05
Feb
গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত আজি ভাৰ্টিগো আৰু বে ** লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন সফলভাৱে সম্পন্ন হয়, এই বিশেষ ক্লিনিকখনত মুৰ ঘুৰণী আৰু ভাৰসাম্য সমস্যাৰ প্ৰতি বিশেষায়িত চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। উক্ত অনুষ্ঠানত অসমৰ জল-সম্পদ, তথ্য প্ৰচাৰ, মুদ্ৰণ আৰু স্টেচনৰী বিভাগ তথা সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগৰ কেবিনেট মন্ত্ৰী মহোদয় সম্মানীয় শ্ৰীযুত পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত হৈ চিকিৎসালয়ৰ নেতৃত্বৰ সৈতে এই আধুনিক সুবিধাৰ শুভ উদ্বোধন কৰে। অনুষ্ঠান সম্বোধন কৰি শ্ৰী হাজৰিকাই হাস্পতালৰ এই উদ্যোগৰ প্ৰতি তেওঁৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয়, ই স্বাস্থ্য সেৱা আৰু মানৱ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ…
