অসম

“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ "জ্যোতিৰূপা" নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত "ভ্ৰাম্যমাণ থিয়েটাৰ - শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ " শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম'হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক…
Read More
চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে

চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে

অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, "দি চেন্ট্ৰিনেল" কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক আজি "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা নিজ বাসভৱন মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলা, মানপত্ৰ আদিৰে সম্ভাষণ জ্ঞাপন কৰে পৰাগজ্যোতি প্ৰকাশনৰ হৈ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, "সাহিত্যকোঁৱৰ" কমল কলিতা, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বোলছৱি পৰিচালক অৱনী ৰঞ্জন পাঠক, বিশিষ্ট গীতিকাৰ- অৱসৰী প্ৰশাসনীয় বিষয়া শচীন দাস প্ৰভৃতিয়ে । প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই কয়- "বৰ্তমান সময়ত…
Read More
জব্দ ১৫ টাকৈ‌ বিলাতী সুৰাৰ কাৰ্টুন

জব্দ ১৫ টাকৈ‌ বিলাতী সুৰাৰ কাৰ্টুন

হাজোৰ পাখামেলা, মাজৰচুপা, বৰাহটোলা, অভয়পুৰ, গেৰুৱাকে আদি কৰি ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ সুৰাৰ প্ৰতিষ্ঠান। যাৰ ফলত কিছুদিন পূৰ্বে গেৰুৱাৰ মহিলা সমাজে লগ হৈ সাব্যস্ত কৰিছিল বৃহৎ প্ৰতিবাদ, ঘন্টা ধৰি বন্ধ হৈ পৰিছিল হাজো-গুৱাহাটী মূল ৰাজপথ। ইয়াৰ পিছতে আজি হঠাৎ হাজো‌ গেৰুৱাৰ চ'কত অভিযান চলাই আবকাৰী বিভাগে। আবকাৰী বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা।আবকাৰী বিভাগে অতৰ্কিতে  অভিযান চলাই জব্দ কৰে‌ ১৫টাকৈ বিলাতী সুৰাৰ কাৰ্টুন। গেৰুৱাৰ‌ জৈনক সত্যজিত দাস নামৰ লোকজনৰ দোকানত আবকাৰী বিভাগে চলাই এই অভিযান। ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হোৱাৰ‌ সময়তে সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ।
Read More
বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী

বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী

সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ লগতে বৰপেটা জিলা প্রশাসনে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সেয়ে সমাগত লোকসভা  নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী কাম-কাজত বৰপেটা জিলা প্রশাসন ব্যস্ত হৈ পৰিছে। বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত কালি আবেলি বৰপেটা জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত আয়ুষ গর্গে এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত বৰপেটা নিৰ্বাচনী জিলাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে বৰপেটা জিলা আয়ুক্ত আয়ুষ গর্গে। সম্প্ৰতি ১০টা বিধানসভা সমষ্টিৰে গঠিত ৩ নং বৰপেটা লোকসভা  সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,৪৯,৮৭৩ গৰাকী। ইয়াৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিত ১৭,৮,৭৫৬ গৰাকী ভোটাৰ, বঙাইগাঁও বিধানসভা…
Read More
অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ

অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ'টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, ১৮ টা অ'টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ (গুগল প্লে ষ্টোৰৰ পৰা সাতটা আৰু তিনিটা এপল এপ ষ্টোৰৰ পৰা) আৰু ৫৭ টা ছ'চিয়েল মিডিয়া হেণ্ডেল সমগ্ৰ দেশতে নিষিদ্ধ কৰিছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা জাৰী কৰা এক বিবৃতিত কোৱা হৈছিল যে নিষিদ্ধ কৰা ১৮ টা অ'টিটি প্লেটফৰ্মত কিছু সময়ত অশ্লীল, অশালীন আৰু অশ্লীল সমল পৰিৱেশন কৰি আছিল। কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে যেতিয়া পূৰ্বে বহুবাৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। অনুৰাগ ঠাকুৰে বাৰে বাৰে…
Read More
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাস গ্ৰেপ্তাৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাস গ্ৰেপ্তাৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা হয়। জেইলাৰজনৰ বিৰুদ্ধে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে, যি বিচ্ছিন্নবাদী সংগঠন ৱাৰিছ পাঞ্জাৱ দেৰ সদস্য। কেইদিনমান পূৰ্বে, এই কয়দী কেইজনৰ পৰা  স্মাৰ্টফোন, স্পাইকেমকে ধৰি ইলেক্ট্ৰনিক সঁজুলি উদ্ধাৰ কৰা হৈছিল। কাৰাগাৰৰ বিষয়াজনক পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান ডিব্ৰুগড় সদৰ আৰক্ষী থানাত আছে। যোৱা মাহত অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ কোঠাসমূহৰ পৰা কেইবাটাও বৈদ্যুতিক সঁজুলি উদ্ধাৰ কৰা হৈছিল, য'ত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত গ্ৰেপ্তাৰ কৰা বন্দীসকল আছিল। আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে কৈছিল যে কাৰাগাৰৰ চৌহদত অনুসন্ধান কৰাৰ সময়ত, চিম কাৰ্ডৰ সৈতে স্মাৰ্টফোন, সাধাৰণ…
Read More
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ভিন-ভিন ক্ষেত্ৰৰ নাৰীক সম্বৰ্দ্ধনা

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ভিন-ভিন ক্ষেত্ৰৰ নাৰীক সম্বৰ্দ্ধনা

আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ স'তে সংগতি ৰাখি ভিন-ভিন ক্ষেত্ৰৰ ৯ (ন) গৰাকী নাৰীক বিশেষ ভাৱে আদৰ সম্ভাষণ জ্ঞাপন কৰে ।  এই অনুষ্ঠানত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাস,  মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সাহিত্য- সাংস্কৃতিক কৰ্মী অৰ্চনা হীৰা,  ভাৰপ্ৰাপ্ত সম্পাদক লফিকুল  হকৰ নেতৃত্বত এটি সঁজাতি দলে সচেতন মঞ্চৰ দলে  পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, মিৰ্জা ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ শিশু বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা: চুলতনা বেগম,   আয়ুৰ্বেদিক চিকিৎসক ডা: উপমা বৰ্মণ, পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা…
Read More
ব্ৰিটানিয়া নিউট্ৰেচন ফাউণ্ডেচনৰ বিনামুলীয়া হিম’গ্লাবিন পৰিক্ষা

ব্ৰিটানিয়া নিউট্ৰেচন ফাউণ্ডেচনৰ বিনামুলীয়া হিম’গ্লাবিন পৰিক্ষা

কামৰূপৰ সাতপখলী ৯৫ নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই উপলক্ষে  ব্ৰিটানিয়া নিউট্ৰিচেন ফাউণ্ডেচনৰ তৰফৰ পৰা মহিলা সকলোৰ বিনামুলীয়া হিম'গ্লাবিন পৰিক্ষা হয়।অনুষ্ঠানত ৯৫ নং প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক বিমল কলিতাৰ সভাপতিত্বত এখনি সজাগতা মুলক সভা অনুষ্ঠিত কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নাৰী অধিকাৰ আৰু নাৰী সম্পৰ্কত বক্তৃতা আগবঢ়াই। ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.চি.এম  কবিতা দাসে মন্তব্য কৰে যেযদিও পুৰুষৰ সম অধিকাৰ নাৰী সকলো দিয়া হৈছে তথাপিও পুৰুষ প্ৰধান সমাজ বহতো সময়ত নাৰী লাঞ্চিত বঞ্চিত হোৱা দেখা যায় বুলি মন্তব্য কৰে স্বাস্থ্য কৰ্মী কবিতা ডেকাই| অনুষ্ঠানত উপস্থিত থাকে ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.পি.এম প্ৰদিপ কলিতা,ডি.পু.অ ৰাজীৱ স্বৰ্গীয়াৰী,সাংবাদিক…
Read More
বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

বি বৰুৱা কলেজপ্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যেগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০মাৰ্চ বৰ্ণাঢ্য বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰাক্তন বিদ্যাৰ্থী সংস্হাই  বক্তৃতানুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান,বি বৰুৱাৰ মৃত্যু দিৱস, ৰক্তদান শিবিৰ, আন্ত:মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আন্ত:গাঁথনি মূলক কাম আদি বছৰযোৰা কাৰ্যসূচীৰে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। বৰ্ষযোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা অহা ৯মাৰ্চৰ পুৱা ৯:৩০বজাত বিশিষ্ট প্ৰাক্তন বিবিয়ান সকলৰ দ্বাৰা বি বৰুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন বিদ্যাৰ্থী…
Read More
১৬ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা

১৬ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা

কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ১৬ মাৰ্চত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত সমাপ্ত হ'ব। পিছদিনা অৰ্থাৎ ১৭ মাৰ্চত মুম্বাইত বিৰোধী দলসমূহৰ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ পদযাত্রা হ'ব। ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো নেতাই ইয়াত যোগদান কৰিব। ভাৰত জোড়ো ন্যায় যাত্ৰা নিৰ্ধাৰিত সময়সূচীৰ চাৰি দিন আগতে সমাপ্ত হ'ব। এইটো বিশ্বাস কৰা হয় যে ইয়াৰ আঁৰত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি থাকিব পাৰে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পদযাত্রা আয়োজন কৰা হৈছে। দৰাচলতে, উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ পৰা ২০২৪ চনৰ ১৪ জানুৱাৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছিল। অনুসূচী অনুসৰি ২০ মাৰ্চত সমাপ্ত হ'বলগীয়া হৈছিল। অৱশ্যে, এতিয়া এই যাত্ৰা ৪ দিন আগতে ১৬ মাৰ্চত সমাপ্ত হ'ব। এনেদৰে, কংগ্ৰেছৰ এই যাত্ৰা ৬২…
Read More