09
Sep
কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (চিএইউ), ইম্ফলে বুধবাৰে মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমিয়ামত অৱস্থিত স্নাতকোত্তৰ কৃষি বিজ্ঞান মহাবিদ্যালয়ত (চিপিজিএছএছ) "প্ৰাকৃতিক কৃষি: স্বাৱলম্বী কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পথ (এনচিএনএফ ২০২৬)" শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ শুভাৰম্ভ কৰে। এই সন্মিলনখন চিএইউ, ইম্ফলৰ উপাচাৰ্য ড° অনুপম মিশ্ৰৰ পৃষ্ঠপোষকতাত আৰু চিপিজিএছএএছৰ অধ্যক্ষ তথা এনচিএনএফ ২০২৬ৰ আয়োজক সম্পাদক অধ্যাপক দ্বীপেন্দ্ৰ ঠাকুৰীয়াৰ নিৰ্দেশনাত অনুষ্ঠিত হৈছে, য’ত দেশৰ আগশাৰীৰ কৃষি প্ৰতিষ্ঠান, গৱেষক, নীতি নিৰ্ধাৰক, উদ্যোগী, সম্প্ৰসাৰণ পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু কৃষকে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুজৰাট প্ৰাকৃতিক কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° চি কে…
