ৰিয়’ নামৰ নাটকত অভিনয় কৰি থাকোঁতে অসুস্থ হৈ পৰিছিল দাস। অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে মঞ্চত ঢলি পৰে অভিনেতাগৰাকী। সংকটজনক অৱস্থাত অভিনেতাজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশেষত শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু মেট্ৰ’ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীৰ আজি মৃত্যু হয়। প্ৰাণজিৎ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ শিল্পী সমাজে।
Read More
ভাল খবৰঃ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান UNESCOৰ…

ভাল খবৰঃ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান UNESCOৰ…

ৰাজ্যবাসীৰ বাবে এক সুঃখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ’ব চৰাইদেউ মৈদামক। UNESCO-এ প্ৰদান কৰিব এই স্বীকৃতি। জনতা ভৱনত আয়োজন কৰা সংবাদমেলত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। দেশৰ পৰা চলিত বৰ্ষত কেৱল অসমৰ বাবে UNESCO লৈ যাব মনোনয়ন। পেৰিছলৈ প্ৰেৰণ কৰিব এই মনোনয়ন। ছেপ্টেম্বৰত UNESCOৰ পৰ্যবেক্ষকৰ দল আহিব চৰাইদেউলৈ। ইয়াৰ ভিত্তিতে ২০২৪ৰ মাৰ্চৰ ভিতৰত চূড়ান্ত স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা।
Read More