অসম

বিজেপি-আগপৰ মাজত নাই কোনো প্ৰভেদঃ মিত্ৰজোঁটৰ অভিন্ন লক্ষ্যক লৈ ডিমৰীয়াত হিমন্তৰ ঘোষণা

বিজেপি-আগপৰ মাজত নাই কোনো প্ৰভেদঃ মিত্ৰজোঁটৰ অভিন্ন লক্ষ্যক লৈ ডিমৰীয়াত হিমন্তৰ ঘোষণা

অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ সম্পৰ্কক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাই এতিয়া লাভ কৰিছে এক নতুন মাত্ৰা। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ডিমৰীয়াত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োটা দলৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ ঐক্যবদ্ধ যুঁজৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দুয়োটা দলৰ উমৈহতীয়া লক্ষ্য হৈছে অসমত পুনৰ এখন এন ডি এ চৰকাৰ গঠন কৰা। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কোনো বিৰোধ নাই। তেওঁ…
Read More
হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা বনভূমি উদ্ধাৰৰ লক্ষ্যৰে চলোৱা এই অভিযানে সমগ্ৰ জিলাখনতে এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। মিজোৰাম সীমান্তৰ এই স্পৰ্শকাতৰ অঞ্চলটোত সোমবাৰে পুৱাৰে পৰা প্ৰায় ১৫০ খন বুলড’জাৰ আৰু ১৫০০ সশস্ত্ৰ বাহিনীৰ উপস্থিতিত উচ্ছেদ কাৰ্য আৰম্ভ হয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি, এই উচ্ছেদ অভিযানে ৫১৬ টা পৰিয়ালক প্ৰভাৱিত কৰিছে যদিও বহু পৰিয়ালে অভিযানৰ পূৰ্বেই নিজৰ সা-সম্পত্তি লৈ স্থান ত্যাগ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীত মূলতঃ বনভূমিত অবৈধভাৱে গঢ়ি তোলা তামোল বাগানসমূহ ধ্বংস কৰাত…
Read More
কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুওৱা মহিলাগৰাকীক মীনা বৰা বুলি চিনাক্ত কৰা হৈছে। নিজৰ ঘৰৰ চোতালত হঠাতে হাতীটো প্ৰত্যক্ষ কৰি মীনা বৰাই প্ৰাণৰ মমতাত পলাবলৈ চেষ্টা কৰিছিল যদিও বন্য হস্তীটোৱে তেওঁক খেদি খেদি গচকি হত্যা কৰে। এই শোকাৱহ কাণ্ডৰ পাছতে মন্ত্ৰী কেশৱ মহন্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হাতীটোক…
Read More
গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ ৰহস্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ছোৱাত কেইবাটাও দিন নিজে নিৰ্ধাৰণ কৰি দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ফাদিল কৰাৰ হুংকাৰ দিছিল। এইবাৰ পুনৰ মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিছে ৮ ফেব্ৰুৱাৰীৰ দিনটো। অহা ৮ ফেব্ৰুৱাৰীত হ’বলগীয়া এক বিস্ফোৰক সংবাদ মেলৰ সম্ভাব্য পৰিণতি চম্ভালিবলৈহে বিৰোধীয়ে এই জৰুৰীকালীন মিত্ৰতাৰ আশ্ৰয় লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত গঢ়ি উঠা বুজাপৰাক এক সাময়িক ৰাজনৈতিক কৌশল বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে দেওবাৰে বিৰোধীৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰে। তেওঁ দাবী কৰে যে এই মিত্ৰতা কোনো আদৰ্শৰ ভেটিত…
Read More
বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা

বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা

আসন্ন বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে এক ৰাষ্ট্ৰীয় সমীক্ষাই অসমৰ নিৰ্বাচনী সমীকৰণত সৃষ্টি কৰিছে এক নতুন জোৱাৰৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হৃদস্পন্দন পৰীক্ষা কৰি 'ইণ্ডিয়া টুডে-চি ভোটাৰ মুড অফ দ্য নেচন' সমীক্ষাই যি ফলাফল দাঙি ধৰিছে, সি বিজেপি আৰু কংগ্ৰেছ- দুয়োটা শিবিৰৰে নিদ্ৰা হৰণ কৰিছে। এই সমীক্ষাৰ মতে, ৰাজ্যত আঞ্চলিক দলসমূহৰ অস্তিত্ব প্ৰায় ম্লান পৰাৰ বিপৰীতে মূল যুঁজখন এতিয়া দ্বি-মেৰু কেন্দ্ৰিক হৈ পৰিছে। জানুৱাৰী মাহত চলোৱা এই সমীক্ষাৰ তথ্য অনুসৰি, যদি এতিয়াই নিৰ্বাচন হয় তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ দৌৰত শীৰ্ষত আছে। আনহাতে, ৪৪ শতাংশ ভোটেৰে…
Read More
সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত

সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত

ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত থকা চোৰাং সৰবৰাহকাৰীৰ অবাধ চলাচলে মানকাচৰৰ কুকুৰমাৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এটা সৰবৰাহকাৰী চক্ৰই সীমান্তৰে অবৈধভাৱে গৰু পাৰ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ গৈ সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। দেওবাৰে নিশা সংঘটিত এই গুলীচালনাৰ ঘটনাই এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, কুকুৰমাৰা সীমান্তৰে এদল সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু পাৰ কৰাৰ চেষ্টা চলাই থকা অৱস্থাত বি এছ এফৰ জোৱানে বাধা প্ৰদান কৰে। জোৱানসকলে সৰবৰাহকাৰীৰ দলটোক বাৰে বাৰে সকীয়নি দিয়াৰ পাছতো তেওঁলোকে পলাবলৈ চেষ্টা কৰাত বি এছ এফে গুলীচালনা কৰে। এই গুলীচালনাত এজন সৰবৰাহকাৰী ভৰিত গুলীবিদ্ধ হৈ…
Read More
যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ সংগ্ৰামক সাম্প্ৰদায়িকতাৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। "মিঞা মুছলমান" সন্দৰ্ভত তেওঁ কৰা মন্তব্যক লৈ সৃষ্টি হোৱা তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে শনিবাৰে মহাত্মা গান্ধীৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতিৰ সপক্ষে যুক্তি দৰ্শায়। মহাত্মা গান্ধীৰ আজোনাতি তুষাৰ গান্ধীয়ে কৰা সমালোচনাৰ উত্তৰ দি তেওঁ দাবী কৰে যে যদি আজি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অসমীয়া মানুহৰ পক্ষতে থিয় দিলেহেঁতেন। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, "যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেন। ইতিহাসত গান্ধীৰ ভূমিকাই প্ৰমাণ কৰে…
Read More
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া , প্ৰকৃতিপ্ৰেমী মহেন্দ্ৰ দাসৰ মৃ*ত্যু

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া , প্ৰকৃতিপ্ৰেমী মহেন্দ্ৰ দাসৰ মৃ*ত্যু

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপে বিশেষ সুনাম থকা মহেন্দ্ৰ দাসৰ চিকিৎসাধীন অৱস্থাত আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। ১৯৪৫ চনৰ ২৬ মে'ত শোণিতপুৰ জিলাৰ ৰাঙলিয়ান গাঁৱত জন্মগ্ৰহণ কৰা মহেন্দ্ৰ দাসে চাকৰি জীৱনৰ লগতে অৱসৰ গ্ৰহণ কৰাৰ পাছতো "এক বৃক্ষ দশ পুত্ৰ সম" নীতিৰ আধাৰত নিজৰ জন্মগাওঁ ৰাঙলিয়ান গাঁৱত পতিত মাটি, খালী হৈ থকা চৰকাৰী মাটি , পথৰ দাঁতিত ব্যাপক হাৰত গছপুলি ৰোপণ কৰি সাধাৰণ ৰাইজৰ লগতে বন বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। একেদৰে জীৱ জন্তুৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে মৃত্যুৰ সময়ত…
Read More
সমগ্ৰ দেশৰ স্কুলীয়া ছাত্ৰীক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

সমগ্ৰ দেশৰ স্কুলীয়া ছাত্ৰীক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মহিলা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত অনাময় ব্যৱস্থাক সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ব্যক্তিগত গোপনীয়তা আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ হিচাপে আজি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক বিনামূলীয়াকৈ পৰিৱেশ অনুকূল চেনিটেৰী নেপকিন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক আদালতে কঠোৰ নিৰ্দেশ দিছে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায়দান কৰি স্পষ্ট কৰে যে এয়া কোনো দান নহয়, বৰঞ্চ এগৰাকী ছাত্ৰীৰ সাংবিধানিক অধিকাৰ। ন্যায়ালয়ৰ এই নিৰ্দেশনা অনুসৰি, দেশৰ প্ৰতিখন বিদ্যালয়তে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰৰ ব্যৱস্থা থকাটো বাধ্যতামূলক। বিশেষকৈ দিব্যাংগ শিক্ষাৰ্থীৰ বাবে…
Read More
বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচনঃ ঘোষণাৰ বাবে সাজু নিৰ্বাচন আয়োগ

বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচনঃ ঘোষণাৰ বাবে সাজু নিৰ্বাচন আয়োগ

ৰাজ্যত গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্ততে ঘোষণা হোৱাৰ সম্ভাৱনাই এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত বৃদ্ধি কৰিছে তীব্ৰ তৎপৰতা। অসমৰ ৰাইজ আৰু চৰকাৰৰ ইচ্ছা অনুসৰি অহা ব’হাগ বিহুৰ পূৰ্বেই এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে প্ৰস্তুতি চলাই থকাৰ কথা আজি স্পষ্ট কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিগত নিৰ্বাচনসমূহৰ সময়সূচীৰ উদাহৰণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ঘণ্টা বাজি উঠাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জানিবলৈ দিয়া মতে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা ২৭ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল। ২০১৬ চনৰ নিৰ্বাচনৰ অধিসূচনাও ১ মাৰ্চত প্ৰকাশ পাইছিল। এই পৰম্পৰা আৰু অভিজ্ঞতাৰ ভিত্তিত চৰকাৰে বিচাৰে…
Read More