Blog

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।
Read More
চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ

চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ। দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত অগ্নিকাণ্ড সংঘটিত হৈছে বুলিও জানিব পৰা গৈছে। এই আক্ৰমণৰ পাছতে ড’নাল্ড ট্ৰাম্পেও সকিয়নী প্ৰদান কৰিছে। ট্ৰাম্পে আমেৰিকাৰ দূতাবাসত হোৱা আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব বুলি হুংকাৰ প্ৰদান ।কৰিছে।ড্রোণ আক্রমণত থিতাতে মৃত্যু কেইবাজনো আমেৰিকান সেনাৰ।ৰিয়াধস্থিত দূতাবাসত পুৱতি নিশা ভয়ংকৰ ড্ৰোণ আক্রমণ।আক্ৰমণৰ শীঘ্ৰেই প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ডনাল্ড ট্রাম্পৰ। আমেৰিকান দূতাবাস পুৱতি নিশা ছাৰখাৰ কৰি দিলে ইৰানে বহু আমেৰিকান সেনাৰ প্ৰাণ হানি।
Read More
অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’

অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’

ছিকিমৰ বিশিষ্ট অৰ্কিড বিশেষজ্ঞ মোহন প্ৰধানে আঠ বছৰীয়া নিৰন্তৰ গৱেষণা আৰু বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ অন্তত উদ্ভাৱন কৰিছে অৰ্কিডৰ এক নতুন প্ৰজাতি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি সন্মান জনাই বিশেষজ্ঞগৰাকীয়ে এই নতুন হাইব্ৰিড অৰ্কিডবিধৰ নাম ৰাখিছে ‘সেউজীয়া কাজিৰঙা’। এই বিশেষ উদ্ভাৱনে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে। অসমীয়া শব্দ ‘সেউজীয়া’ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ‘কাজিৰঙা’ৰ সংমিশ্ৰণেৰে নামকৰণ কৰা এই অৰ্কিডবিধে ৰাজ্যখনৰ প্ৰকৃতিৰ সৈতে ছিকিমৰ বিশেষজ্ঞগৰাকীৰ থকা গভীৰ আৱেগিক সম্পৰ্কক সূচাইছে। অৰ্কিড বিশেষজ্ঞসকলৰ মতে, এবিধ দুৰ্লভ অৰ্কিডৰ বৰ্ণসংকৰণ কৰিবলৈ পৰাগযোগৰ সঠিক নিয়ন্ত্ৰণ আৰু সুস্থিৰ সপুষ্পক চক্ৰৰ বাবে বহু বছৰীয়া পৰ্যবেক্ষণৰ প্ৰয়োজন হয়। ড০ প্ৰধানৰ এই কৃতিত্বই কেৱল উদ্ভিদ…
Read More
ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।
Read More
মাইবাঙৰ পৰা তিনি শিশু সন্ধানহীন; উদ্ধাৰৰ বাবে পৰিয়ালৰ আকুল আবেদন

মাইবাঙৰ পৰা তিনি শিশু সন্ধানহীন; উদ্ধাৰৰ বাবে পৰিয়ালৰ আকুল আবেদন

ডিমা হাছাও জিলাৰ মাইবাং আৰক্ষী থানাৰ অন্তৰ্গত হৰিচন্দ্ৰপুৰৰ পৰা ১ মাৰ্চৰ দুপৰীয়াৰে পৰা তিনিটাকৈ শিশু সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন শিশু কেইটা ক্ৰমে ১২ বছৰীয়া ৰণু কুৰ্মী, ১০ বছৰীয়া সঞ্জু ঘাটোৱাৰ আৰু ৯ বছৰীয়া আমন কুৰ্মী বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা শিশুকেইটাৰ কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালৰ লোকসকল এতিয়া গভীৰ চিন্তাত পৰিছে। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে শিশুকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। ইফালে, দুৰ্ভগীয়া পৰিয়ালৰ তৰফৰ পৰা শিশুকেইটাৰ কিবা সম্ভেদ পালে ৯৩৬৫৪৫২৮০৪ নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।
Read More
অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা; ৪৬ খন আসনত জিকাৰ দাবীৰে নিৰ্বাচনী ৰণাঙ্গনত কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা; ৪৬ খন আসনত জিকাৰ দাবীৰে নিৰ্বাচনী ৰণাঙ্গনত কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এতিয়া সৃষ্টি হৈছে এক তীব্ৰ উত্তজনাৰ। নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী কংগ্ৰেছে ৪৬ খন আসনত জিকাৰ দাবী কৰিছে। প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰৰ মতে, যোৱা চাৰি মাহত দলৰ সাংগঠনিক স্থিতি লক্ষণীয়ভাৱে শক্তিশালী হৈ উঠিছে। বিজেপিয়ে কংগ্ৰেছক সংখ্যালঘু এলেকাত সীমাবদ্ধ থকা বুলি কৰা প্ৰচাৰক নস্যাৎ কৰি দলটোৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এতিয়া হ্ৰাস পাইছে সংখ্যালঘু প্ৰধান আসনৰ সংখ্যা। বৰ্তমান ৰাজ্যৰ মাত্ৰ ১৯ খন আসনতহে ৫০ শতাংশতকৈ অধিক মুছলমান ভোটাৰ আছে আৰু ইয়াৰে বেছিভাগ আসনতে কংগ্ৰেছে জয়ী হোৱাৰ আশা ৰাখিছে। ইয়াৰ উপৰি উজনি…
Read More
‘কেৰালা ষ্টৰী’ৰ পৰিচালক আৰু ‘চৰক’ৰ প্ৰযোজক সুদীপ্ত সেন : ‘মই বিতৰ্কৰ বাবে কেতিয়াও ছবি নিৰ্মাণ কৰা নাই, এয়া স্বতঃস্ফূৰ্তভাৱে হৈ পৰিল’

‘কেৰালা ষ্টৰী’ৰ পৰিচালক আৰু ‘চৰক’ৰ প্ৰযোজক সুদীপ্ত সেন : ‘মই বিতৰ্কৰ বাবে কেতিয়াও ছবি নিৰ্মাণ কৰা নাই, এয়া স্বতঃস্ফূৰ্তভাৱে হৈ পৰিল’

কেৰালা ষ্টৰী চিনেমাখনৰ পৰিচালক সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি 'চৰক'ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে, যিখন চিনেমাৰ প্ৰযোজকৰ দায়িত্বত আছে জনপ্ৰিয় পৰিচালকজন। 'চৰক'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰযোজক সুদীপ্ত সেনে নৱনিৰ্মিত চৰক ​​আৰু কেৰালা ষ্টৰী চিনেমাৰ বিতৰ্কৰ কথা দোহাৰে। উল্লেখ্য যে, বহুপ্ৰতীক্ষিত ছবিখন অহা ৬ মাৰ্চত ছবিগৃহত মুক্তি পাব। এই বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, "সঁচা কথা ক'বলৈ গ'লে, মই অন্তৰেৰে কোনো বিতৰ্কিত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ওলাই অহা নাছিলোঁ; মই কেৱল এনেকুৱা বিষয় বাছনি কৰোঁ, যিয়ে মোক সঁচাকৈয়ে বিচলিত আৰু চিন্তিত কৰে। মই কেতিয়াও দ্য কেৰালা ষ্টৰী চিনেমাখন ইচ্ছাকৃত বা কল্পকাহিনীৰ ৰূপত নিৰ্মাণৰ পৰিকল্পনা কৰা নাছিলোঁ। ২০১৪ চনত মই…
Read More
আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা

আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্ৰহণক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাই দেখা দিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ইৰানে বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইৰানৰ ফুটবল এছ’চিয়েচনৰ মুৰব্বী মেহদি তাজীয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত তেওঁলোকৰ দেশৰ বাবে আমেৰিকাৰ মাটিত খেলাটো প্ৰায় অসম্ভৱ। ৰাষ্ট্ৰীয় নিয়ন্ত্ৰিত এটা টেলিভিছন চেনেলৰ জৰিয়তে মেহদীয়ে কয়, "আমেৰিকাৰ আক্ৰমণ আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা অতি কম। অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ক্ৰীড়া কৰ্তৃপক্ষই ল’ব।" ইফালে, ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ খবৰে দেশখনৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে।…
Read More
শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য

শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য

বজালী জিলাৰ বঙালীপাৰাত অৱস্থিত ষ্টেলা মেৰিছ স্কুলত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ এগৰাকী কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক শৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। শিক্ষকগৰাকীয়ে কোনো কথাতে ক্ষুব্ধ হৈ ছাত্ৰজনক দেৱালত জোৰেৰে ঠেলা মাৰি দিয়াৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পায় কিশোৰজনে। আহত ছাত্ৰজনক লগে লগে চিকিৎসাৰ বাবে বজালী অসামৰিক হাস্পতাললৈ নিয়া হয় যদিও মূৰৰ আঘাত গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক মুছলপুৰৰ এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। অভিভাৱক আৰু স্থানীয় ৰাইজে দোষী শিক্ষকজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। ইফালে, ছাত্ৰজনৰ পৰিয়ালে…
Read More
কেৱল চাহেই নহয়, ঔদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কেৱল চাহেই নহয়, ঔদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম এতিয়া কেৱল চাহ উৎপাদনকাৰী ৰাজ্য হৈ থকা নাই, বৰঞ্চ দেশৰ এক বিচিত্ৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি অসমৰ নতুন পৰিচয়ৰ এক স্পষ্ট ছবি দাঙি ধৰে। কেৱল কৃষি নহয়, ছেমিকণ্ডাক্টৰৰ দৰে অত্যাধুনিক খণ্ডতো অসমে এতিয়া খোজ দিছে বুলি তেওঁ দাবী কৰে। সামাজিক মাধ্যম এক্সত এক প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ ঔদ্যোগিক ভেটি এতিয়া কেৱল চাহ উদ্যোগতে সীমাবদ্ধ নহয়। হাইড্ৰ’কাৰ্বন, উৎপাদন খণ্ড আৰু আতিথ্য খণ্ডৰ দৰে বিভিন্ন দিশত অসমৰ ঔদ্যোগিক পদচিহ্ন এতিয়া স্পষ্ট হৈ পৰিছে। তেওঁ লগতে কয়, "আপোনালোকে ভাবিছিল নেকি যে অসমে কেৱল চাহহে উৎপাদন কৰে? হয়,…
Read More