অসম

প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন

প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন

দৰংঃ দেশজুৰি পালন কৰা সু-শাসন দিৱস আৰু এন ডি এ সাংসদসকলৰ উদ্যোগত আয়োজিত সাংসদ খেল মহোৎসৱ ২০২৫-ৰ সামৰণি অনুষ্ঠানৰ এক বিশেষ মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল মঙলদৈবাসী। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নিৰ্বাচিত একাংশ প্ৰতিভাশালী খেলুৱৈৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰে। সমগ্ৰ অসমৰ ভিতৰত একমাত্ৰ খেলুৱৈ হিচাপে দৰং জিলাৰ ভকতপাৰাৰ নিবাসী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাব-জুনিয়ৰ কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োৱে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া কথা-বতৰাত মিলিত হোৱাৰ গৌৰৱ অৰ্জন কৰে। মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগণত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অতি আন্তৰিকতাৰে শান্তিক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। তেওঁ জানিব বিচাৰে যে কিয়…
Read More
মছজিদৰ দেৱাল উচ্ছেদক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত শিলাক্ৰমণ, আহত কেইবাগৰাকী আৰক্ষী

মছজিদৰ দেৱাল উচ্ছেদক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত শিলাক্ৰমণ, আহত কেইবাগৰাকী আৰক্ষী

জয়পুৰঃ ৰাজস্থানৰ জয়পুৰ জিলাৰ চৌমু চহৰত এটা মছজিদৰ কাষৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱতি নিশা এক ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৩ বজাত সংঘটিত এই ঘটনাত উগ্ৰ জনতাই আৰক্ষীৰ ওপৰত নিৰ্মমভাৱে শিলগুটি বৰ্ষণ কৰে। এই আক্ৰমণত চাৰিগৰাকীকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, মছজিদৰ বাহিৰত ৰাস্তাৰ অংশ দখল কৰি লোহাৰ বেৰা দিয়াৰ অভিযোগ উঠিছিল। প্ৰশাসনে বৃহস্পতিবাৰে সন্ধিয়া এক আলোচনাৰ জৰিয়তে উক্ত নিৰ্মাণ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছিল আৰু স্থানীয় লোকসকলো মান্তি হৈছিল। কিন্তু নিশাৰ ভিতৰতে পুনৰ লোহাৰ বেৰা লগোৱাৰ খবৰ পোৱাৰ পাছত যেতিয়া আৰক্ষীয়ে জে…
Read More
কাৰ্বি আৰু আন খিলঞ্জীয়া জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰকঃ ছাত্ৰ সন্থা

কাৰ্বি আৰু আন খিলঞ্জীয়া জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰকঃ ছাত্ৰ সন্থা

পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি সন্দর্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্রীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰিছে। দাবী পত্ৰখনত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক  সমীৰণ ফুকনে পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি কয় কাৰ্বি আংলঙৰ সমস্যা সমগ্ৰ অসমৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা। বিগত দশকসমূহত কার্বি আংলং জিলাত অখিলঞ্জীয়া লোকৰ অবাধ আৰু অবৈধ বসতিয়ে জিলাখনৰ কাৰ্বি জনজাতি প্রমুখ্যে সকলো খিলঞ্জীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনিছে। খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰলৈ ভাবুকি অহাৰ সমান্তৰালভাৱে নিজৰ জন্মভূমিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ শংকাই গ্রাস কৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়া…
Read More
এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আক্ৰমণত ভাগিল যাত্ৰীৰ নাক! দিল্লী বিমানবন্দৰত ভয়ংকৰ কাণ্ড

এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আক্ৰমণত ভাগিল যাত্ৰীৰ নাক! দিল্লী বিমানবন্দৰত ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ আকাশত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলগীয়া এজন পাইলটৰ পৰা যেতিয়া এগৰাকী যাত্ৰী খোদ বিমানবন্দৰৰ ভিতৰতে শাৰীৰিক নিৰ্যাতনৰ বলি হয়, তেতিয়া সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এজন অফ-ডিউটি পাইলটে এজন যাত্ৰীক আক্ৰমণ কৰা ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়া চিটি স্কেন ৰিপৰ্টত ভুক্তভোগী যাত্ৰীজনৰ নাকৰ হাড় স্থানচ্যুত হোৱা বুলি ধৰা পৰাৰ পাছতে এই আক্ৰমণৰ ভয়াবহতা স্পষ্ট হৈ পৰিছে। ইফালে ভুক্তভোগী যাত্ৰী অংকিত দেৱানে জনোৱা মতে, ১৯ ডিচেম্বৰত টাৰ্মিনেল-১ৰ নিৰাপত্তা বেষ্টনীৰ ওচৰত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। নিৰাপত্তা পৰীক্ষাৰ শাৰী ভংগ কৰাক লৈ কৰা প্ৰতিবাদৰ পৰাই সংঘাতৰ সূত্ৰপাত ঘটে আৰু কেপ্তেইন বীৰেন্দ্ৰ…
Read More
দিল্লীৰ পিছত আগৰতলা-শিলিগুৰিত ভিছা আবেদন কেন্দ্ৰ বন্ধ কৰিলে বাংলাদেশে

দিল্লীৰ পিছত আগৰতলা-শিলিগুৰিত ভিছা আবেদন কেন্দ্ৰ বন্ধ কৰিলে বাংলাদেশে

দিল্লীত থকা উচ্চায়ুক্তৰ ভিছা সেৱা সাময়িকভাৱে বন্ধ কৰাৰ পিছত বাংলাদেশে আগৰতলাৰ ভিছা কাৰ্যালয় আৰু শিলিগুৰিত ভিছা আবেদন কেন্দ্ৰও বন্ধ কৰি দিছে। মঙলবাৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলাত থকা বাংলাদেশৰ ভিছা আৰু কনছুলাৰ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে।পশ্চিম বংগৰ শিলিগুৰিস্থিত বাংলাদেশৰ ভিছা আবেদন কেন্দ্ৰও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। বাংলাদেশৰ হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ মৃত্যুৰ পিছতে বিগত কিছুদিন ধৰি আগৰতলাত স্থানীয় একাংশ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৱশ্যে কলকাতাত থকা বাংলাদেশৰ ভিছা কাৰ্যালয় খোলা আছে।ইয়াৰ পূৰ্বে বাংলাদেশে দিল্লীত থকা উচ্চায়ুক্তৰ ভিছা সেৱা সাময়িকভাৱে বন্ধ কৰি দিছিল। উচ্চ আয়োগৰ গেটত এখন জাননী আঁৰি দিয়া হৈছে যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই কাম-কাজসমূহ…
Read More
বৰলুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচী

বৰলুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচী

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ১২ খন জিলাৰ ২৫ গৰাকী শিক্ষার্থীৰে মত বিনিময় কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। চৰাইদেউ নামৰ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত হ'বলগা এই অনুষ্ঠানৰ বাবে ২৫ গৰাকী শিক্ষার্থীক ইতিমধ্যে বাছনি কৰা হৈছে আৰু তেওঁলোকে প্রধানমন্ত্ৰীৰ সৈতে কেনেধৰণে বাৰ্তালাপ কৰিব সেই বিষয়ে প্রশিক্ষণ দি থকা হৈছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই কাৰ্যসূচীয়ে পূৰ্বে শুকুৰবাৰে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  গেটৱে' ঘাট টাৰ্মিনেল পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেখেতে পুংখানুপুংখভাৱে প্ৰতিটো বিষয়ত পৰ্যালোচনা কৰে।
Read More
২০২৬ৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয় ইউনিয়নৰ সভাপতি

২০২৬ৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয় ইউনিয়নৰ সভাপতি

২০২৬ৰ গণৰাজ্য দিৱসৰ বাবে ভাৰতে এক বৃহৎ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ইউৰোপীয় ইউনিয়নৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টা ২৬ জানুৱাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাৰত আৰু ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ)ৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) চূড়ান্ত কৰাৰ বাবে ভাৰতলৈ আহিব আৰু গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনত দুয়োপক্ষই এই ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। দশক দশক ধৰি বিচাৰাধীন হৈ থকা এই চুক্তিখন সাৰ্থক ৰূপ দিবলৈ পীয়ুষ গোৱেল আৰু ইউৰোপীয় ইউনিয়নৰ বিষয়াসকলে দিনে-নিশাই কাম কৰি আছে। উল্লেখ্য যে গণৰাজ্য দিৱসত ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ কৰাটো…
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন উপলক্ষে বৰঝাৰ বিমানবন্দৰসহ গুৱাহাটীত ব্যাপক তৎপৰতা; আদৰিবলৈ সাজু বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন উপলক্ষে বৰঝাৰ বিমানবন্দৰসহ গুৱাহাটীত ব্যাপক তৎপৰতা; আদৰিবলৈ সাজু বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া চৰকাৰী - বেচৰকাৰী কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব। ২০ ডিচেম্বৰৰ দিনা বিয়লি ২.৪৫ বজাত  ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰত আহি উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।  কাৰ্যত ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পৰাই বিজেপিয়ে অসমত আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিবলৈ কঁকালত টঙালি বান্ধিছে। ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবেই প্রধানমন্ত্রী মোডীৰ দুদিনীয়া অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। দুদিনীয়া মোডীৰ ভ্ৰমণসূচী অধিক আকর্ষণীয় কৰিবৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ১০জন মন্ত্রীক বিশেষ দায়িত্ব অর্পণ কৰিছে। ২০ ডিচেম্বৰত বিয়লি…
Read More
পশ্চিমবংগত এছ আই আৰত ৫৮.২০লাখ ভোটাৰৰ নাম কৰ্তন

পশ্চিমবংগত এছ আই আৰত ৫৮.২০লাখ ভোটাৰৰ নাম কৰ্তন

বহু বিতৰ্ক আৰু বিৰোধিতাৰ পিছত পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ, চমুকৈ এছ আই আৰ সম্পূৰ্ণ কৰি মঙলবাৰে নির্বাচন আয়োগে জাৰি কৰিছে খচৰা ভোটাৰ তালিকা। পশ্চিমবংগত এছ আই আৰৰ জৰিয়তে ৫৮,২০,৮৯৮ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। পশ্চিমবংগত ২০২৬ত অনুষ্ঠিত হ'ব বিধানসভা নির্বাচন। নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত কৰা হৈছে বিহাৰৰ দৰে এছ আই আৰ। কেৱল পশ্চিমবংগই নহয়, বাৰখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত প্ৰদেশত এছ আই আৰ চলি আছে। অসমত এছ আই আৰৰ পৰিৱৰ্তে এছ আৰ চলি আছে। পশ্চিমবংগত এছ আই কৰাৰ সময়ত কেইবাগৰাকী বি এল অ'ৰ মৃত্যুৰ পিছত বিতৰ্কৰ সৃষ্টি হয়। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এছ আই আৰৰ বিৰুদ্ধে ৰাজপথত নামি আন্দোলন আৰম্ভ কৰে। তাৰ…
Read More
মেঘালয়ত বন ধ্বংস আৰু চোৰাং চিকাৰীৰ তাণ্ডৱত ওলাই অহা বন্যহস্তীয়ে পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপত ভাগ ভাগ হৈ জনাঞ্চলত ভাঙিছে মানুহৰ ঘৰ – বস্তিৰ বেৰ

মেঘালয়ত বন ধ্বংস আৰু চোৰাং চিকাৰীৰ তাণ্ডৱত ওলাই অহা বন্যহস্তীয়ে পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপত ভাগ ভাগ হৈ জনাঞ্চলত ভাঙিছে মানুহৰ ঘৰ – বস্তিৰ বেৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মেঘালয় সীমান্তবৰ্তী ৰাণীকে ধৰি দাঁতি কাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনাঞ্চল আৰু খেতিপথাৰত বিগত দুই মাহৰো অধিক দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা ওলাই অহা হাতীৰ জাকৰ মুক্ত বিচৰণৰ ফলত খেতি পথাৰ নষ্ট হোৱাৰ লগতে সন্ধিয়া আন্ধাৰ হোৱাৰ পূৰ্বেই মানুহ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি হাতীৰ উপদ্ৰৱৰ মাজতেই কৃষক সকলে মৰণত শৰণ দি শালি ধান চপাবলৈ বাধ্য হৈছে । ৰাণীৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ অৰণ্যৰ  পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ জাকে ভাগে ভাগে ইতিমধ্যেই  ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন জনবহুল অঞ্চলত বিচৰণ কৰি গৃহস্থৰ দেৱাল,গছ গছনি ভঙাৰ লগতে কৃষকৰ ৰবি…
Read More