অসম

বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰে। চিকিৎসকৰ মতে, ফাষ্ট ফুডত ব্যৱহাৰ কৰা সংক্ৰমিত বন্ধাকবিৰ জৰিয়তে এই পৰজীৱীবিধ ছাত্ৰীগৰাকীৰ মগজুত প্ৰৱেশ কৰে আৰু তাৰ ফলতেই মগজুত গাঠিৰ সৃষ্টি হয়। দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালত মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ছাত্ৰীগৰাকীক ৰক্ষা কৰা সম্ভৱ নহ’ল। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চুচেলা কলা গাঁৱৰ নদীম আখতাৰৰ কন্যা ইলমা যোৱা এমাহ ধৰি তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। নয়ডাৰ এজন চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ…
Read More
১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

মেগা বিহু আৰু ঝুমুই বিন্দিনিৰ পাছত এতিয়া অসম চৰকাৰে এইবাৰ বাগৰুম্বাৰ আয়োজন কৰিছে। সৰুসজাই ষ্টেডিয়ামত বড়ো সমাজে বিশ্ববাসীৰ আগত উপস্থাপন কৰিব বাগৰুম্বা নৃত্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতি পৰ্যালোচনা কৰে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাই কয় যে ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বা নৃত্য অনুষ্ঠান হ’ব। তেওঁ লগতে কয় যে এই অনুষ্ঠানত ২৩খন জিলাৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। ৪, ৫, আৰু ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ’ব।
Read More
ৰাজ্যত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী

ৰাজ্যত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী

ৰাজ্যজুৰি অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ কাৰ্যসূচী আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগতো আৰম্ভ হ’ল । আজি নতুন বছৰটোৰ প্ৰথম দিনাই হেলমেট পৰিধান নকৰা উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত সদলবলে উপস্থিত হ’ল যমৰাজ আৰু চিত্তগুপ্ত। হেলমেট নিপিন্ধি দুচকীয়া বাহন চলোৱা আইন উলংঘাকাৰী চালক শীঘ্ৰে নিয়ন্ত্ৰণলৈ নাহিলে যমনগৰীলৈ আদৰণি জনাই হাতে হাতে তুলি দিলে ৰঙা গোলাপৰ কলি ৷ ৰাজপথৰ মাজতে আগচি ধৰি আইন উলংঘাকাৰী চালকক যমৰাজে শুনালে যানবাহন চালনাৰ সতৰ্কবাণী। এনেকৈয়ে অগতানুগতিকভাৱে নাট্যকাৰ-পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত নেডফিমছৰ শিল্পীসকলৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্যৰ ৰাজধানী চহৰখনত আৰম্ভ হ’ল। পথ-যানবাহন ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দি দুৰ্ঘটনা…
Read More
পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজ নিশা মহানগৰী গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় এই  পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয়।
Read More
সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যু ঘটে প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী যুৱতীৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, নৈত হাত ধুবলৈ যোৱাৰ সময়তে যুৱতীগৰাকী হঠাতে নদীৰ পলসত সোমাই পৰে। ইয়াৰ পাছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত প্ৰজ্ঞাশ্ৰী ফুকন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ অঞ্চলটোত…
Read More
উদাসীন ভকতলৈ আৰ্থিক সাহায্য

উদাসীন ভকতলৈ আৰ্থিক সাহায্য

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনি প্ৰদান। লোকসেৱা ভৱনত আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
Read More
টি-২০ বিশ্বকাপক লৈ আফগানিস্তানৰ ১৫ জনীয়া দল ঘোষণা

টি-২০ বিশ্বকাপক লৈ আফগানিস্তানৰ ১৫ জনীয়া দল ঘোষণা

২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানে ১৫ জনীয়া দল ঘোষণা কৰিছে। ৰছিদ খানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইব্ৰাহিম জাদ্ৰানক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্বকাপৰ পূৰ্বে দলটোৱে ইউ এ ইৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব। দললৈ উভতি আহিছে বেগী বলাৰ ফজালহাক ফাৰুকী আৰু অল ৰাউণ্ডাৰ গুলবাদিন নাইব। ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে বাংলাদেশ ভ্ৰমণৰ পৰা বাদ পৰিছিল। মুজিব উৰ ৰহমান আৰু নবীন উল হককো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ফিটনেছৰ সমস্যাৰ বাবে এছিয়া কাপত অংশ ল’ব নোৱাৰাৰ পিছত আঘাতৰ পৰা সুস্থ হৈ উঠিছে ফাষ্ট বলাৰ নবীন-উল হক। অফ স্পিনাৰ মুজিব উৰ ৰহমানক নিৰ্বাচিত কৰাৰ পিছতে ৰিজাৰ্ভত স্থান লাভ কৰিছে…
Read More
গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা  ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।
Read More
আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো  নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন দলতকৈ বহু আগত থকা বিজেপি দলে নিৰ্বাচনৰ বাবে তেওঁলোক সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰি আগন্তুক মাঘ বিহুৰ পূৰ্বে অগপকে ধৰি এন ডি এৰ অংশীদাৰী দল সমুহৰ মাজত আসনৰ ভাগ বাটোৱাৰা চূড়ান্ত কৰা হব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পৰ্যন্ত  কৰাৰ পিছত স্বাভাবিকতে মিত্ৰতাক লৈ কোনে কত টিকট পাব বা কোনটো সমষ্টি কোনটো দলক এৰি দিয়া হব তাক লৈ উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল । ইফালে নৱগঠিত মধ্য গুৱাহাটী…
Read More
২০২৬ ত ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনা প্ৰকাশ আমেৰিকাৰ

২০২৬ ত ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনা প্ৰকাশ আমেৰিকাৰ

২০২৬ চনত ভাৰত আৰু পাকিস্তানৰ মাজত আন এক যুদ্ধৰ সূচনা হ’ব পাৰে বুলি সকীয়াই দিছে আমেৰিকাৰ প্ৰধান থিংক টেংক কাউন্সিল অন ফৰেইন ৰিলেচনে (চি এফ আৰ)। চি এফ আৰৰ ‘Conflicts to Watch in 2026’ প্ৰতিবেদন অনুসৰি কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনা অধিক। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় তেন্তে ইয়াৰ প্ৰভাৱ আমেৰিকাৰ স্বাৰ্থত মধ্যমীয়া হ’ব পাৰে। যদিও জম্মু-কাশ্মীৰত কোনো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা নাই, তথাপিও চোৰাংচোৱা সংস্থাই ইংগিত দিছে যে এই শীতকালত জম্মু অঞ্চলত ৩০ তকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে। ইফালে, ১০ মে’ত ভাৰত…
Read More