02
Mar
টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ পৰা লজ্জাজনক বিদায় লোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া প্ৰতিজন খেলুৱৈয়ে নিজৰ পকেটৰ পৰাই মূল্য ভৰিবলগীয়া হৈছে। ব’ৰ্ডৰ এই আকস্মিক পদক্ষেপে পাকিস্তানৰ ক্ৰীড়া মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিশ্বস্ত সূত্ৰই জনোৱা মতে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয় আৰু পৰৱৰ্তী সময়ত ছুপাৰ-৮ৰ পৰা বাহিৰ হোৱাৰ পাছতে ব’ৰ্ডে প্ৰতিজন খেলুৱৈক ৫০ লাখ পাকিস্তানী টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। এই বৃহৎ অংকৰ ধন খেলুৱৈসকলৰ মাহিলী দৰমহা অথবা মেচ ফীৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই জৰিমনাৰ…
