14
Jan
ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্হা চমুকৈ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা চৰাইদেউ মৈদাম ক্ষেত্রৰ প্ৰমাণ পত্ৰ আজি পেৰিচৰ এক অনুষ্ঠানত গ্ৰহণ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।কেবাগৰাকীও আহোম স্বৰ্গদেউ মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। পেৰিচৰ ইউনেস্ক' মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বড়াই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আজি আনুষ্ঠানিক ভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে।…
