29
Mar
প্ৰতিযোগিতামূলক বজাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ ভিৰৰ মাজত খুচুৰা বিনিয়োগকাৰীক সঠিক বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায় কৰাৰ লক্ষ্যৰে আপষ্টক্সে ‘কাট দ্য কিট কিট, গেট ইন দ্য মাৰ্কেট’ শীৰ্ষক এক অভিনৱ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব বিচাৰে, য’ত আছে বিত্তীয় সামগ্ৰীৰ ভুল বিক্ৰী, বিভ্ৰান্তিকৰ পৰামৰ্শ আৰু তথ্যৰ অতিৰিক্ত বোজা ইত্যাদি। গৱেষণা-নিৰীক্ষণৰ জৰিয়তে আপষ্টক্সে সাধাৰণ ফান্দসমূহ চিনাক্ত কৰি বিপদ মূল্যায়ন(ৰিস্ক এছেচমেণ্ট)তকৈ ৰিটাৰ্ণক অগ্ৰাধিকাৰ প্ৰদান আৰু বিত্তীয় পৰিকল্পনাত এক ৰূপ-আকাৰ প্ৰদানৰ সকলোৰে বাবে উপযুক্ত পদ্ধতি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সমস্যাবোৰৰ মোকাবিলা কৰাৰ বাবে বিনিয়োগ প্ৰক্ৰিয়াক সৰল আৰু ব্যৱহাৰকাৰীসকলক বুদ্ধিমত্তাৰে বিনিয়োগ কৰাৰ ক্ষমতা প্ৰদান কৰাৰ লক্ষ্য…
