11
Jul
জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। ২ আগষ্টৰ পৰা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত এই গোচৰৰ চূড়ান্ত শুনানি আৰম্ভ হ’ব। মঙলবাৰে উচ্চতম ন্যায়ালয়ে জনায় যে শুনানিত ৩৭০ অনুচ্ছেদ বাতিলৰ সাংবিধানিক দিশহে বিবেচনা কৰা হ’ব। সোমবাৰ আৰু শুকুৰবাৰৰ বাহিৰে সপ্তাহৰ সকলো দিনতে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি চলি থাকিব। ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হয়। ইয়াৰ ৰাজ্যিক মৰ্যাদাও কাঢ়ি লৈ দুখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছিল। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে উচ্চতম ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল কৰা হয়। সেই গোচৰসমূহৰ শুনানি ২…
