মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাডে ১৪ কুকি অসামৰিক নাগৰিকক মুকলি কৰাৰ বাবে ইউএনচিক প্ৰশংসা কৰে, ৬ নগা নাগৰিকক মুকলি কৰিবলৈ আহ্বান

মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল পিপলছ পাৰ্টী (এনপিপি)ৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড কে ছাংমাই চলিত বৰ্ষৰ ১৩ মে’ৰ পৰা চেনাপতিত আটক হৈ থকা ১৪ জন কুকি অসামৰিক নাগৰিকক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বাবে ইউনাইটেড নগা কাউন্সিল (ইউএনচি), নগা জনজাতীয় হোহো, নাগৰিক সমাজ সংগঠন, সম্প্ৰদায়ৰ নেতা আৰু সকলো সংশ্লিষ্ট পক্ষক প্ৰশংসা কৰে।

এনপিপিৰ সভাপতিগৰাকীয়ে কয়, “এই মানৱীয় পদক্ষেপে নগা লোকসকলৰ সেই উৎকৃষ্ট পৰম্পৰাকে প্ৰতিফলিত কৰে, যাৰ ইতিহাস, ৰীতি-নীতি আৰু বিশ্বাসে সদায় কৰুণা, মৰ্যাদা, সমন্বয় আৰু মানৱ জীৱনৰ প্ৰতি সন্মানৰ মূল্যবোধক ধৰি ৰাখিছে। আৱেগ প্ৰবল হৈ থকা আৰু সংঘাতৰ ক্ষত বহন কৰি থকা সময়ত, মানৱতাক মতভেদৰ ঊৰ্ধ্বত স্থান দিয়া এই সিদ্ধান্তই মণিপুৰ আৰু বৃহত্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণলৈ আশাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।”

“সংযম, প্ৰজ্ঞা আৰু নৈতিক সাহস প্ৰদৰ্শন কৰাৰ বাবে মই ইউএনচি আৰু সকলো নগা সংগঠনক প্ৰশংসা কৰিছোঁ। তেওঁলোকৰ কাৰ্যই দেখুৱাই দিছে যে কঠিন পৰিস্থিতিৰ মাজতো খং আৰু বিভাজনৰ ওপৰত শান্তি আৰু মানৱতা জয়ী হ’ব পাৰে।

একেসময়তে, মই সকলো কুকি নাগৰিক সমাজ সংগঠন, সম্প্ৰদায়ৰ নেতা আৰু সংশ্লিষ্ট গোটসমূহক এই মহান পদক্ষেপৰ প্ৰতিদানস্বৰূপে ছয়জন নগা অসামৰিক নাগৰিকক অবিলম্বে আৰু চৰ্তহীনভাৱে মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ সন্মানসহকাৰে পুনৰ আহ্বান জনাইছোঁ।

১৪ জন কুকি অসামৰিক নাগৰিকক মুকলি কৰাটো কেৱল এক প্ৰশাসনিক সিদ্ধান্ত নাছিল। ই আছিল এই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত এক মানৱীয় কাৰ্য যে নিৰীহ অসামৰিক নাগৰিক কেতিয়াও সংঘাতৰ বলি হ’ব নালাগে। মই আন্তৰিকতাৰে আশা কৰিছোঁ যে একে মানৱীয় মনোভাৱেই এতিয়া ছয়জন নগা লোকক তেওঁলোকৰ পৰিয়াললৈ নিৰাপদে ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব।

যিকোনো অসামৰিক নাগৰিকক আটক কৰি ৰাখিলে পৰিয়াল আৰু সম্প্ৰদায়ৰ দুখ-কষ্ট দীঘলীয়া হয় আৰু মণিপুৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰোগ্য প্ৰক্ৰিয়াত বিলম্ব ঘটে। বাকী থকা বন্দীসকলক মুকলি কৰাটো এক গুৰুত্বপূৰ্ণ আস্থা-গঢ়া পদক্ষেপ হ’ব আৰু সম্প্ৰদায়সমূহৰ মাজত বিশ্বাস পুনৰুদ্ধাৰৰ দিশত এক শক্তিশালী পদক্ষেপ হ’ব।

“নেশ্যনেল পিপলছ পাৰ্টী জনজাতি, সম্প্ৰদায় বা ধৰ্ম নিৰ্বিশেষে প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে শান্তি, আলোচনা, সমন্বয়ৰ লক্ষ্যৰে লোৱা সকলো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মানৱতা যে সংঘাততকৈ শক্তিশালী আৰু কৰুণাই যে স্থায়ী শান্তিৰ ভেটি, সেয়া প্ৰদৰ্শন কৰিবলৈ আহক আমি এই মুহূৰ্তটোৰ সদ্ব্যৱহাৰ কৰোঁ,” ছাংমাই কয়।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *