30
Jun
শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰ চৌহদত ২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মহোৎসৱত দেশ - বিদেশৰ লক্ষাধিক ভক্তৰ সমাগম হৈছে । অহা ২৬ জুনত অম্বুবাচী মহোৎসৱৰ সামৰণি পৰিব । আনহাতে বহু স্বেচ্ছাসেৱী আৰু দাতব্য সংগঠনে দেশ বিদেশৰ অহা ভক্ত সকলক প্ৰশাসনে নির্ধাৰণ কৰি দিয়া নীতি নিময় অনুসৰি খোৱাপানী , খাদ্য যোগানকে ধৰি বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ গোটৰ উদ্যোগত ২৪ জুনত শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰত চৌহদত অম্বুবাচী মহোৎসৱ উপলক্ষে অহা ভক্তসকলক বিনামূলীয়াকৈ খোৱাপানী যোগান ধৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ ঋতুপৰ্ণ বৰাৰ…
