উত্তৰ-পূৱ

‘ডানাই’ চলাব সংহাৰী

‘ডানাই’ চলাব সংহাৰী

আহি আছে ঘূৰ্ণী বতাহ ‘ডানা’, অসমৰ ১৪ জিলাত য়ালো এলাৰ্ট জাৰি…বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ সন্ধিয়াৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্ণী বতাহ ডানাই প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে।এই ডানাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশাৰ বহু শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ৰে’লৰ লগতে বাতিল হৈছে বিমান সেৱা। ডানাৰ ফলত পশ্চিম বংগ আৰু ওড়িশাত সৰ্বাধিক প্ৰভাৱ পৰিব। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ।আজি গুৱাহাটীকে ধৰি ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়ালো এলাৰ্ট। এই জিলা কেইখন-…
Read More
ডিব্ৰুগড়ত পুনৰ জ্বলিল বাসগৃহ

ডিব্ৰুগড়ত পুনৰ জ্বলিল বাসগৃহ

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ।ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে ৩০টাৰো অধিক গৃহ।অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাছিল।যাৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে।
Read More
দীপাৱলীলৈ সাজু মৃৎ শিল্পীসকল

দীপাৱলীলৈ সাজু মৃৎ শিল্পীসকল

দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। মৃৎ শিল্পত কুশলী এই লোকসকলক ‘কুম্ভকাৰ’ নামেৰেও জনা যায়। থলুৱা শিল্পীসকলে দিনে-নিশাই বৰ্তমান হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷ সাধাৰণতে বছৰৰ আন সময়ছোৱাতকৈ দেৱালীৰ সময়ত মাটিৰ চাকি, ধূনাবাটিৰ চাহিদা অধিক হাৰত হোৱা দেখা যায় ।কিন্তু ৰাজ্যৰ বজাৰত চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰ লগতে লাইটেৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে ৷…
Read More
আহি আছে ঘূর্ণী বতাহ “ডানা”

আহি আছে ঘূর্ণী বতাহ “ডানা”

তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ডানা। ইতিমধ্যে এই ক্ষেত্ৰত পশ্চিম বংগ আৰু ওড়িশা চৰকাৰে এলাৰ্ট জাৰি কৰিছে। ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে অসমতো পৰিব পাৰে। ডানাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখন ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশা চৰকাৰ সষ্টম হৈ পৰিছে আৰু ২৫- ২৬ অক্টোবৰত পশ্চিম বংগৰ ৯ খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে ওড়িশা চৰকাৰে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ ১৪ খন জিলাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । মঙলবাৰে পুৱা পূব উপকূলীয় দিশে গতি কৰিছিল সাগৰীয় ঘূৰ্ণী বতাহ ডানা। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই ধুমুহাই…
Read More
ৰাজপথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক

ৰাজপথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক

শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক।উল্লেখযোগ্য যে গোসাঁইগাঁও মহকুমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰত যোৱা নিশা হঠাৎ দপ দপকৈ জ্বলি উঠিল এখন মালবাহী ট্ৰাক।ট্ৰাকখনৰ নম্বৰ WB 69 A 5833, গাড়ীখন বংগ অভিমুখে গৈ থকা অৱস্থাত জুইৰ সূত্ৰপাত ঘটে। দৈবক্ৰমে চালক, সহ চালক ৰক্ষা পৰে। জুইয়ে ট্ৰাকখন আগুৰি ধৰে যদিও অৱশেষত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
Read More
ৰাজ্যৰ চৌদিশে বলিছে নিৰ্বাচনী বতাহ

ৰাজ্যৰ চৌদিশে বলিছে নিৰ্বাচনী বতাহ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনী বতাহ । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই পাঁচটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্ক চলি থকাৰ মাজতে ইতিমধ্যে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ।বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবেও অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । মনকৰিবলগীয়া, দলটোৰ তৃণমূলৰ নেতা কৰ্মীৰ তীব্ৰ বিৰোধীতাৰ পাছতো সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অসম গণ পৰিষদে ।মনকৰিবলগীয়া যে, দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিষয়তে যোৱা শনিবাৰে বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে দলৰ পৰা পদত্যাগ কৰে। সূত্ৰ খবৰ অনুসৰি, পদত্যাগী অগপৰ নেতা কৰ্মীসকল দিপ্তিময়ী চৌধুৰীক…
Read More
বজাৰত জ্বলিছে মূল্যবৃদ্ধিৰ জুই

বজাৰত জ্বলিছে মূল্যবৃদ্ধিৰ জুই

বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই! হোৰাহোৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী, পাচলিৰ দাম।পাচলি বজাৰত ক্ৰেতা-বিক্ৰেতাৰ হাৰাশাস্তি। মধ্যভোগীৰ দপদপনিত দিকবিদিক হেৰুৱাইছে গ্ৰাহকে। দৈনিক বৃদ্ধি পোৱা পাচলিৰ দামে বিপাঙত পেলাইছে ৰাইজক। এটা সপ্তাহতে বাঢ়িল কেইবাবিধো পাচলিৰ দাম। ডাবল চেঞ্চুৰী কৰিলে শাক-পাচলিৰ দামে। যাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই।মহানগৰীৰ বেলতলা বজাৰত কেজিত ২০-৩০ টকাৰ পাচলি বিক্ৰী হৈছে ৫০ টকাকৈ। গুৱাহটীৰ বজাৰত প্ৰতিকিলো বীনৰ দাম ১০০ টকা, মটৰ ২৫০, গাজৰ ২০০, আলু ৫০ টকা, পিয়াজৰ দাম ৬০ টকা , নহৰুৰ দাম ৩০০ টকালৈ বৃদ্ধি। ব্যৱসায়ীসকলৰ মতে মধ্যভোগীক দিব লগা হৈছে অধিক দাম।এই দাম বৃদ্ধিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ ক্ষোভ। তেওঁলোকৰ মতে একাংশ অসাধু ব্যৱসায়ীয়ে বেআইনীভাৱে…
Read More
চোৰৰ গাড়ী জ্বলাই ভয়ংকৰ ঘটনা

চোৰৰ গাড়ী জ্বলাই ভয়ংকৰ ঘটনা

মায়ঙৰ তেতেলিগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গৰু চুৰিৰ সন্দেহত ৰাইজে এজন লোকক আটক কৰি প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিলে এখন বাহন। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তজনাই বিৰাজ কৰিছে।উল্লেখ্য যে, মায়ঙৰ তেতেলিগুৰিত নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে অভিযোগ উঠিছে জহুৰ আলী নামৰ এজন লোকে এখন বাহনৰ সৈতে গৰু চুৰি কৰিবলৈ গৈছিল। সেই সময়তে ৰাইজে জহুৰ আলীক আটক কৰে আৰু উত্তেজিত ৰাইজে জহুৰ আলীক উত্তম মাধ্যম দি এটা ঘৰত আবদ্ধ কৰি ৰাখে।তাৰ পাছতেই উত্তেজিত ৰাইজ জহুৰ আলীক গৰু চোৰৰ সন্দেহত আটকল কৰি প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ জহুৰ…
Read More
পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক

পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক

পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক। কূটনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ পাছতেই জাষ্টিন ট্ৰুডো মুৰ্খ বুলি অভিহিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে। পুটিনে জাষ্টিন ট্ৰুডোক স্কুলত মনোযোগ নিদিয়া আৰু কোনো মৌলিক জ্ঞান নথকা বুলি অভিহিত কৰিছে। ভাৰতে কানাডাত গেংষ্টাৰ সৈতে কাম কৰাৰ অভিযোগ আনিছিল কানাডাৰ চৰকাৰে। তাৰ পাছতেই ভাৰতৰ পৰা বহিষ্কাৰ কৰিছিল কানাডাৰ ৬ জন কূটনীতিবিদক।
Read More
“ছলমান খানে হৰিণ হত্যা কৰা নাই”

“ছলমান খানে হৰিণ হত্যা কৰা নাই”

'ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।' উল্লেখযোগ্য যে, পুনৰ ছলমান খানক ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণই গেঙে। ক’লা হৰিণ হত্যা কৰাৰ বাবে ছলমান খানক লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ দাবী কৰিছিল অন্যথা অতি নিৰ্মম ভাৱে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল । ভাবুকিৰ পাছতে এই মন্তব্য কৰিছে ছলমান খানৰ পিতৃ চেলিম খানে।
Read More