ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

পথৰ দুৰ্ঘটনাৰ বাবেই ২ জনজাতীয় যুৱকক নিৰ্মমভাৱে প্ৰহাৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৩ জনক গ্ৰেপ্তাৰ

পথৰ দুৰ্ঘটনাৰ বাবেই ২ জনজাতীয় যুৱকক নিৰ্মমভাৱে প্ৰহাৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৩ জনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে জনোৱা মতে, ইন্দোৰ জিলাত শনিবাৰে পথত হোৱা কাজিয়াৰ ফলত এজন ল’ৰাকে ধৰি দুজন জনজাতীয় ব্যক্তিক বন্দী কৰি ৰাখি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে সুমিত চৌধুৰী, জয়পাল সিং বাঘেল আৰু প্ৰেম সিং পাৰমাৰক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ সিধি জিলাত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এজন জনজাতীয় লোকৰ ওপৰত প্ৰস্ৰাৱ কৰা দেখা পোৱা এটা পুৰণি ভিডিঅ’ ভাইৰেল হোৱাৰ লগতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে এই বিষয়টোক লৈ ক্ষোভৰ সন্মুখীন হোৱাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। আৰক্ষী উপ আয়ুক্ত আদিত্য মিশ্ৰই সাংবাদিকৰ আগত কয় যে শুকুৰবাৰে ৰাউ থানা এলেকাত মটৰ চাইকেল ছিটিকি পৰাত এজন ১৮…
Read More
যুৱকৰ মুখত বিজেপি কৰ্মীৰ “প্ৰস্ৰাৱ”ৰ পিছত এইবাৰ ভাইৰেল দলিতক জোতা চেলেকিবলৈ দিয়া ভিডিঅ’

যুৱকৰ মুখত বিজেপি কৰ্মীৰ “প্ৰস্ৰাৱ”ৰ পিছত এইবাৰ ভাইৰেল দলিতক জোতা চেলেকিবলৈ দিয়া ভিডিঅ’

মধ্য প্ৰদেশত এজন দলিতৰ ওপৰত ‘বিজেপি কৰ্মী’ প্ৰস্ৰাৱ কৰাৰ অভিযোগৰ মাজতে ভাইৰেল হৈ পৰিছে আন এক ভিডিঅ’। এইজনো মধ্যপ্ৰদেশৰ। গ্ৱালিয়ৰত এজন ব্যক্তিয়ে নিজৰ জোতা চেলেকি থকা দেখা গ’ল! এখন চলন্ত গাড়ীৰ ভিতৰত এই ঘটনাৰ ভিডিঅ’ক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক। সেই ভিডিঅ’টোত ঠিক কি দেখা গৈছে? তাত এজন ব্যক্তিয়ে আন এজনক মাৰপিট আৰু গালি-গালাজ কৰা দেখা গৈছিল। লগতে অভিযুক্তই অবিৰতভাৱে চৰ মাৰি থকা দেখা গৈছে। আন এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিযুক্তই ভুক্তভোগীক জোতাৰে আঘাত কৰা দেখা গৈছে। জোতাযোৰ চেলেকি থকাও দেখা গ’ল। ভিডিঅ’ক কেন্দ্ৰ কৰি সমালোচনাৰ ধুমুহা নেট জগতত। আৰক্ষীয়ে জনোৱা…
Read More
মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ বাবে দাখিল কৰা আবেদন খৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ

মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ বাবে দাখিল কৰা আবেদন খৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ

ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ আৱেদন খাৰিজ কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে। দৰাচলতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মোডী উপাধিৰে কৰা মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা হয়, তাৰ পিছত তেওঁ সংসদৰ সদস্যপদ হেৰুৱাই পেলায়। ন্যায়াধীশ হেমন্ত প্ৰচাকে উল্লেখ কৰে যে ৰাহুলৰ বিৰুদ্ধে কমেও ১০টা অপৰাধমূলক গোচৰ চলি আছে। বৰ্তমানৰ গোচৰৰ পিছতো তেওঁৰ বিৰুদ্ধে আন কিছুমান গোচৰো ৰুজু হৈছিল। তেনে এটা গোচৰ বীৰ সাৱৰকাৰৰ নাতিয়ে দাখিল কৰিছে। ন্যায়াধীশে আৰু কয় যে দোষী সাব্যস্ত হোৱাৰ ফলত কোনো অন্যায় নহ’ব। দোষী সাব্যস্ত কৰাটো ন্যায়সংগত আৰু সঠিক। পূৰ্বে গৃহীত হোৱা নিৰ্দেশত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নালাগে। সেয়েহে আবেদন…
Read More
ভূপালৰ প্ৰস্ৰাৱ কাণ্ড! বিতৰ্কিত টুইটৰ অভিযোগত লোকগায়িকা নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

ভূপালৰ প্ৰস্ৰাৱ কাণ্ড! বিতৰ্কিত টুইটৰ অভিযোগত লোকগায়িকা নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

মধ্যপ্ৰদেশৰ প্ৰস্ৰাৱ কাণ্ডৰ পিছত টুইটাৰত বিতৰ্কিত টুইট কৰাৰ অভিযোগত লোকগায়িকা নেহা সিং ৰাথোৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এখন এজাহাৰ। ভূপালৰ হাবিবগঞ্জ থানাত লোকগায়িকা নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। তেওঁ টুইটাৰত আৰএছএছৰ পোছাক পিন্ধা এজন ব্যক্তিয়ে তেওঁৰ সন্মুখত বহি থকা ব্যক্তিজনৰ ওপৰত প্ৰস্ৰাৱ কৰা দেখা গৈছে। এই পোষ্টটো ভূপালৰ সিধিৰ ঘটনাৰ পৰা অনুপ্ৰাণিত বুলি দাবী কৰা হৈছে। সিধিত এজন ব্যক্তিয়ে এজন জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। এই এফআইআৰত গায়কগৰাকীয়ে আৰএছএছ আৰু জনজাতীয় সমাজৰ মাজত শত্ৰুতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ ওপৰত জাৰি কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ আই পি চিৰ ১৫৩এ ধাৰা। এই শিতানত জাতি, ধৰ্ম, বাসস্থান, ভাষা…
Read More
চাঞ্চল্যকৰ! নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ IPS বিষয়াৰ

চাঞ্চল্যকৰ! নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ IPS বিষয়াৰ

নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলিয়াই আত্মহত্যা তামিলনাডুৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ। জ্যেষ্ঠ আইপিএছ বিষয়া ডিআইজি বিজয় কুমাৰে শুকুৰবাৰে নিজৰ চৰকাৰী আবাসত আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। বিষয়াগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট নহয়। উল্লেখ্য যে বিজয় কুমাৰ কাঞ্চীপুৰম, কুড্ডালোৰ, নাগাপট্টিনম আৰু তিৰুভাৰুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৩ চনত বিজয় কুমাৰে কোয়েম্বাটুৰ ৰেঞ্জৰ নতুন উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁৰ অন্তিমটো পোষ্টিং চেন্নাইত আছিল, য'ত তেওঁ আৰক্ষী উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
বিবাহিতা যুৱতীৰ সতে প্ৰেমৰ সম্পৰ্ক! বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই নৃশংসভাৱে হত্যা প্ৰেমিকৰ

বিবাহিতা যুৱতীৰ সতে প্ৰেমৰ সম্পৰ্ক! বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই নৃশংসভাৱে হত্যা প্ৰেমিকৰ

এগৰাকী বিবাহিতা যুৱতীৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। কেতিয়াবা যৌন সম্পৰ্কও কৰিছিল। যুৱতীগৰাকী যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁ তাইক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। যিটো যুৱকজনে একেবাৰেই ভাল নাপালে। অভিযোগ অনুসৰি, ইয়াৰ পিছত প্ৰেমিকজনে বিবাহিতা প্ৰেমিকাক শিলেৰে আঘাত কৰি হত্যা কৰে। এই ঘটনাত অভিযুক্ত প্ৰেমিক আৰু তেওঁৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যোগীৰাজৰ মীৰাট জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীগৰাকীৰ নাম ৰামবিৰি। ২০১৫ চনত বিনোদ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰামবিৰি। অৱশ্যে কেইবছৰমানৰ পাছত স্বামীৰ পৰিয়াল এৰি দেউতাকৰ ঘৰলৈ গুচি যায়। কিছুদিনৰ পাছত তেওঁ আদেশ নামৰ যুৱক এজনৰ লগত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। শেহতীয়াকৈ গৰ্ভৱতী…
Read More
আদিবাসী যুৱকৰ মুখত বিজেপিৰ প্ৰস্ৰাৱ! ভৰি ধুৱাই ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

আদিবাসী যুৱকৰ মুখত বিজেপিৰ প্ৰস্ৰাৱ! ভৰি ধুৱাই ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আদিবাসী যুৱকৰ চৰণ ধুই জনজাতীয় যুৱক-যুৱতীসকলৰ ওচৰত ক্ষমা বিচাৰে। ৰাইজক ‘ভগৱান’ বুলি অভিহিত কৰি শিৱৰাজ সিং চৌহানে দাবী কৰে যে তেওঁ জনজাতীয় যুৱক-যুৱতীসকলৰ দুখৰ অংশীদাৰ হ’ব বিচাৰে। এজন জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰা এজন ‘বিজেপি কৰ্মী’ৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মধ্যপ্ৰদেশৰ বিজেপি শিবিৰত জোকাৰণিৰ সৃষ্টি হৈছে। ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ তিনিদিন পিছতে শিৱৰাজে এক নতুন ৰূপত ক্ষমা বিচাৰে। বৃহস্পতিবাৰে পুৱা দশমন্ত ৰাৱে নামৰ এজন জনজাতীয় যুৱকক ভূপালৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ মাতি অনা হয়। তাতে মুখ্যমন্ত্রীয়ে চকী এখনত বহি যুৱকজনৰ ভৰি ধুই দিয়ে৷ শিৱৰাজে টুইট যোগে যুৱকজনে ভৰি ধুই থকা ছবিখন শ্বেয়াৰ কৰে। ক্ষমা বিচাৰি বিজেপি নেতাগৰাকীয়ে…
Read More
এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এনচিপিয়ে বিশ্বাসঘাটক অজিত পাৱাৰক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰিবলৈ আবেদন দাখিল কৰিছে। ইতিমধ্যে শৰদ পাৱাৰৰ দলে অজিত আৰু এন চি পিৰ ৯জন বিধায়কৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত এখন আৱেদন দাখিল কৰিছে। মহাৰাষ্ট্ৰ এন চি পিৰ সভাপতি জয়ন্ত পাটিলে কয় যে একাংশ বিধায়কে পলায়ন কৰিলেও সকলো দলৰ নেতা-কৰ্মীৰ সমৰ্থন এতিয়াও শাৰদ পাৱাৰৰ প্ৰতি আছে। প্ৰসংগক্ৰমে দেওবাৰে বিয়লি বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ চৰকাৰত হঠাতে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই ৰাজ্যৰ ৰাজনীতিত অশান্তিৰ সৃষ্টি হৈছে। দেওবাৰে নিশা জয়ন্ত পাটিলে কয়, ‘এজন বিধায়কে আমাৰ দলৰ অনুশাসন সমিতিত এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগ চোৱাচিতা কৰাৰ পাছত বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনোৱা…
Read More
শোকাবহ! সৎসঙ্গৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ জনৰ

শোকাবহ! সৎসঙ্গৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ জনৰ

দেওবাৰে পঞ্জাৱৰ বঙাৰ সমীপৰ বন্ধিয়ান গাঁৱৰ ডেৰা ৰাধা সোয়ামি সাতসং ভৱনৰ সমীপত এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মৰাৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। বঙাৰ ডিএছপি সৰৱান সিং বালে জানিবলৈ দিয়া মতে সত্সংগত অংশগ্ৰহণ কৰি ডেৰা ভৱনৰ পৰা ওলাই আহি থকা অৱস্থাত ফাগোৱাৰা ফালৰ পৰা অহা চুইফট গাড়ীখনে খুন্দা মাৰে। আৰক্ষীয়ে জনোৱা মতে, নিহত লোক কেইজনক গোছলা গাঁৱৰ বাসিন্দা অমৰ নাথ; আৰু ভূপিন্দৰ সিং আৰু সোণু বালা বুলি চিনাক্ত কৰা হৈছে। আহত দুজনক -- মৃত সোনু বালাৰ কন্যা অংকিতা (৯) আৰু দোছাঞ্জ খুৰদ গাঁৱৰ বাসিন্দা অৱতাৰ চান্দক বঙাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিৰকপুৰৰ সমীপৰ ধুধা গাঁৱৰ গাড়ী চালক…
Read More
ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৩ সদস্যসহ ২৫ জনৰ

ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৩ সদস্যসহ ২৫ জনৰ

শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ সমৃদ্ধি এক্সপ্ৰেছৱেত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হোৱা ২৫ জন লোকৰ ভিতৰত পুনেৰ আম্বেগাঁও তালুকাৰ এটা পৰিয়ালৰ তিনিজন সদস্যও আছে। অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনত নাগপুৰৰ পৰা উভতি আহি আছিল অধ্যাপক কৈলাস গংগাৱনে (৪৮), তেওঁৰ পত্নী কাঞ্চন গংগাৱনে (৩৮) আৰু কন্যা ছাই গংগাৱনে (২১)। গংগাৱনে নাগপুৰলৈ গৈছিল তাত আইন অধ্যয়নৰ বাবে কলেজত ভৰ্তি হোৱা পুত্ৰক ড্ৰপ কৰিবলৈ। পেছাত এজন অধ্যাপক গংগাৱনে আম্বেগাঁৱৰ নিৰ্গুদসৰ গাঁৱৰ বাসিন্দা আছিল। এই ঘটনাত মৃত্যু হোৱা তেওঁৰ কন্যা ছাই গংগাৱনেও চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল। তেওঁলোকৰ মৃত্যুৰ খবৰ তেওঁলোকৰ গাঁৱত পোৱাৰ লগে লগে আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহবোৰ হতভম্ব হৈ পৰে। খবৰ অনুসৰি, পুৱালৈকে…
Read More