ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বানপানীত চেলফি নুতুলিব! দিল্লীৰ বান পৰিস্থিতিৰ মাজত আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

বানপানীত চেলফি নুতুলিব! দিল্লীৰ বান পৰিস্থিতিৰ মাজত আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

যমুনাৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ পাছতো শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলোকে চেলফি নল’বলৈ বা বানপানীৰ অঞ্চলত সাঁতুৰি নাথাকিবলৈ আহ্বান জনায়। তেওঁ আঙুলিয়াই দিয়ে যে বানপানীৰ ভাবুকি এতিয়াও শেষ হোৱা নাই। উত্তৰ-পশ্চিম দিল্লীৰ মুকুন্দপুৰ চক এলেকাত বানপানীৰ পানীত গা ধুবলৈ গৈ খাৱৈত উটি যোৱাৰ এদিন পিছতে তেওঁৰ এই আবেদন। "কেইবাটাও ঠাইৰ পৰা খবৰ আহিছে যে একাংশ লোকে খেলিবলৈ বা সাঁতুৰিবলৈ বা চেলফি তুলিবলৈ বা পানীৰে ভৰা ঠাইত ভিডিঅ' শ্বুট কৰিবলৈ গৈ আছে। অনুগ্ৰহ কৰি এনে নকৰিব। ই মাৰাত্মক হ'ব পাৰে। বানপানীৰ ভাবুকি এতিয়াও শেষ হোৱা নাই। পানীৰ সোঁত অতি শক্তিশালী আৰু যিকোনো সময়তে পানীৰ স্তৰ বৃদ্ধি পাব পাৰে।’- হিন্দী ভাষাত টুইট…
Read More
মন্দিৰ দৰ্শন কৰি ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

মন্দিৰ দৰ্শন কৰি ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হিমাচল প্ৰদেশত সংঘটিত দুটা পথ দুৰ্ঘটনাত ৬ জন লোক নিহত হোৱাৰ লগতে ৪ জন আহত হয়। বৃহস্পতিবাৰে নিশা মণ্ডী জিলাৰ সুন্দৰনগৰ-কাৰছোগ পথৰ খুছালাৰ সমীপৰ গভীৰ খাৱৈত এখন বাহন বাগৰি পৰাত ৫জন লোক নিহত হোৱাৰ লগতে চাৰিজন আহত হয়। কামৰুনাগ মন্দিৰ পৰিদৰ্শন কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাথমিক তদন্তত আঙুলিয়াই দিয়া হৈছে যে চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আনহাতে আহত চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে। নিহত সকলক সুন্দৰনগৰৰ বাসিন্দা লালা ৰাম (৫০), ৰূপ লাল (৫৫), সুনীল কুমাৰ (৩৫), গোবিন্দ ৰাম (৬০) আৰু মোহনা (৫৫) বুলি…
Read More
ওড়িশা ৰে’ল দুৰ্ঘটনা! ৭ গৰাকী ৰেলৱে কৰ্মচাৰীক নিলম্বন

ওড়িশা ৰে’ল দুৰ্ঘটনা! ৭ গৰাকী ৰেলৱে কৰ্মচাৰীক নিলম্বন

ওড়িশাত ট্ৰিপল ট্ৰেইন দুৰ্ঘটনাৰ ফলত কৰ্তব্য অৱহেলাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা তিনিজন কৰ্মচাৰীকে ধৰি কমেও সাতজন ৰেলৱে কৰ্মচাৰীক নিলম্বন কৰা হৈছে। যোৱা ২ জুনত বালাসৌৰ জিলাৰ বাহানাগা বজাৰ ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হোৱা ট্ৰিপল ৰেল সংঘৰ্ষত ২৯৩ জন লোক নিহত হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হয়। দক্ষিণ-পূব ৰে’লৱেৰ জেনেৰেল মেনেজাৰ অনিল কুমাৰ মিশ্ৰই সাংবাদিকৰ আগত কয় যে, “অফিচাৰসকল সজাগ হ’লে এই দুৰ্ঘটনা এৰাই চলিব পৰা গ’লহেঁতেন।” দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মিশ্ৰই কয় যে, "চিবিআইয়ে গ্ৰেপ্তাৰ কৰা তিনিজনকে ধৰি ৰে'লৱেই এতিয়ালৈকে ৭ জন কৰ্মচাৰীক নিলম্বন কৰিছে। নীতি অনুসৰি ২৪ ঘণ্টা ধৰি গ্ৰেপ্তাৰ হোৱা এজন কৰ্মচাৰী নিলম্বিত হৈ আছে।" ইয়াৰ…
Read More
উভতি যোৱাতকৈ মৃত্যুৱে শ্ৰেয়! ভাৰতীয় যুৱকৰ প্ৰেমত হাবুডুবু খাই ৪সন্তানসহ ভাৰত পালেহি পাকিস্তানী মহিলা…

উভতি যোৱাতকৈ মৃত্যুৱে শ্ৰেয়! ভাৰতীয় যুৱকৰ প্ৰেমত হাবুডুবু খাই ৪সন্তানসহ ভাৰত পালেহি পাকিস্তানী মহিলা…

পাকিস্তানলৈ উভতি যোৱাতকৈ মৰি যোৱাই ভাল - প্ৰেমৰ বাবে সীমান্ত পাৰ হৈ অহা এগৰাকী পাকিস্তানী যুৱতীৰ অকপট মন্তব্য এয়া। খেল খেলি থাকোঁতে এজন ভাৰতীয় যুৱকৰ প্ৰেমত পৰি চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ গুচি আহিছিল মহিলাগৰাকী। তেওঁ ভাৰতলৈ আহি হিন্দু ধৰ্ম গ্ৰহণ কৰে। এতিয়া ভাৰত চৰকাৰৰ ওচৰত তেওঁৰ অনুৰোধক নাগৰিকত্ব লৈ বৈধভাৱে ভাৰতত বসবাস কৰাৰ অধিকাৰ দিয়া উচিত। প্ৰসংগক্ৰমে তিনিমাহ পূৰ্বে সীমা হাইদৰ নামৰ পাকিস্তানী যুৱতীগৰাকীয়ে পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। মহামাৰীৰ সময়ত দুজন খেলুৱৈয়ে জনপ্ৰিয় অনলাইন গেম পাব-জি খেলি থকা অৱস্থাত ধৰা পৰে। চাৰিটা সন্তানসহ পাকিস্তানৰ এগৰাকী যুৱতী সীমা হাইদৰে গ্ৰেটাৰ নয়দাৰ প্ৰেমিক শচীনৰ ওচৰ পালেগৈ। অৱশ্যে চাৰিটা সন্তানৰ সৈতে…
Read More
কোচিং চেণ্টাৰৰ বাহিৰত কিশোৰী ছাত্ৰীক গুলীয়াই হত্যা! ৭ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰৰ বাহিৰত কিশোৰী ছাত্ৰীক গুলীয়াই হত্যা! ৭ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ

মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰত চলিত সপ্তাহৰ আৰম্ভণিতে এগৰাকী ১৭ বছৰীয়া কিশোৰীক গুলীয়াই হত্যা কৰাৰ গোচৰত মহাৰাষ্ট্ৰ আৰু দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, যোৱা ১০ জুলাইত বাইক আৰোহী একাংশ লোকে কোচিং চেণ্টাৰৰ পৰা স্কুটীৰে ঘৰলৈ উভতি অহাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰী আৰু তেওঁৰ বন্ধুৰ ওপৰত গুলীচালনা কৰে। সেই নিশাই চিকিৎসাৰ সময়ত কিশোৰীগৰাকীৰ মৃত্যু হয়, আনহাতে আনগৰাকী কিশোৰী বৰ্তমান চিকিৎসাধীন হৈ আছে। বৃহস্পতিবাৰে নিশা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ডি শ্ৰীনিবাস বাৰ্মাই সাংবাদিকৰ আগত কয় যে, "আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে তিনিজনক মহাৰাষ্ট্ৰৰ, দুজন দিল্লীৰ আৰু এজনকৈ…
Read More
বাংগালুৰুৰ অনুষ্ঠিত হব বিৰোধী ঐক্যৰ দ্বিতীয় বৈঠক, আমন্ত্ৰণ কেজৰিৱালকো…

বাংগালুৰুৰ অনুষ্ঠিত হব বিৰোধী ঐক্যৰ দ্বিতীয় বৈঠক, আমন্ত্ৰণ কেজৰিৱালকো…

পাটনাত অনুষ্ঠিত বিৰোধী বৈঠকত অনুপস্থিত আছিল অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি। কিন্তু দিল্লীৰ শাসকীয় দলটোক বেংগালুৰুত বিৰোধীৰ দ্বিতীয়খন বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। জানিব পৰা মতে, বিজেপি বিৰোধী শক্তিক শক্তিশালী কৰাৰ বাবে মুঠ ২৪টা দলক আমন্ত্ৰণ জনোৱা হৈছে। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, সভাৰ আগনিশা কংগ্ৰেছ নেত্ৰী ছোনিয়াই নিজেই আয়োজন কৰিছে এক বিশেষ নৈশ ভোজনৰ। লক্ষ্য ২৪ৰ লোকসভা নিৰ্বাচন। কেন্দ্ৰৰ পৰা মোডী চৰকাৰক উৎখাত কৰিবলৈ বিৰোধীয়ে ঐক্যবদ্ধ যুঁজৰ আহ্বান জনাইছে। যাৰ বিষয়ে ইতিমধ্যে পাটনাত একমুখী আলোচনা হৈছে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পৰা আৰম্ভ কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ…
Read More
অনলাইন গেমিঙৰ ওপৰত এতিয়াৰে পৰা বৃদ্ধি পালে কৰ…

অনলাইন গেমিঙৰ ওপৰত এতিয়াৰে পৰা বৃদ্ধি পালে কৰ…

অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোত ২৮ শতাংশ কৰ আৰোপ কৰা হ’ব। মঙলবাৰে দিল্লীত অনুষ্ঠিত হোৱা সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫০ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূৰ্বে এই ক্ষেত্ৰত ১৮ শতাংশ কৰ দিব লাগিছিল। লগতে আজিৰ বৈঠকত বিশেষ ঔষধৰ কৰ ৰেহাইৰ অনুমোদন দিয়া হৈছে। কেন্সাৰ ঔষধৰ ওপৰত আই জি এছ টি আঁতৰোৱাৰ বাবেও অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰিও চিনেমা হলত খাদ্য-পানীয়ৰ মূল্য হ্ৰাস কৰাৰ বাবেও পৰিষদে উদ্যোগ গ্ৰহণ কৰিছে। বৈঠকত চিনেমা হলৰ খাদ্য আৰু পানীয়ৰ বিলৰ জি এছ টি হ্ৰাস কৰাৰ পৰামৰ্শও অনুমোদন জনোৱা হয়।এই বৈঠকত বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যও উপস্থিত থাকে। তেওঁ কয়, ‘বাংলাই প্ৰথমে অনলাইন…
Read More
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত কেইবাজনো

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত কেইবাজনো

মহাৰাষ্ট্ৰৰ নাছিকৰ সপ্তশ্ৰিংগী গড় ঘাটত দ খাৱৈত বাগৰি পৰে এখন বাছ। সপ্তশ্ৰিংগী গড়ৰ পৰা খামগাঁও অভিমুখে বাছখন ৰাওনা হৈছিল। সেইবাবেই ঘাটৰ গণপতি মঞ্চৰ পৰা বাছখন পোনে পোনে উপত্যকাত পৰিল। ইফালে দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ কিছু সময়ৰ পিছতে নাচিকৰ অভিভাৱক মন্ত্ৰী দাদা ভূছে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। সপ্তশ্ৰিংগী দুৰ্গত স্থানীয় বাসিন্দা আৰু চৰকাৰী সংস্থাৰ হৈ সাহায্যৰ কাম আৰম্ভ হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী দাদাজী ভূছে কয়, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছৰ পৰা নামি আহিছিল একাংশ লোক, দুৰ্ঘটনাত ২২ জন যাত্ৰী আহত হয়। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। আহতসকলৰ চিকিৎসা চৰকাৰে কৰিব। মৃতকৰ আত্মীয়ক ১০ লাখ টকা দিয়া হ’ব। পুৱা…
Read More
শোকাবহ! ঘৰৰ চালি খহি কৰুণ মৃত্যু গৰ্ভৱতী মহিলাসহ ৩ জনৰ

শোকাবহ! ঘৰৰ চালি খহি কৰুণ মৃত্যু গৰ্ভৱতী মহিলাসহ ৩ জনৰ

বুধবাৰে পঞ্জাৱৰ কোটকাপুৰাত এটি ঘৰৰ চালি খহি পৰাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলা আৰু তিনি বছৰীয়া শিশুসহ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ পিছত চালিখন দুৰ্বল হৈ পৰিছিল। যাৰ ফলত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। এই ঘটনাটোত এগৰাকী ১৫ বছৰীয়া কিশোৰীও গুৰুতৰভাৱে আহত হয়।
Read More
হিমাচলৰ মুষলধাৰ বৰষুণত সন্ধানহীন অসমৰ দম্পতীসহ ৩ জন

হিমাচলৰ মুষলধাৰ বৰষুণত সন্ধানহীন অসমৰ দম্পতীসহ ৩ জন

ধাৰাসাৰ বৰষুণে প্লাবিত কৰা হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ সোণাৰিৰ এহাল দম্পতী আৰু এজন যুৱক। জানিব পৰা মতে, সোণাৰিৰ পাৰ্বতীপুৰ অঞ্চলৰ বাসিন্দা দেবাশীষ ৰাজখোৱা আৰু শিখা ফুকন নামৰ দম্পতীহাল সন্ধানহীন হৈ থকাৰ লগতে আনজন যুৱকক শান্তনু গগৈ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ পিছত দম্পতীহালৰ পৰিয়ালৰ লোকে তেওঁলোকৰ অৱস্থা বিচাৰি হিমাচল প্ৰদেশ আৰক্ষীৰ ওচৰ চাপে। পিছত আৰক্ষীয়ে দম্পতীহাল সুৰক্ষিত বুলি আশ্বাস দিয়ে যদিও আৰক্ষীয়ে দম্পতীহালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকসকল এতিয়াও চিন্তিত হৈ আছে। উল্লেখ কৰিব পাৰি যে ভাৰতৰ উত্তৰ অংশ অবিৰত ধাৰাসাৰ বৰষুণৰ বাবে ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু আন ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশ…
Read More