অসম

কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

অসমৰ বৈজ্ঞানিক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম পৰিশ্ৰমৰ এক ঐতিহাসিক যাত্ৰাৰ যেন এক মৰ্মান্তিক আৰু অনিশ্চিত পৰিণতি ঘটিল মহাকাশৰ বুকুত। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ 'লাচিত-১' আজি পুৱা হায়দৰাবাদৰ ধ্ৰুৱ স্পেচৰ পৰা উৎক্ষেপণ কৰা হয় যদিও নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ইছৰ’ৰ সৈতে ইয়াৰ যোগাযোগ বিচ্ছিন্ন হয়। সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ কেম্পাছত অনলাইন মাধ্যমেৰে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ উৎসাহিত হৈ থকা ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ মাজত এই খবৰে শোকৰ ছাঁ পেলাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই জানিবলৈ দিয়া মতে, শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি চি-৬২ ৰকেটৰ সহায়ত আজি পুৱা…
Read More
জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আৰু এক আবেগিক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আনিবলৈ তৎপৰ হৈ পৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰ অহা মাহৰ পৰা ফাষ্টট্ৰেক আদালতত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে বোকাখাতত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চৰকাৰৰ পক্ষ আদালতত জোৰদাৰভাৱে ৰাখিবলৈ ইতিমধ্যে বিশেষ পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰা হৈছে আৰু অহা মাহত ফাষ্টট্ৰেক আদালতৰ বাবে মুখ্য ন্যায়াধীশক আবেদন জনোৱা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিশেষ পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকে চৰকাৰক জনোৱাৰ পাছতে আমি ফাষ্টট্ৰেক আদালতৰ বাবে আবেদন কৰিম।” ইয়াৰ সমান্তৰালভাৱে ৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাই…
Read More
আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

সুৰক্ষিত বুলি গণ্য কৰা আৰক্ষী থানাৰ চৌহদতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। হৰদৈ জিলাৰ পালি আৰক্ষী থানাৰ ভিতৰতে সোমবাৰে পুৱা ৩৬ বছৰীয়া অনুপ নামৰ এজন ব্যক্তিয়ে নিজ পত্নীক গুলীয়াই হত্যা কৰে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এগৰাকী মহিলা কনিষ্টবলে ভুক্তভোগীগৰাকীক কেণ্টিনলৈ লৈ যোৱাৰ সময়তে এই মৰ্মান্তিক হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, অনুপে পাঁচ দিন পূৰ্বে তেওঁৰ পত্নী ছোনীৰ বিৰুদ্ধে ঘৰৰ পৰা অলংকাৰ আৰু নগদ ৩৫,০০০ টকা লৈ পলাই যোৱাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰিছিল। দেওবাৰে আৰক্ষীয়ে ছোনীক বিচাৰি উলিয়াই আইনী প্ৰক্ৰিয়াৰ বাবে…
Read More
এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ  কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ  ১৯ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি ৭ জানুৱাৰীৰ দিনা সন্ধিয়াৰ ভাগত  এম্পলইজ ইউনিয়নৰ উদ্যোগত কেন্দ্ৰীয়, মাণ্ডলিক আৰু শাখা ভিত্তিত সোঁৱৰণ কৰা হয়। সন্ধিয়া ইউনিয়নৰ পাণ্ডুস্থিত মূখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোত পবেন্দ্ৰ নাথ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিতাৰ পুত্ৰ দেৱজিৎ কলিতাই। এই উপলক্ষে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ত্ৰিদীপ মজুমদাৰে আঁত ধৰা অনুষ্ঠানটোত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় প্ৰকাশ বৰ্মন আৰু দেবাশীষ মুখাৰ্জী , কোষাধক্ষ্য জোন দাস, সহকাৰী সাধাৰণ সম্পাদক তথা প্ৰচাৰ গোটৰ…
Read More
খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

ক্ৰিকেট খেলি থকাৰ সময়তে হঠাৎ ক্ৰীড়াঙ্গনত ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী প্ৰবীণ ক্ৰিকেটাৰে। মিজোৰামৰ ৩৮ বছৰীয়া অভিজ্ঞ ক্ৰিকেটাৰ খাউলহ্ৰিং লালৰেমৰুৱাতাইৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট মহলক। বৃহস্পতিবাৰে চিহ্মুইৰ চুৱাকা খেলপথাৰত এখন ক্ৰিকেট মেচত অংশ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। খেলৰ মাজভাগলৈকে সকলো স্বাভাৱিক হৈ আছিল যদিও কিছু সময়ৰ পাছতে খেলপথাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বেটিং সম্পূৰ্ণ কৰাৰ মাত্ৰ কেইমিনিটমানৰ পাছতে খেলুৱৈগৰাকীয়ে বুকুত তীব্ৰ বিষ অনুভৱ কৰে আৰু হঠাতে ঢলি পৰে। ক্ৰিকেট এছ’চিয়েশ্যন অৱ মিজোৰামৰ উদ্যোগত আয়োজিত খালেদ মেম’ৰিয়েল দ্বিতীয় ডিভিজন স্ক্ৰীনিং টুৰ্ণামেণ্টত লালৰেমৰুৱাতাই ভি আৰ চি চি দলক প্ৰতিনিধিত্ব কৰিছিল। চাউনপুই আই এল এম অ’ ভি ক্ৰিকেট…
Read More
লক্ষেশ্বৰ কলিতা সোঁৱৰণী শিশু উপযোগী গল্প প্রতিযোগিতাৰ বঁটা বিজয়ীক বঁটা প্ৰদান

লক্ষেশ্বৰ কলিতা সোঁৱৰণী শিশু উপযোগী গল্প প্রতিযোগিতাৰ বঁটা বিজয়ীক বঁটা প্ৰদান

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ  লংকেশ্বৰৰ প্ৰয়াত লক্ষেশ্বৰ কলিতা শৈক্ষিক ন্যাসৰ উদ্যোগত অসম ভিত্তিত অনুষ্ঠিত  শিশু উপযোগী গল্প প্ৰতিযোগিতাৰ  বিজয়ী প্রতিযোগীসকলক লংকেশ্বৰস্থিত বাসগৃহত  প্ৰয়াত লক্ষেশ্বৰ কলিতাৰ জন্মবার্ষিকী উপলক্ষে ৪ জানুৱাৰীত  আয়োজিত  এক অনুষ্ঠানত  পূৰস্কাৰ আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হয় ।  এই উপলক্ষে নৱজিৎ শৰ্মা শাস্ত্ৰীৰ এটা মংগলাচৰণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে আবিলাকৰ প্ৰাক্তন সঞ্চালক ডঃ দিলীপ  কলিতাই আৰু আঁত ধৰে মামণি বৰবৰুৱা বৰগোঁহায়ে।  অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাসে ভাগ লৈ ভাষণ প্ৰসংগত এনে ধৰণৰ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰা কথাটোৰ বাবে ন্যাসৰ শলাগ লয়।…
Read More
আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব লাগিব ভেনিজুৱেলাই: ড’নাল্ড ট্ৰাম্প

আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব লাগিব ভেনিজুৱেলাই: ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাই আমাৰ নতুন তেল চুক্তিৰ পৰা লাভ কৰা ধনৰ ব্যৱহাৰ কেৱল আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব পাৰিব। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে লিখিছে-মই তথ্য পাইছো যে ভেনিজুৱেলাই আমাৰ নতুন তেল চুক্তিৰ পৰা পোৱা ধনৰে কেৱল আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব লাগিব। এই ক্ৰয়সমূহৰ ভিতৰত আমেৰিকাৰ কৃষি সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি, আৰু ভেনিজুৱেলাৰ শক্তি গ্ৰীড আৰু শক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে যন্ত্ৰপাতি আদি অন্তৰ্ভুক্ত কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভেনিজুৱেলা এতিয়া আমেৰিকাক নিজৰ প্ৰাথমিক বাণিজ্যিক অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এইটো এটা বুদ্ধিমান সিদ্ধান্ত আৰু ভেনিজুৱেলা আৰু আমেৰিকা উভয়ৰে জনসাধাৰণৰ…
Read More
বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য

বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য

কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সৰহ  সংখ্যক কৃষকে বিগত পাঁচটা বৰ্ষত  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাবধানত তৈল বীজৰ  খেতি কৰি বীজ  উৎপাদনৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মাটি নিৰ্বাচন ও প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি জাত নিৰ্বাচন, লগতে সাৰৰ প্ৰয়োগ , অন্যান্য বৈজ্ঞানিক প্ৰদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ বিজ্ঞানী ও বিশেষজ্ঞ সকলৰ পৰা অহৰহ দিহা পৰামৰ্শ যোগান ধৰি আহিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে কৃষকসকল তৈল বীজ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হবলৈ সক্ষম হৈছে আৰু অর্থনৈতিকভাৱে  স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে বুলি কৃষকসকলে ব্যক্ত কৰে। বিগত ২০২১-২২ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে কেন্দ্ৰটোৱে কৃষকৰ পথাৰত আৰু কেন্দ্ৰৰ…
Read More
কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এক বৈঠকত  নৱ নিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালে জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে। বৈঠকত অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে  নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তদুপৰি সকলোৰে সৈতে নম্ৰ ব্যৱহাৰ কৰাৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, অতিৰিক্ত আয়ুক্ত কেচিঅ' কৰণ পেগু,কংকন শৰ্মা, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰা,সহকাৰী আয়ুক্তসকল লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Read More
আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশ আসন লাভ কৰিব ; দুৰ্গা সৰোবৰত যোগদান সমাৰোহত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ; কংগ্ৰেছ নেতা – কৰ্মীসহ পাঁচ শতাধিকৰ অগপত যোগদান

আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশ আসন লাভ কৰিব ; দুৰ্গা সৰোবৰত যোগদান সমাৰোহত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ; কংগ্ৰেছ নেতা – কৰ্মীসহ পাঁচ শতাধিকৰ অগপত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত  বিজেপি - অগপ নেতৃত্বাধীন শাসকীয় এন ডি এ মৰ্চাই পুনৰ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ বাবে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে । ইফালে নৱগঠিত মধ্য গুৱাহাটী বিধানসভা সমষ্টিটোত আন দলতকৈ  অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথ্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলটোৰ হৈ দিনে নিশাই ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আনকি  বিগত কেইটামান মাহত মধ্য গুৱাহাটীত বিধায়ক কলিতাৰ বিশেষ উদ্যোগত কেবাটাও যোগদান কাৰ্যসূচী সম্পন্ন হৈছে। য'ত অগপ দলৰ আঞ্চলিকতাবাদত বিশ্বাস ৰাখি কংগ্ৰেছ , বিজেপিৰ উপৰিও বিভিন্ন দল সংগঠন, জাতি জনগোষ্ঠীৰ যুৱক - যুৱতী, পুৰুষ - মহিলা…
Read More