04
Oct
গুৱাহাটীঃ নিবনুৱাৰ বাবে এক সুখবৰ। গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি ঘোষণা কৰিছে এয়াৰ এছিয়া ইণ্ডিয়াই। ব্যতিক্ৰমী গ্ৰাহক সেৱা প্ৰদানৰ প্ৰতি ইচ্ছুক আবেদনকাৰীক বিমান সংস্থাটোৱে airasia.co.in/jointhecrew অথবা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। ৬ অক্টোবৰ ২০২২, শনিবাৰে কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি অভিযানত স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰমাণ পত্ৰ (HSC) বা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম (PUC) প্ৰমাণপত্ৰ (১০+২) থকা প্ৰাৰ্থী বা লিখিত আৰু কথিত ভাষা, ইংৰাজী আৰু হিন্দীৰ বিষয়ে ভালদৰে জ্ঞান থকা, আৰু বৈধ-ভাৰতীয় পাছপ'ৰ্ট থকা বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্ধাৰিত উচ্চতা আৰু বডি মাছ ইনডেক্স (BMI) মাপকাঠী পূৰণ কৰিব লাগিব। নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ তলত…
