ব্যৱসায়

এটিএছ ইএলজিআই আৰু ভিটিইকিউৰ মাজত উৎপাদন চুক্তি

এটিএছ ইএলজিআই আৰু ভিটিইকিউৰ মাজত উৎপাদন চুক্তি

এলগী ইকুইপমেণ্টছ লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা আৰু ভাৰতৰ সৰ্ববৃহৎ গেৰেজ সঁজুলি নিৰ্মাতা এটিএছ ইএলজিআই (ATS ELGI)য়ে স্পেইনস্থিত বাহন টেষ্টিং সঁজুলিৰ ক্ষেত্ৰখনত বিশ্বব্যাপী যথেষ্ট সমাদৰ থকা ভিটিইকিউ (VTEQ)ৰ সৈতে ইয়াৰ উৎপাদন চুক্তি স্বাক্ষৰৰ ঘোষণা কৰিছে। ই ভাৰতৰ অটোমোটিভ সেৱা সঁজুলিৰ সৰ্ববৃহৎ নিৰ্মাতা আৰু বিতৰক আৰু দেশৰ আটাইতকৈ বহল পৰিসৰৰ গেৰেজ সঁজুলি আগবঢ়াব। ই ৭৫০০ বৰ্গফুটৰ এক বিশ্ব শ্ৰেণীৰ উৎপাদন স্থান স্থাপন কৰি কম মূল্যত ভাৰতীয় বজাৰৰ বাবে আমদানি কৰা বাহন টেষ্টিং সঁজুলি আগবঢ়াব। সঁজুলিসমূহৰ ভিতৰত আছে ব্ৰেক, চাচপেনশ্বন, শ্লীপ আৰু স্পিডো টেষ্টাৰ, এক্সেল প্লে ডিটেক্টৰ আৰু ষ্টিয়েৰিং গিয়াৰ প্লে। এটিএছ ইএলজিআই লিমিটেডৰ পৰিচালনা সঞ্চালক প্ৰবীণ তিৱাৰীয়ে কয়, "আমি তেওঁলোকৰ সৈতে…
Read More
টাটা মটৰ্ছে কিউ ১ এফৱাই২৩ ফলাফল ঘোষণা কৰিছে

টাটা মটৰ্ছে কিউ ১ এফৱাই২৩ ফলাফল ঘোষণা কৰিছে

টাটা মটৰ্ছ লিমিটেডে ২০২২ৰ ৩০ জুন তাৰিখে সমাপ্ত হোৱা ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। ঘোষণা কৰা ফলাফলবোৰ ভিন্ন ধৰণৰ। জাগুৰ লেণ্ড ৰোভাৰ (Jaguar Land Rover)ৰ বাবে ২০২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত খুচুৰা বিক্ৰী আছিল ৭৮,৮২৫ খন বাহন, যি বিত্তীয় বৰ্ষ ২০২২ৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত সমপৰ্যায়ৰ আৰু বিত্তীয় বৰ্ষ ২২-ৰ প্ৰথম ত্ৰৈমাসিকৰ তুলনাত ৩৭% হ্ৰাস। বিত্তীয় বৰ্ষ ২০২৩ৰ প্ৰথম ত্ৰৈমাসিকত ৰাজহ £৪.৪ বিলিয়ন আছিল, যি বিত্তীয় বৰ্ষ ২০২২ৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ৭.৬% হ্ৰাস পাইছিল। ইয়াৰ কাৰণ চীন ঘোষণা কৰা লকডাউনৰ ফলত  যোগান ব্যৱস্থাত আহি পৰা প্ৰত্যাহ্বান আছিল। নিউ ৰেঞ্জ ৰোভাৰ আৰু নিউ ৰেঞ্জ ৰোভাৰ স্পোৰ্ট উৎপাদনৰ প্ৰত্যাশিত ৰেম্প-আপতকৈ লেহেমীয়া হয়। গ্ৰাহকৰ অৰ্ডাৰ…
Read More
টাটা মটৰ্চ আৰু এক্সিছ বেংকে এক বিশেষ কাৰ্যসূচী আগবঢ়ায়

টাটা মটৰ্চ আৰু এক্সিছ বেংকে এক বিশেষ কাৰ্যসূচী আগবঢ়ায়

 ভাৰতৰ আগশাৰীৰ অট'ম'টিভ নিৰ্মাতা টাটা মটৰ্ছে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকৰ সৈতে সহযোগিতা কৰি কৰ্তৃত্বপ্ৰাপ্ত পেচেঞ্জাৰ ই ভি ডিলাৰসমূহক এক বিশেষ বৈদ্যুতিক বাহন ডিলাৰৰ বিত্তীয় সমাধান আগবঢ়াইছে। এই আঁচনিৰ অধীনত, ডিলাৰসকলে ৰেপো লিংকড লেণ্ডিং ৰেটৰ সৈতে সম্পৰ্কিত আকৰ্ষণীয় মূল্যৰ সৈতে তেওঁলোকৰ আইচিই (ICE) ফাইনেন্স লিমিটৰ উপৰিও ইনভেণ্টৰী পুঁজি লাভ কৰিব পাৰিব। পৰিশোধৰ ম্যাদ ৬০ ৰ পৰা ৭৫ দিনৰ ভিতৰত হ'ব। বেংকে হাই ডিমাণ্ড পৰ্যায়বোৰ পূৰণ কৰাৰ বাবে অতিৰিক্ত সীমাও আগবঢ়াব, যিটো এবছৰত ৩বাৰ ডিলাৰসকলৰ বাবে উপলব্ধ হ'ব। এই অংশীদাৰিত্বৰ বাবে বুজাবুজি চুক্তিখন টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেল লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটি লিমিটেডৰ পৰিচালনা সঞ্চালক শৈলেশ…
Read More
নেষ্টলে মাইলো আৰু আইআইএছে এটা নতুন অভিযান আৰম্ভ কৰিছে

নেষ্টলে মাইলো আৰু আইআইএছে এটা নতুন অভিযান আৰম্ভ কৰিছে

নেষ্টলে মাইলোৱে ভাৰতৰ অন্যতম মুখ্য প্ৰশিক্ষণ কেন্দ্ৰ ইন্সপায়াৰ ইনষ্টিটিউট অফ স্পোৰ্ট (আইআইএছ)ৰ সৈতে বাহিনীত যোগদান কৰে যাৰ ভাৰতত অলিম্পিক চেম্পিয়ন সৃষ্টি আৰু বিকাশৰ এক দৃষ্টিভংগী আছে। মাইলোৱে সদায় ক্ৰীড়াৰ গুৰুত্ব আৰু যুৱ চেম্পিয়নসকলক পুষ্টিকৰ শক্তি প্ৰদান কৰাত বিশ্বাস কৰি আহিছে। আই.আই.এছ.-য়ে ইয়াৰ বিশ্ব-শ্ৰেণীৰ আন্তঃগাঁথনি, উৎকৃষ্ট প্ৰশিক্ষণ আৰু ক্ৰীড়া বিজ্ঞানৰ সুবিধা লৈ যুৱ খেলুৱৈসকলক বিচাৰি উলিয়ায় আৰু তেওঁলোকক আমাৰ দেশৰ ভৱিষ্যতৰ অলিম্পিয়ান হ'বলৈ প্ৰশিক্ষণ দিয়ে। তেওঁলোকে ইতিমধ্যে তিনিজন অলিম্পিক পদক বিজয়ী প্ৰস্তুত কৰাত সফল হৈছে, যাৰ ভিতৰত আছে টকিঅ'ৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা। আই.আই.এছ.-ৰ অফিচিয়েল ডেইৰী পাৰ্টনাৰ হিচাপে, নেষ্টলে ইণ্ডিয়াই আই.আই.এছ. খেলুৱৈসকলক এবছৰৰ মূল্যৰ নেষ্টলে এ+ গাখীৰ আৰু এম.আই.ও. আৰ.টি.ডি.…
Read More
মেক্স লাইফৰ সৰ্বাধিক পিএআৰ বোনাচ

মেক্স লাইফৰ সৰ্বাধিক পিএআৰ বোনাচ

মেক্স লাইফ ইঞ্চিউৰেন্স কোম্পানী লিমিটেডে ইয়াৰ সৰ্বাধিক অংশগ্ৰহণকাৰী বোনাচ ১,৪২০ কোটি টকা ঘোষণা কৰিছে। বিত্তীয় বৰ্ষ ২১-২২-ত যোগ্য আঁচনি ধাৰকৰ বাবে।আৰম্ভণিৰ পৰা অংশগ্ৰহণকাৰী গ্ৰাহকসকলৰ বাবে ঘোষিত বোনাচ মেক্স লাইফে ১০,০০০ কোটি টকাৰ মাইলষ্টন অতিক্ৰম কৰিছে। এয়া হৈছে কোম্পানীৰ একেৰাহে ২০ তম বাৰ্ষিক বোনাচ, আগৰ বিত্তীয় বৰ্ষতকৈ ৯.০৫% অধিক। জীৱন বীমাকৰ্তাৰ বাৰ্ষিক বোনাচ ৫ বছৰৰ চক্ৰবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰ ১১% তকৈ অধিক বৃদ্ধি হৈছে।ঘোষিত বাৰ্ষিক বোনাচ প্ৰায় ২১ লাখ যোগ্য অংশগ্ৰহণকাৰী আঁচনিধাৰকৰ লাভালাভত যোগ দিয়া হ'ব, যি তেওঁলোকৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত সহায় কৰিব। জীৱন বীমাকৰ্তাই অংশগ্ৰহণৰ প্ৰস্তাৱবোৰো শক্তিশালী কৰিছে যি বিত্তীয় বৰ্ষ ২১-ত মালিকানাধীন চেনেল সামগ্ৰীৰ মিশ্ৰণৰ ৩৪% গঠন কৰিছিল। মেক্স…
Read More
টাটা মটৰ্ছে তেওঁলোকৰ যাত্ৰীবাহী বাহন গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় সুবিধা প্ৰদান কৰে

টাটা মটৰ্ছে তেওঁলোকৰ যাত্ৰীবাহী বাহন গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় সুবিধা প্ৰদান কৰে

ভাৰতৰ আগশাৰীৰ অট'ম'টিভ ব্ৰেণ্ড টাটা মটৰ্ছে ইয়াৰ যাত্ৰীবাহী বাহন গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় যোগানৰ সুবিধাৰ বাবে ইণ্ডিয়ান বেংকৰ সৈতে অংশীদাৰীত্ব কৰিছে। এই কৌশলগত অংশীদাৰিত্বৰ লক্ষ্য হৈছে সমগ্ৰ দেশত ইণ্ডিয়ান বেংকৰ ৫৭০০+ শাখাৰ পৰা অনুকূলিত আৰু আকৰ্ষণীয় গাড়ী লোন প্ৰদান কৰা। এই লোন ৭.৮০% কম আকৰ্ষণীয় সুতৰ হাৰত উপলব্ধ হ'ব। আঁচনিখনে পথ পুঁজি (road funding)ৰ ওপৰত ৯০% লৈকে বিত্তীয় যোগান ধৰিব, যাৰ পৰিশোধৰ চৰ্তাৱলী ৭ বছৰলৈকে হ'ব। গ্ৰাহকসকলে কোনো অতিৰিক্ত মাচুল নোহোৱাকৈ আংশিক পৰিশোধ প্ৰদান কৰিব পাৰে। টাটা মটৰ্ছৰ গ্ৰাহকসকলে সমগ্ৰ দেশতে টাটা মটৰ্ছৰ ডিলাৰৰ জৰিয়তে বিত্তীয় বিকল্পৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি…
Read More
টাটা মটৰ্ছে পূব ভাৰতত আটাইতকৈ ডাঙৰ ইভি ফ্লীট মোতায়েন কৰিব

টাটা মটৰ্ছে পূব ভাৰতত আটাইতকৈ ডাঙৰ ইভি ফ্লীট মোতায়েন কৰিব

টাটা মটৰ্ছে ইচি হুইলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ (ষ্টীলমেন গ্ৰুপৰ সহযোগী) সৈতে অংশীদাৰিত্বৰ ঘোষণা কৰিছে। যি হৈছে কলকাতাৰ এপ আধাৰিত নগৰ পৰিবহন সেৱা। এই বুজাবুজি চুক্তি অনুসৰি কেব পৰিবহনটো শক্তিশালী কৰিবৰ বাবে টাটা মটৰ্ছে ১,০০০ এক্সপ্ৰেছ (XPREST) ইলেক্ট্ৰিক চেডান যোগান ধৰিব। পূবত ৯০% কমাণ্ডিং ইভি বজাৰৰ অংশৰ সৈতে, এই বুজাবুজি চুক্তি অনুসৰি  অঞ্চলটোত এতিয়ালৈকে এইটোৱে টাটা মটৰ্ছৰ আটাইতকৈ ডাঙৰ ইভি ফ্লীট অৰ্ডাৰ। ২০২১ৰ জুলাইত, টাটা মটৰ্ছে এক্সপ্ৰেছ ব্ৰেণ্ড মুকলি কৰে। বাহনখন কেৱল ফ্লীট গ্ৰাহকৰ বাবে মুকলি কৰা হয় আৰু এক্সপ্ৰেছ-টি ইভি হৈছে এই ব্ৰেণ্ডৰ অধীনত প্ৰথম বাহন। এক্সপ্ৰেছ-টি বৈদ্যুতিক চেডানত ২ টা পৰিসৰৰ বিকল্প আছে – ২১৩ কিলোমিটাৰ আৰু ১৬৫ কিলোমিটাৰ।…
Read More
ভীটে ইয়াৰ নতুন পৰিসৰৰ চুলি আঁতৰোৱাক্ৰীম মুকলি কৰে

ভীটে ইয়াৰ নতুন পৰিসৰৰ চুলি আঁতৰোৱাক্ৰীম মুকলি কৰে

ডিপিলেটৰী সামগ্ৰীৰ ক্ষেত্ৰত বিশ্বত খ্যাতি অৰ্জন কৰা ভীটে® মুকলি কৰিলে অপ্ৰয়োজনীয় চুলি আঁতৰোৱা ক্ৰীম ভীট পিউৰ™ (Veet Pure™)। সকলো নতুন ডাৰ্মাটোলজিকেলি টেষ্ট কৰা এই পৰিসৰৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ চুলি আঁতৰোৱাৰ অভিজ্ঞতা উন্নত কৰা। ইয়াত আছে তিয়ঁহ, এলো ভেৰা আৰু আঙুৰৰ তেলৰ প্ৰাকৃতিক নিষ্কাশন, যি এক সৰলীকৃত সূত্ৰৰ সৈতে তৈয়াৰ কৰা হৈছে, যিয়ে ঘৰত চুলি আঁতৰোৱাৰ বাবে এক উৎকৃষ্ট, দক্ষ আৰু বিষমুক্ত সমাধান প্ৰদান কৰে। ভীটে চুলি আঁতৰোৱা ক্ৰীমৰ সৈতে ব্যৱহাৰকাৰীসকলে অনুভৱ কৰা গোন্ধটোৰ প্ৰতিও বিশেষ গুৰুত্ব দিছে, যিয়ে ফ্রেছ সুগন্ধি আৰু দীৰ্ঘম্যাদী মসৃণ আৰু ময়শ্চাৰিজকৰা ছালৰ সৈতে তেওঁলোকৰ সংবেদনশীল অভিজ্ঞতা বৃদ্ধি কৰে। চুলি আঁতৰোৱাৰ শ্ৰেণীৰ পৰৱৰ্তী বৃহৎ প্ৰডাক্ট হিচাপে চিহ্নিত…
Read More
ASUS-এ ৰাইজেন ৬০০০ শৃংখলাৰ সৈতে ভাৰতত ফ্লো এক্স ১৬ প্ৰৱৰ্তন কৰে

ASUS-এ ৰাইজেন ৬০০০ শৃংখলাৰ সৈতে ভাৰতত ফ্লো এক্স ১৬ প্ৰৱৰ্তন কৰে

 ASUS ইণ্ডিয়াই ৰিপাব্লিক অফ গেমাৰ্ছ (আৰঅ'জি)ৰ শক্তি আৰু উন্নত প্ৰদৰ্শনেৰে ভৰা জেফিৰাছ জি১৫ (Zephyrus G15) আৰু ফ্লো এক্স১৩ (Flow X13)-ৰ নতুন সংস্কৰণৰ সৈতে ৰ'গ জেফিৰাছ ডুঅ ১৬ (ROG Zephyrus Duo 16), জেফিৰাছ জি১৪ (Zephyrus G14) আৰু ফ্লো এক্স ১৩ (Flow X13) মুকলি কৰে। এই মুকলিৰ দ্বাৰা ASUS-এ ইয়াৰ জেফিৰাছ আৰু ফ্লো লাইনআপ শক্তিশালী কৰে। লেপটপবোৰত অপৰিসীম শক্তিশালী গেমিং প্ৰদৰ্শন প্ৰদান কৰিবলৈ এএমডি ৰাইজেন ৬০০০ শৃংখলাৰ ম'বাইল প্ৰচেছৰ আৰু এটা মুক্স (MUX) ছুইচ আছে।জেফিৰাছ ডুঅ' ১৬ মূল্য ২,৪৯,৯৯০ টকাৰ পৰা আৰম্ভ হয়। আনহাতে, জেফিৰাছ জি১৪ - ১,৪৬,৯৯০ টকা আৰু জেফিৰাছ জি১৫ - ১,৫৭,৯৯০ টকাৰ পৰা আৰম্ভ হয়। এইসমূহ প্ৰডাক্ট অনলাইন আৰু…
Read More
অসমত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান

অসমত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান

হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই (এইচএমএছআই) নাগৰিকসকলৰ মাজত পথ সুৰক্ষা সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰিবলৈ দেশত ইয়াৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান অব্যাহত ৰাখিছে।বঙাইগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত দুদিনীয়া শিবিৰত (২৬-২৭ জুলাই ২০২২) ১৭০০ তকৈও অধিক বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে উৎসাহী অংশগ্ৰহণ কৰিছিল যিসকলে সুৰক্ষিত ৰাইডিং পদ্ধতিবোৰ আত্মস্থ কৰিবলৈ ওলাইছিল।এইচএমএছআই-ৰ পথ সুৰক্ষা প্ৰশিক্ষকসকলে সকলোৰে মাজত পথ সুৰক্ষা সজাগতা বজাই ৰখাৰ বাবে বয়সৰ উপযুক্ত পথ সুৰক্ষা শিক্ষণ কাৰ্যসূচী ব্যৱহাৰ কৰিছিল। কাৰ্যসূচীটোৱে ইন্টাৰেক্টিভ চেচন, ব্যৱহাৰিক শিক্ষণ, বৈজ্ঞানিক তত্ত্ব শিক্ষণ মডিউল, বিদ্যমান চালকসকলে ৰাইডিঙৰ দক্ষতা কঢ়িয়াই অনা, আৰু শিকাৰ জৰিয়তে শিকাটো আমোদজনক কিন্তু বৈজ্ঞানিক কৰি তুলিছিল। এপ্ৰিল ২০২১-ত ঘোষণা কৰা অনুসৰি, 'হোণ্ডাই…
Read More