উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোকে পৰম্পৰাগত ইন্ধন যেনে কাঠ আৰু মিশ্ৰিত বায়োমাছ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে ।

ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এট ডি’স্কুৰিট (আইএনআৰএছ) আৰু ভাৰতৰ নেচনেল ফিজিকেল লেবৰেটৰী (চিএছআইআৰ-এনপিএল)ৰ সহযোগত কৰা এই অধ্যয়নটোৰ উদ্দেশ্য হৈছে এলপিজিৰ তুলনাত ৰন্ধনৰ বাবে বায়োমাছ ইন্ধন ব্যৱহাৰৰ সৈতে সম্পৰ্কিত গম্ভীৰতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ঘটনা মূল্যাঙ্কন কৰা। অধ্যয়নটোৱে দেখুৱাইছে যে এলপিজি ব্যৱহাৰ কৰা পাকঘৰতকৈ কাঠ বা বায়োমাছ ব্যৱহাৰ কৰি পাকঘৰ অধিক ক্ষতিকাৰক ।