মেঘালয়ৰ

মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান

মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান

দেওবাৰে নিশা মেঘালয়ত নিৰাপত্তাৰক্ষীৰ ওপৰত দুস্কৃতিকাৰীৰ শিল আৰু খালী সুৰাৰ বটল আক্ৰমণত কমেও দুজন বি এছ এফ জোৱান আহত হয়। এই ঘটনাৰ পিছতে প্ৰত্যুত্তৰ হিচাপে গুলিচালনা কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়েও। মেঘালয় ফ্ৰণ্টিয়াৰ বিএছএফৰ এক বিজ্ঞপ্তি অনুসৰি, ওল্ড উমছিয়েমৰ ষ্টেণ্ডিং পেট্ৰ'ল বেছত নিয়োজিত বিএছএফৰ চতুৰ্থ বেটেলিয়নৰ জোৱানসকলে দেওবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ ডাউকি-পাইনাৰ্চলা পথত দুৰ্বৃত্তৰ চলাচল লক্ষ্য কৰে। বিএছএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত বিএছএফৰ দলটোৱে অঞ্চলটোত তালাচী চলায়। বিএছএফে দিনটোৰ আৰম্ভণিতে একেটা অঞ্চলৰ পৰা ২,২১,০০০ টকাৰ কাপোৰৰ সামগ্ৰী জব্দ কৰি এনে ধৰণৰ আন এটা চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টাও বিফল…
Read More
ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

প্ৰতিকুল বতৰৰ বাবে ১৬ জুনত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ উপায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত ১৬ জুনত নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, মেঘালয়ত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। আজি পূব জয়ন্তীয়া পাহাৰ জিলাৰ সোণাপুৰ টাৰ্ণেলত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। ভূমিস্খলনৰ তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ পথ মুকলিত নামি পৰে। সম্প্ৰতি পথটো অৱৰোধ হৈ আছে আৰু একেখিনি পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। উমকিয়াং আৰক্ষীৰ সৈতে লুমছনং…
Read More
মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

বৃহস্পতিবাৰে নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ২০২২ৰ খিতাপ দখল কৰিছে মেঘালয়ৰ আইৰিন ডখাৰে। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মুঠ ১৪ গৰাকী প্ৰতিযোগীয়ে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত আৰু বিউটি এণ্ড এষ্টেটিক ছ’চাইটি অৱ নাগালেণ্ড (BASN)ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতাখন। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে মিছ নৰ্থ-ইষ্ট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা। প্রতিযোগিতাত বিজয়ী ঘোষণা কৰা ডখাৰে উপহাৰৰ টোপোলাৰ লগতে ১.৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণ ছিকিমত অনুষ্ঠিত হোৱাৰ কথা। ইফালে, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হৈছে অসমৰ…
Read More
কোৰোনাত আক্ৰান্ত ৬৩ জন কয়দী আৰু আৰক্ষী সঞ্চালক প্ৰধান

কোৰোনাত আক্ৰান্ত ৬৩ জন কয়দী আৰু আৰক্ষী সঞ্চালক প্ৰধান

মেঘালয়াৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথন আক্ৰান্ত হৈছে কোৰোনাত। জানিব পৰা মতে তেওঁৰ দেহত কোৰোনাৰ সাধাৰণ লক্ষণে দেখা দিছে। আৰক্ষী সঞ্চালকপ্ৰধান জনৰ দেহত কোৰোনাৰ লক্ষণে দেখা দিয়াত তেওঁক শ্বিলং চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে আৰ চন্দ্ৰনাথনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে।ইফালে ৰাজ্যখনৰ ৰিভয় জিলাৰ কাৰাগাৰতো কোৰোণাই সন্ত্ৰাস চলাইছে। জানিব পৰা মতে কাৰাগাৰখনৰ ৬৩ জন কয়দীৰ দেহত ধৰা পৰিছে কোৰোনা। কোৰোনাত আক্ৰান্ত এই কয়দীসকলৰ ৯০ শতাংশৰ দেহতেই ধৰা পৰিছে লক্ষণ বিহীন কোৰোনা। জিলা প্ৰশাসনে সম্পূৰ্ণ কাৰাগাৰটো কণ্টেইণমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
Read More
সোমবাৰৰ পৰা শিলংত ১৫% স্থানীয় টেক্সী চলাবলৈ অনুমতি দিয়া হ’ব

সোমবাৰৰ পৰা শিলংত ১৫% স্থানীয় টেক্সী চলাবলৈ অনুমতি দিয়া হ’ব

মেঘালয় চৰকাৰে শুকুৰবা ২৮ জুন, সোমবাৰৰ পৰা শ্বিলঙত ১৫ শতাংশ আৰু পূব খাচী পাহাৰ জিলাৰ উপকণ্ঠত ৩০ শতাংশ ৰাজহুৱা পৰিবহন (স্থানীয় টেক্সী) চলাবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে। স্বাস্থ্য মন্ত্ৰী এ এল হেকে জনাইছিল যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশঅনুসৰি শুক্ৰবাৰে এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। তেওঁ লগতে কয় যে টেক্সি অপাৰেটৰসকলে অৱশ্যে তেওঁলোকৰ বাহনত তেওঁলোকৰ চিঅ'ভিআইডি-১৯ টিকাকৰণ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব। এতিয়ালৈকে, কোনো বাছ চলাবলৈ অনুমতি দিয়া নহ'ব, অৱশ্যে। স্বাস্থ্য মন্ত্ৰীয়ে এইটোও জনাইছিল যে ৰেষ্টুৰেণ্ট আৰু হোটেল খুলিবলৈ অনুমতি দিয়া হ'ব কিন্তু কেৱল ঘৰুৱা বিতৰণ আৰু গ্ৰহণৰ বাবে। গ্ৰাম্য এলেকাত, হোটেল আৰু চাহৰ দোকান খুলিবলৈ অনুমতি দিয়া হ'ব কিন্তু চাহৰ…
Read More
সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

ষ্টাফৰিপৰ্টাৰ, সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।সোমবাৰে মাজনিশাৰ পৰা ২৯ জুলাই মাজনিশা পৰ্যন্ত চহৰখনত সম্পূৰ্ণ লকডাউন থাকিব। প্ৰতিদিনেই কৰ’ণা সংক্ৰমণ বৃদ্ধি পাই গৈ থকাত মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য চুবুৰীয়া পাহাৰীয়া ৰাজ্য খনত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৪১৯লৈ বৃদ্ধি পাইছে।
Read More