21
Feb
বিধানসভা নিৰ্বাচনৰ সমীকৰণ আসন ভাগ-বাটোৱাৰাক লৈ বিপৰ্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত। ৰাজ্যত নিৰ্বাচনলৈ মাত্ৰ ডেৰমাহ বাকী থকা অৱস্থাত কংগ্ৰেছৰ একপক্ষীয় নীতিয়ে মিত্ৰজোঁটটোৰ ভিতৰচৰাত এক তীব্ৰ বিদ্ৰোহৰ সূচনা কৰিছে। বিশেষকৈ কংগ্ৰেছৰ স্থিতিত অতিষ্ঠ হৈ এতিয়া ৰাইজৰ দল আৰু অজাপে মিত্ৰতা ভংগ কৰি ‘একলা চল’ নীতি গ্ৰহণৰ চৰম হুংকাৰ দিছে। শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী নিৰ্বাচনী বৈঠকত কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰে। সদ্যহতে দলটোত যোগদান কৰা দুই বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আসন কেন্দ্ৰিক সংঘাতক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। বৈঠকৰ অন্তত…
