অসম

নগাঁৱৰ উধানতলাত ঘৰত প্ৰৱেশ কৰি যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

নগাঁৱৰ উধানতলাত ঘৰত প্ৰৱেশ কৰি যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। ৱাহিদুৰ ইছলাম নামৰ এজন যুৱকৰ গুলীচালনা। ৱাহিদুৰ ইছলামৰ গুলীত আহত ছামিম আখতাৰ নামৰ এজন যুৱক। সংকটজনক অৱস্থাত গুলীবিদ্ধ ৱাহিদুৰক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে কিছুদিন পূৰ্বে ছামিমৰ ভাতৃক কোনো দুৰ্বৃত্তই হত্যা কৰিছিল। জানিব পৰা মতে এখন বাইক তিনিজন যুৱক আহিছিল আৰু ৱাহিদুৰৰ ঘৰত সোমাই পৰিয়ালৰ লোকৰ সন্মুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ যায়। মুৰ আৰু পেটত গুলী লাগিছে ৱাহিদুৰৰ। কি কাৰণত যুৱকজনক গুলীয়ালে সেই কথা বৰ্তমানলৈকে জানিব পৰা নাই। বাইকত অহা যুৱক তিনিজনৰ দুজনক পৰিয়ালৰ লোক সকলে চিনাক্ত কৰিছে। ঘটনা সন্দৰ্ভত ডুমডুমীয়া…
Read More
ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান। এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত। তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু মাতৃ প্ৰয়াত ৰেনু কলিতা। তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ চনৰৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে…
Read More
সাৱধান! ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাব লাগিব জে’ললৈ…

সাৱধান! ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাব লাগিব জে’ললৈ…

১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাৱজ্জীৱন কাৰাদণ্ড হ’ব অসমত। বাল্য বিবাহ আৰু যৌন অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে পক্স’ এক্টৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব। তেওঁ লগতে কয় যে আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে দমন চলাবলৈ কোৱা হৈছে। শৰ্মাই লগতে কয় যে প্ৰতিখন গাঁৱতে এজন শিশু সুৰক্ষা বিষয়া নিযুক্তি দিয়া হ’ব।
Read More
সোণাপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এছএছবি জোৱানৰ…

সোণাপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এছএছবি জোৱানৰ…

গুৱাহাটীঃ দেওবাৰে গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰত এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী এছএছবি জোৱান। মৃত জোৱানজন মণিপুৰৰ বাসিন্দা এছ বেঞ্জামিন বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, সোণাপুৰ কলেজৰ গেটৰ সমীপত এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হয়। গুৱাহাটীঃ এক মৰ্মান্তিক ঘটনাত দেওবাৰে গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰত এজন যাত্ৰীয়ে খুন্দা মাৰি সেৱা বাছনি ব’ৰ্ডৰ এজন জোৱানক থিতাতে নিহত হয়। মৃত লোকজন মণিপুৰৰ বাসিন্দা এছ বেঞ্জামিন বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, সোণাপুৰ কলেজৰ গেটৰ সমীপত এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হয়। বেঞ্জামিনে পথ পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় এছএছবি জোৱানজনে। ঘটনাৰ পিছতে গাড়ীখনৰ চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰে বুলি…
Read More
চাপৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চৰ্দাৰক আটক আৰক্ষীৰ…

চাপৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চৰ্দাৰক আটক আৰক্ষীৰ…

দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ড্ৰাগছ ব্যৱসায়ীজন। এক গোপন সূত্ৰৰ পম খেদি নিশা অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰে চাপৰ আৰক্ষীয়ে৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন চাপৰৰ ঘুনিমাৰীৰ চৰ্দাৰ ওৰফে খিৰদ আলী বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কেইমাহ মান পূৰ্বে ড্ৰাগছ সম্বন্ধীয় গোচৰত চাপৰ আৰক্ষীয়ে দুজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কিন্তু চৰ্দাৰ নামৰ এই ড্ৰাগছ ব্যৱসায়ীজন ইমানদিনে আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল। অনাগত দিনত এনে ধৰণৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতীয়ে জানিব দিয়ে। লগতে গোটেই চাপৰ অঞ্চল এক ড্ৰাগছ মুক্ত চাপৰ গঢ় দিয়াৰ পোন লোৱা বুলিও উল্লেখ কৰে ভাৰ প্ৰাপ্ত বিষয়া…
Read More
ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই…

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই…

অসমৰ বিখ্যাত অভিনেতা প্ৰাঞ্জিত দাসৰ মৃত্যু। গুৱাহাটীৰ মেট্ৰ’ হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত প্ৰায় ১০ বজাত মৃত্যু হয় অভিনেতাজনৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাসে দৰ্শকৰ পৰা যথেষ্ট মৰম অৰ্জন কৰিছিল। কিছুদিন পূৰ্বে সূৰ্য্য থিয়েটাৰত ‘পৰশুনাথৰ প্ৰিয়’ নামৰ নাটকত অভিনয় কৰি থাকোঁতে অসুস্থ হৈ পৰিছিল দাস। অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে মঞ্চত ঢলি পৰে অভিনেতাগৰাকী। সংকটজনক অৱস্থাত অভিনেতাজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশেষত শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু মেট্ৰ’ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীৰ আজি মৃত্যু হয়। প্ৰাণজিৎ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ শিল্পী সমাজে।
Read More
ভাল খবৰঃ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান UNESCOৰ…

ভাল খবৰঃ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান UNESCOৰ…

ৰাজ্যবাসীৰ বাবে এক সুঃখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ’ব চৰাইদেউ মৈদামক। UNESCO-এ প্ৰদান কৰিব এই স্বীকৃতি। জনতা ভৱনত আয়োজন কৰা সংবাদমেলত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। দেশৰ পৰা চলিত বৰ্ষত কেৱল অসমৰ বাবে UNESCO লৈ যাব মনোনয়ন। পেৰিছলৈ প্ৰেৰণ কৰিব এই মনোনয়ন। ছেপ্টেম্বৰত UNESCOৰ পৰ্যবেক্ষকৰ দল আহিব চৰাইদেউলৈ। ইয়াৰ ভিত্তিতে ২০২৪ৰ মাৰ্চৰ ভিতৰত চূড়ান্ত স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা।
Read More
এতিয়াৰে পৰা বিহু, উৎসৱ-পাৰ্বনত মুকলিকৈ খাব পাৰিব সাজ, ৰহিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এতিয়াৰে পৰা বিহু, উৎসৱ-পাৰ্বনত মুকলিকৈ খাব পাৰিব সাজ, ৰহিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দোকানৰ পৰা যদি ব্ৰেণ্ডি-হুইস্কি কিনি খাব পাৰে, তেন্তে সকলোৱে দেখাকৈ এতিয়াৰে পৰা খাব পাৰিব অসমৰ জনজাতীয় পানীয়ও। মঞ্চৰ পৰাই এই অনুমতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনজাতীয় পৰম্পৰা যাতে হেৰাই নাযায়, তাৰ বাবে সাজ, ৰহি আদি জনজাতীয় পানীয় খোৱাত অনুমতি মু্খ্যমন্ত্ৰীৰ। তেওঁ কয় যে ব্ৰেণ্ডি, হুইস্কি খাই দিলে পুৰণা পানীয়বোৰ হেৰাই যাব। যাৰ বাবে মেলা, উৎসৱ, বিহু, জনজাতীয় উৎসৱ-পাৰ্বনত পৰম্পৰাগত পানীয় বিক্ৰী বা পানত অনুমতি প্ৰদান কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে এয়া অত্যাধিক পান নকৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Read More
৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী…

৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী…

সাধাৰণ পৰ্যটকৰ বাবে অহা ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী। এই কথা বুধবাৰে অৱগত কৰে অসম বন বিভাগে। অহা ৪ ফেব্ৰুৱাৰীত জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু আগৰতলি ৰেঞ্জত সাধাৰণ পৰ্যটকৰ বাবে ৪ ফেব্ৰুৱাৰীত জীপ ছাফাৰী বন্ধ থাকিব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ৰ জাননীত উল্লেখ কৰা হৈছে যে, “২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীত জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বাগৰি, কাজিৰঙা আৰু আগৰতলি ৰেঞ্জৰ জীপ ছাফাৰী সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব।” অৱশ্যে এই সময়ছোৱাত পূৰ্বৰ দৰেই অব্যাহত থাকিব হাতী ছাফাৰী।
Read More
শোকাবহ! কেন্দুকোণাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ভাতৃ-ভগ্নীৰ…

শোকাবহ! কেন্দুকোণাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ভাতৃ-ভগ্নীৰ…

কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই ভাই-ভনীৰ মৃত্যু হয়। খবৰ অনুসৰি কেন্দুকোনাস্থিত ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত তীব্ৰবেগী বাহনে খুন্দা মাৰে এজন ভাতৃ আৰু ভগ্নীসহ চাৰিজন লোকক। স্থানীয় ৰাইজে দাবী কৰা মতে গাড়ীখনৰ চালকজন মদ্যপান কৰি নলবাৰীলৈ গৈ থকা অৱস্থাত পথত ব্যক্তিসকলক খুন্দা মাৰে। দুৰ্ঘটনাটোত গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাস (৮)ৰ প্ৰাণ। ইফালে আহত চুমি দাস আৰু আইনুল হকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা ব্যক্তিজনক নৰেন নাৰ্জাৰী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এগৰাকী অৱসৰী চিকিৎসক।
Read More