অসম

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত আছিল পাৰমাণৱিক ক্ষমতাসম্পন্ন আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল। পেৰেডৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক একেলগে দেখা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানে চীনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হয়। এই পেৰেডক চীনৰ সামৰিক শক্তিৰ প্ৰদৰ্শন হিচাপেও দেখা গৈছে। পেৰেডৰ সময়ত চীনে বহু নতুন অস্ত্ৰ প্ৰদৰ্শন কৰে। পেৰেডত কিছু নতুন সৈন্যও আছিল, যিয়ে প্ৰথমবাৰৰ বাবে সমদল…
Read More
কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

বিহাৰৰ ৰাজগীৰত অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হব এছিয়ান কাপ হকী - ২০২৫ প্ৰতিযোগিতা । প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ২৫ আগষ্টত ৰাজধানী নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ট্ৰফীটো শুভ উদ্বোধন কৰিছিল ৷ এই ট্ৰফীটো দেশৰ ৬ খন ৰাজ্যৰ ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটীৰ ১০ টা স্থানত মঙলবাৰে প্ৰথম প্ৰদৰ্শন কৰা হয়। আজি পুৱা ৮.২০ বজাত নতুন দিল্লীৰ পৰা বিমানত ট্ৰফীটো বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আহি পোৱাৰ পাছত বিমানবন্দৰত অসম অলিম্পিক সন্থাৰ কোষধ্যক্ষ অশোক কুমাৰ ভৰালীকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়াই ট্ৰফীটো লৈ অনা বিহাৰ অলিম্পিক সন্থাৰ দলটোক আদৰণি জনায়। তাৰ পাছত পোনে পোনে ট্ৰফীটো শক্তিপীঠ কামাখ্যা মন্দিৰলৈ…
Read More
শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা কমি আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।মূলতঃ ৰাসায়নিক পদাৰ্থযুক্ত প্ৰাণীৰ মৃতদেহ ভক্ষণৰ বাবেই শগুনৰ মৃত্যু ঘটনা বিভিন্ন সময়ত আমি দেখি আহিছোঁ। যাৰ বাবে বিশেষজ্ঞসকলে সংৰক্ষণৰ প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ লোকক অধিক জড়িত হোৱাৰ আহ্বান জনাইছে।শগুনৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত জীৱ-জন্তুৰ মৃতদেহত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAID) ঔষধ ব্যৱহাৰ কৰাৰ ফলতেই ৰাজ্যখনত ইয়াৰ জনসংখ্যা হ্ৰাস পোৱা পাবলৈ ধৰিছে।
Read More
এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ সময়তেই ৰাজপথতেই ৰৈ আছিল মৃত্য়ুদূত । হঠাতেই ঘটিল কোনোৱে নভৱা হৃদয়বিদাৰক ঘটনাটো ।এই দুৰ্ঘটনাৰ ফলত খগেন বৰুৱাই চলাই যোৱা বাহনখন চুচূৰ্মৈ হৈ পৰে । আনহাতে ব'লেৰ' পিকআপখন পথৰ ওপৰতে বাগৰি পৰে ৷ বাহনত অহা মৰাণৰ পথালিবামৰ খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে নিহত হয় ৷চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে মৰাণত এটাৰ পাছত আন এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে আজি পুনৰ এক…
Read More
২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব বি এছ এফৰ আন্তঃ কমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে সমাৰোহত মুঠ বি এছ এফৰ ১৪০ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লব। য'ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছে। ২৫ আগষ্টৰ দিনা পুৱা ৯ বজাত ক্ৰীড়া সমাৰোহখন আৰম্ভ হব ।
Read More
মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা ভূমি আবণ্টন: সৰ্বানন্দ সোণোৱাল

মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা ভূমি আবণ্টন: সৰ্বানন্দ সোণোৱাল

ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা (প্ৰায় ২.৫ একৰ) মাটি আবণ্টন দিছে বুলি দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে। এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমি অসম চৰকাৰক ৬০ বছৰৰ বাবে পট্টাত আবণ্টন দিয়া হৈছে। তেওঁ কয় যে মুম্বাইৰ কোলাবাৰ এক প্ৰধান স্থানত অৱস্থিত এই ভূমিত ৰাজ্যখনৰ নাগৰিকৰ প্ৰত্যক্ষ সুবিধাৰ বাবে প্ৰয়োজনীয় ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ পথ মুকলি কৰিব। অসমৰ মুখ্য সচিবে ৰাইজৰ দীৰ্ঘম্যাদী প্ৰয়োজন পূৰণৰ বাবে এটা নিৰ্দিষ্ট কেন্দ্ৰ বা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টন বিচাৰি কেন্দ্ৰীয় মন্ত্ৰালয়ক কৰা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Read More
‘ন জাষ্টিচ ন ৰেষ্ট’: জনজাতীয় মহিলাক হত্যাৰ পিছতে ডিমা হাছাওত ১০ সহস্ৰাধিক লোকৰ প্ৰতিবাদ

‘ন জাষ্টিচ ন ৰেষ্ট’: জনজাতীয় মহিলাক হত্যাৰ পিছতে ডিমা হাছাওত ১০ সহস্ৰাধিক লোকৰ প্ৰতিবাদ

১৪ আগষ্টত ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ সমীপৰ এখন হাবিত মৃত অৱস্থাত উদ্ধাৰ হোৱা ৪৮ বছৰীয়া বীনা ইংতিপিৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত ঠিকাভিত্তিক শ্ৰমিক হিচাপে কৰ্মৰত ৫জন লোকে বীনাক যৌন নিৰ্যাতন আৰু হত্যা কৰা বুলি আৰক্ষীয়ে সদৰি কৰিছে। এই ঘটনাৰ পিছতে উমৰাংছ’ থানা ঘেৰাও কৰি প্ৰতিবাদী ১০,০০০ৰো অধিক মহিলাই অভিযুক্তক মৃত্যুদণ্ডৰ দাবীত শ্ল’গান দিয়ে। প্ৰতিবাদী মহিলাসকলে “ন জাষ্টিচ ন ৰেষ্ট” বুলি লিখা বেনাৰ হাতত লৈ দোষীক ক্ষিপ্ৰ শাস্তি বিহাৰ বাবে কৰ্তৃপক্ষক আহ্বান জনায়। উমৰাংছ’ৰ ষ্টিফেন হান্সে, নেপালৰ ৰবীন্দ্ৰ ৰাণা, বৰপেটা জিলাৰ আব্দুল হান্নান, লংকাৰ সত্য আচাৰ্যী আৰু মধ্যপ্ৰদেশৰ আৰিয়ান চৌধুৰীসহ মুঠ ৫জন…
Read More
উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰ

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এটা বাতৰিৰ প্ৰবন্ধক কেন্দ্ৰ কৰি জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন আৰু ৱেব পৰ্টেল ‘দ্য ৱায়াৰ’ৰ কৰণ থাপাৰৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ সৈতে জড়িত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা অসম আৰক্ষীক বাধা প্ৰদান কৰে। ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে সাংবাদিকসকলৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা নিত্য ৰামকৃষ্ণনে আদালতে পূৰ্বতে গৃহীত কৰা নিৰ্দেশক অসম আৰক্ষীয়ে অৱজ্ঞা কৰা বুলি কোৱাৰ পিছতে এই নিৰ্দেশ দিয়ে। তেওঁ কয় যে মে’ মাহত দাখিল কৰা পুৰণি এফআইআৰত বক্তব্য লিপিবদ্ধ কৰিবলৈ শুকুৰবাৰে বৰাদৰাজন আৰু কনচালটিং এডিটৰকে ধৰি অন্যান্য সাংবাদিকসকলক তলব কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।সাংবাদিকসকলক সুৰক্ষা প্ৰদান…
Read More
বিৰোধীৰ হুলস্থুলৰ মাজতে অনিৰ্দিষ্টকাললৈ স্থগিত লোকসভা

বিৰোধীৰ হুলস্থুলৰ মাজতে অনিৰ্দিষ্টকাললৈ স্থগিত লোকসভা

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বিষয়ক লৈ সংসদত অচলাৱস্থাৰ সৃষ্টি হৈছিল যদিও আদালতত বিষয়টো বিচাৰাধীন হৈ থকাৰ বাবে সংসদত আলোচনা কৰিব পৰা নগ’ল। আনকি বৃহস্পতিবাৰৰ সংসদৰ অন্তিম দিনটোতো বিৰোধীয়ে এছ আই আৰ বিষয়ত আলোচনাৰ দাবীত অটল আছিল আৰু হুলস্থুলৰ বাবে সদনৰ কাম-কাজ চলাব নোৱাৰে। ইয়াৰ পাছতে লোকসভাৰ অধ্যক্ষই বিৰোধীক ধমক দি সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখে। লোকসভাৰ অধ্যক্ষই সাংসদসকলক ধমক দি কয় যে সদনত বিৰোধীৰ আচৰণ গণতন্ত্ৰৰ মূল্যবোধৰ সৈতে মিল নাই। এইটো সংসদৰ মৰ্যাদা অনুযায়ী নহয়। গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কেনেদৰে ব্যাহত হৈছে সেয়া দেশৰ জনসাধাৰণে দেখিছে বুলিও তেওঁ কয়। লোকসভাৰ অধ্যক্ষই কয় যে বৰ্ষাকালিন অধিৱেশনৰ সময়ত মাত্ৰ ৩৭ ঘণ্টীয়া আলোচনা…
Read More
৩০ দিন আটকাধীন হৈ থাকিলে হেৰুৱাব মন্ত্ৰী পদ

৩০ দিন আটকাধীন হৈ থাকিলে হেৰুৱাব মন্ত্ৰী পদ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে লোকসভাত উত্থাপন কৰে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক, ২০২৫। যাক লৈ দেশৰ ৰাজনীতিত আন এক বিতৰ্কৰ সূচনা হৈছে। অমিত শ্বাহে লোকসভাত উত্থাপন কৰা ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক, ২০২৫ক তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী সাংসদসকলে। এই বিধেয়কত দুৰ্নীতি বা গুৰুতৰ অপৰাধৰ গোচৰত কমেও ৩০ দিনৰ বাবে আটক বা গ্ৰেপ্তাৰ হোৱা সেইসকল কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীক অপসাৰণৰ ব্যৱস্থা আছে। যেতিয়া লোকসভাৰ মজিয়াত অমিত শ্বাহে এই বিধেয়কখন উত্থাপন কৰে থাকে তেনে সময়ত বিৰোধী সাংসদসকলে ইয়াৰ তীব্ৰ বিৰোধিতাৰে সদন উত্তাল ৰাখে। যাৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰা প্ৰস্তাৱিত বিধেয়কৰ মতে, যদি…
Read More