অসম

অসমত শান্তিৰ নতুন পৰিৱেশ; ৫ বছৰত ৯,০২২ জন উগ্ৰবাদীৰ আত্মসমৰ্পণ

অসমত শান্তিৰ নতুন পৰিৱেশ; ৫ বছৰত ৯,০২২ জন উগ্ৰবাদীৰ আত্মসমৰ্পণ

অসমত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা বিশেষ উদ্যোগৰ ফলত ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৯,০২২ গৰাকী উগ্ৰপন্থীয়ে মূল সুঁতিলৈ উভতি আহিছে। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে ২০২৬-২৭ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে। চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক শান্তি আলোচনা আৰু আত্মসমৰ্পণ নীতিৰ ফলতেই ১,০১২ টা অত্যাধুনিক মাৰণাস্ত্ৰও উদ্ধাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে সদনত ভাষণ প্ৰদান কৰি কয় যে যোৱা পাঁচটা বছৰত চৰকাৰে আলফা, ডিএনএলএৰ লগতে কাৰ্বি আৰু আদিবাসী গোটসমূহৰ সৈতে মুঠ চাৰিখনকৈ শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছে। এই চুক্তিসমূহৰ জৰিয়তে বিভ্ৰান্ত যুৱকসকলক…
Read More
অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব সন্দেহজনক নাম; বিহুৰ পূৰ্বে নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ

অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব সন্দেহজনক নাম; বিহুৰ পূৰ্বে নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ

অহা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভোটাৰ তালিকাৰ শুদ্ধিকৰণ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত থকা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে। ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ একমাত্ৰ উদ্দেশ্য হৈছে সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য তথা সন্দেহজনক নামসমূহ তালিকাৰ পৰা আঁতৰোৱা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তনৰ বিষয়টোক লৈ সৃষ্টি হোৱা বিভিন্ন চৰ্চাৰ মাজতে আয়ুক্তগৰাকীয়ে এই স্পষ্টীকৰণ আগবঢ়ায়। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে আইন অনুসৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ সংশোধন কৰাটো বাধ্যতামূলক। দেশৰ আন ১২খন…
Read More
লাহৰীঘাটত নিৰ্মীয়মাণ দলং খহি চাৰি শ্ৰমিক গুৰুতৰভাৱে আহত; ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰাইজৰ

লাহৰীঘাটত নিৰ্মীয়মাণ দলং খহি চাৰি শ্ৰমিক গুৰুতৰভাৱে আহত; ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰাইজৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ লালী বিলৰ ওপৰত নিৰ্মাণাধীন এখন দলং বুধবাৰে হঠাতে খহি পৰাত এক শোকাবহ ঘটনাৰ সৃষ্টি হয়। লাহৰীঘাট-মৰিগাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত পুনৰ নিৰ্মাণ কৰি থকা অৱস্থাতে দলংখনৰ এটা অংশ ভাঙি পৰাত কৰ্মৰত চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক স্থানীয় লোকৰ সহযোগত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰা হয়। আহত শ্ৰমিক কেইগৰাকীক ক্ৰমে গোলজাৰ হুছেইন, মুস্তাফা আহমেদ, ইনামুল হক আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকক প্ৰথমে চিকিৎসাৰ বাবে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাতৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰ্মাণ কাৰ্য…
Read More
পুনৰ আম আদমী পাৰ্টিৰ নেতাৰ ওপৰত আক্ৰমণ! এইবাৰ বিবাহ অনুষ্ঠানত গুলীয়াই হত্যা গাঁওপ্ৰধানক

পুনৰ আম আদমী পাৰ্টিৰ নেতাৰ ওপৰত আক্ৰমণ! এইবাৰ বিবাহ অনুষ্ঠানত গুলীয়াই হত্যা গাঁওপ্ৰধানক

দেশৰ সীমান্তৱৰ্তী ৰাজ্য পঞ্জাৱত শাসকীয় আম আদমি পাৰ্টিৰ নেতাৰ ওপৰত চলি থকা লক্ষ্যহীন আক্ৰমণে এতিয়া আইন-শৃংখলাৰ তীব্ৰ সংকট সৃষ্টি কৰিছে। বুধবাৰে টাৰ্ণ তৰণ জিলাৰ এক বিবাহ অনুষ্ঠানত থাথিয়ান মেহতা গাঁৱৰ গাঁওপ্ৰধান হৰপিন্দৰ সিঙক অচিনাক্ত দুৰ্বৃত্তই অতি ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। প্ৰায় এমাহৰ পূৰ্বে অমৃতসৰতো একে ধৰণে আন এগৰাকী আপ নেতা তথা গাঁওপ্ৰধানক হত্যা কৰা হৈছিল, যাৰ বাবে এই নতুন ঘটনাই সমগ্ৰ ৰাজ্যখনতে শংকাৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি অনুসৰি, গাঁওপ্ৰধান হৰপিন্দৰ সিং এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল। সেই সময়তে মটৰ চাইকেলত অহা তিনিজনীয়া এটা সশস্ত্ৰ দলে তেওঁক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই আক্ৰমণত এ কে-৪৭…
Read More
বিজেপিক ‘ৰাজনৈতিক সকীয়নি’ আটছাৰঃ ২০২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বাকচত দিব উচিত উত্তৰ

বিজেপিক ‘ৰাজনৈতিক সকীয়নি’ আটছাৰঃ ২০২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বাকচত দিব উচিত উত্তৰ

চৰকাৰে দীৰ্ঘদিন ধৰি জনাই অহা প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অৱশেষত শাসকীয় বিজেপি দলক তীব্ৰ ৰাজনৈতিক সকীয়নি প্ৰদান কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু মজুৰি বৃদ্ধিৰ দৰে মৌলিক সমস্যাসমূহ সমাধান নকৰিলে নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ‘কঠোৰ পৰিণতি’ ভুগিবলৈ সাজু থাকিবলৈ সংগঠনটোৱে হুংকাৰ দিয়ে। বুধবাৰে জিলা সমিতিৰ উদ্যোগত আয়োজিত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি লাজাৰ নন্দাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, "চাহ জনগোষ্ঠীৰ লোকসকলে যোৱা পাঁচটা দশকতকৈও অধিক সময় ধৰি নিজৰ সাংবিধানিক অধিকাৰৰ বাবে গণতান্ত্ৰিকভাৱে যুঁজ দি আহিছে।…
Read More
ভূপেন বৰাৰ বিজেপি গমনক লৈ গৰজি উঠিল গৌৰৱ গগৈ; হিমন্ত বিশ্ব শৰ্মাক ‘অসমৰ জিন্নাহ’ আখ্যা

ভূপেন বৰাৰ বিজেপি গমনক লৈ গৰজি উঠিল গৌৰৱ গগৈ; হিমন্ত বিশ্ব শৰ্মাক ‘অসমৰ জিন্নাহ’ আখ্যা

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ বিজেপি গমনৰ দিন ধাৰ্য হোৱাৰ পাছতেই বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰে সাংসদ তথা এপাচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে দাবী কৰে যে এজন বিশেষ নেতাৰ বিদায়ে দলৰ সাংগঠনিক ভেটিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। তেওঁ লগতে কটাক্ষ কৰি কয় যে যিসকল নেতাই ইতিপূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে, তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰ এতিয়া অতি নগণ্য হৈ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কংগ্ৰেছৰ 'শেষ হিন্দু নেতা' বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে এক গুৰুত্বপূৰ্ণ আৰোপ কৰে। মুখ্যমন্ত্ৰীক 'অসমৰ জিন্নাহ' বুলি অভিহিত কৰি তেওঁ…
Read More
দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ স্কেনিং কমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী দুদিনীয়া অসম ভ্ৰমণ কৰিম। ১০ বজাত গুৱাহাটীত বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীৰ্বাদ ল'ব। তাৰ পৰা ৰাজীৱ ভৱনলৈ আহিব। দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজালৈ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'ব।
Read More
মণিপুৰত পুনৰ উত্তেজনা! সুৰক্ষাৰ খাতিৰত ৫১ গৰাকী কুকি শিক্ষাৰ্থীক নিৰাপদ স্থানলৈ স্থানান্তৰ

মণিপুৰত পুনৰ উত্তেজনা! সুৰক্ষাৰ খাতিৰত ৫১ গৰাকী কুকি শিক্ষাৰ্থীক নিৰাপদ স্থানলৈ স্থানান্তৰ

নাগা আৰু কুকি সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা তীব্ৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ উখৰুল জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৫১ গৰাকী কুকি ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। উখৰুল জিলাৰ লিটান চাৰিখং অঞ্চলত দুয়োটা পক্ষৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ৩০ টা বাসগৃহ ভস্মীভূত হোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছিল। পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকাত আৰক্ষীয়ে এই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰে। উখৰুল জিলা আৰক্ষীয়ে এক বিবৃতিত জনাইছে যে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰামভাৰ জেএনভিৰ পৰা উদ্ধাৰ কৰি ক্ৰমে কাংপোকপি জিলাৰ চাইকুল আৰক্ষীক গতাই দিয়া হৈছে। আৰক্ষীয়ে কয়, "আমি ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাৱে কাংপোকপিৰ জেএনভিলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ। এই দলটোত ৩১ জন ছাত্ৰ আৰু ২০…
Read More
মিঞা বিতৰ্কক লৈ উত্তপ্ত বিধানসভাঃ এআইইউডিএফৰ স্থগিতাদেশ প্ৰস্তাৱ নাকচ, বিৰোধীৰ সদন ত্যাগ

মিঞা বিতৰ্কক লৈ উত্তপ্ত বিধানসভাঃ এআইইউডিএফৰ স্থগিতাদেশ প্ৰস্তাৱ নাকচ, বিৰোধীৰ সদন ত্যাগ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'মিঞা' সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ মঙলবাৰে অসম বিধানসভাৰ মজিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিৰোধী এআইইউডিএফৰ বিধায়কসকলে এই বিষয়টো লৈ এক স্থগিতাদেশ প্ৰস্তাৱ উত্থাপন কৰে যদিও অধ্যক্ষই সেয়া নাকচ কৰাত তেওঁলোকে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ মন্তব্যই ৰাজ্যত এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনি যোগাইছে। বিধানসভাৰ মজিয়াত বিধায়ক আমিনুল ইছলামে কয় যে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে উজনি অসমৰ বহু ঠাইত মিঞা সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰিবলৈ একাংশ দুষ্কৃতিকাৰীয়ে সুযোগ লাভ কৰিছে। তেওঁ অভিযোগ কৰে যে কামৰ সন্ধানত যোৱা লোকসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে কৰ্মস্থলী ত্যাগ কৰিবলৈও বাধ্য কৰোৱা হৈছে।…
Read More
‘ইণ্ডিয়া এআই চামিট’ত চৰম অব্যৱস্থাপনাঃ মোদী চৰকাৰক তীব্ৰ সমালোচনা খৰ্গেৰ, অৱশেষত ক্ষমা ভিক্ষা অশ্বিনী বৈষ্ণৱৰ

‘ইণ্ডিয়া এআই চামিট’ত চৰম অব্যৱস্থাপনাঃ মোদী চৰকাৰক তীব্ৰ সমালোচনা খৰ্গেৰ, অৱশেষত ক্ষমা ভিক্ষা অশ্বিনী বৈষ্ণৱৰ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত হাই-প্ৰফাইল 'ইণ্ডিয়া এআই ইমপেক্ট চামিট'ত হোৱা ব্যাপক বিশৃংখলাক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। সন্মিলনৰ প্ৰথম দিনটোতে ইন্টাৰনেটৰ বিসংগতিৰ পৰা আৰম্ভ কৰি খাদ্য-পানীৰ অভাৱলৈকে যি পৰিস্থিতিৰ সৃষ্টি হ’ল, তাক কেন্দ্ৰ কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে চৰকাৰক "প্ৰচাৰ সৰ্বস্ব" বুলি তুলাধুনা দিয়ে। তেওঁ অভিযোগ কৰে যে চৰকাৰৰ অদক্ষতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে লজ্জানত হ’বলগীয়া হৈছে। উল্লেখ্য যে, প্ৰথম দিনাৰ এই চামিটত দেশ-বিদেশৰ পৰা অহা প্ৰতিনিধিসকলে প্ৰৱেশ পথত ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰী পাতি থিয় দিবলগীয়া হয়। আনকি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে একাংশ উদ্যোগীক দীৰ্ঘসময় ধৰি আৱদ্ধ কৰি ৰখাৰ ফলত বিশৃংখলতাই চৰম সীমা পায়।…
Read More